অসমীয়া মুরলি · Brahma Kumaris

অসমীয়া মুরলি · 24 ডিচেম্বৰ, 2024

ওম শান্তি · BapDada ·

আজিৰ মুরলি — today’s murli in Assamese, every morning.

18
মুরলি24 ডিচেম্বৰ, 2024 · অসমীয়া
0:00--:--

পাঠ বাছক → হাইলাইট / বক্স / আণ্ডাৰলাইন

24-12-2024
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
মধুবন।
“মৰমৰ সন্তানসকল – অপাৰ আনন্দ বা নিচাত থাকিবৰ বাবে দেহ-অভিমানৰ বেমাৰ ত্যাগ কৰি প্ৰীতি বুদ্ধিৰ হোৱা, নিজৰ চাল-চলন শুধৰোৱা"
প্ৰশ্ন: কোনসকল সন্তানৰ জ্ঞানৰ ওলোটা নিচা লাগিব নোৱাৰে?
উত্তৰ: যিসকলে পিতাক যথাৰ্থভাৱে জানি স্মৰণ কৰে, অন্তৰেৰে পিতাৰ মহিমা কৰে, যিসকলৰ পঢ়াৰ প্ৰতি পূৰা ধ্যান আছে তেওঁলোকৰ জ্ঞানৰ ওলোটা নিচা লাগিব নোৱাৰে। যিয়ে পিতাক সাধাৰণ বুলি ভাবে তেওঁলোকে পিতাক স্মৰণ কৰিব নোৱাৰে। যদি স্মৰণ কৰে তেন্তে পিতাক নিজৰ খবৰো নিশ্চয় জনাব। সন্তানসকলে নিজৰ খবৰ নজনালে তেতিয়া পিতাৰ খেয়াল চলে যে সন্তানটি ক’ৰবাত মূৰ্ছিত হৈতো যোৱা নাই?

ওঁম্ শান্তি। পিতাই বহি সন্তানসকলক বুজায় - সন্তানসকল, যেতিয়া কোনোবা নতুন ব্যক্তি আহে তেতিয়া তেওঁক প্ৰথমে হদ (লৌকিক) আৰু বেহদ (পাৰলৌকিক), দুজন পিতাৰ পৰিচয় দিয়া। বেহদৰ বাবা মানে বেহদৰ (গোটেই জগতৰ) আত্মাসকলৰ পিতা। সেই হদৰ পিতা, প্ৰত্যেক জীৱ আত্মাৰে বেলেগ বেলেগ। এই জ্ঞানো সকলোৱে একেদৰে ধাৰণ কৰিব নোৱাৰে। কোনোবাই এক শতাংশ, কোনোৱাই 95 শতাংশ ধাৰণ কৰে। এয়াতো বোধশক্তিৰ কথা, সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজবংশ নহ’ব জানো। ৰজা, ৰাণী তথা প্ৰজা। প্ৰজাত সকলো প্ৰকাৰৰ মনুষ্য থাকে। প্ৰজা মানেই হৈছে প্ৰজা। পিতাই বুজায় - এয়া হৈছে পঢ়া, প্ৰত্যেকে নিজৰ বুদ্ধি অনুসৰিহে পঢ়ে। প্ৰত্যেকেই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। যিয়ে কল্প পূৰ্বে যিমান জ্ঞান ধাৰণ কৰিছিল, সিমানেই এতিয়াও ধাৰণ কৰে। পঢ়া কেতিয়াও লুকাই থাকিব নোৱাৰে। পঢ়া অনুসৰি পদো প্ৰাপ্ত হয়। পিতাই বুজাইছে - আগলৈ গৈ পৰীক্ষা হ’ব। পৰীক্ষা অবিহনে স্থানান্তৰ হ’ব নোৱাৰে। গতিকে অন্তিম সময়ত সকলো জ্ঞাত হ’ব। কিন্তু এতিয়াও বুজিব পাৰা যে মই কোনটো পদৰ লায়ক হৈছোঁ? যদিও লাজ পোৱাৰ ভয়তে সকলোৱে হাত দাঙি দিয়ে কিন্তু বুজিব পাৰে, এনেকুৱা মই কেনেকৈ হ’ব পাৰিম! তথাপিও হাত দাঙি দিয়ে। ইয়াকো অজ্ঞান বুলিয়ে কোৱা হ’ব। পিতাইতো তৎক্ষণাৎ বুজি পায় যে এওঁতকৈতো অধিক বুদ্ধি লৌকিক বিদ্যাৰ্থীৰ আছে। তেওঁলোকে বুজি পায় যে মই বৃত্তি পোৱাৰ যোগ্য নহয়, উত্তীৰ্ণ নহ’ম। তেওঁলোকে বুজি পায়, শিক্ষকে যি পঢ়ায় তাত মই কিমান নম্বৰ ল’ম? এনেকৈ জানো ক’ব মই যে সন্মান সহকাৰে উত্তীৰ্ণ হ’ম। ইয়াততো কিছুমান সন্তানৰ ইমানখিনিও বুদ্ধি নাই, দেহ-অভিমান বহুত আছে। যদিও এয়া (দেৱতা) হ’বৰ কাৰণে আহিছে কিন্তু এনেকুৱা চলনো হোৱা উচিত নহয় জানো। পিতাই কয় বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি কিয়নো নিয়ম অনুসৰি পিতাৰ সৈতে প্ৰীতি নাই।

পিতাই তোমালোক সন্তানসকলক বুজায় যে বিনাশ কালত অপ্ৰিতিকৰ বুদ্ধি - ইয়াৰ যথাৰ্থ অৰ্থ কি? সন্তানেই পূৰা নুবুজিলে তেন্তে আকৌ আনক তেওঁলোকে কি বুজাব? পিতাক স্মৰণ কৰা - এইটো হ’ল গুপ্ত কথা। পঢ়াতো গুপ্ত নহয়। পঢ়াত ক্ৰমানুসৰি হয়। একেদৰে জানো পঢ়িব। বাবাই বুজি পায় এতিয়াতো শিশু হৈ আছে। এনেকুৱা বেহদৰ পিতাক তিনি-চাৰি মাহলৈকে স্মৰণো নকৰে। কেনেকৈ গম পোৱা যাব যে স্মৰণ কৰে? পিতালৈ পত্ৰও নিলিখে যে বাবা মই কেনেকৈ চলি আছোঁ, কি কি সেৱা কৰোঁ? পিতাৰ সন্তানসকলৰ কাৰণে কিমান চিন্তা হৈ থাকে যে সন্তানটি ক’ৰবাত মূৰ্ছিততো হৈ যোৱা নাই, ক’ৰবাত সন্তানটিৰ মৃত্যুতো হোৱা নাই? কোনোবাইতো বাবাক কিমান ভাল ভাল সেৱাৰ খবৰ লিখি জনাই থাকে। পিতায়ো বুজি পায়, সন্তানটি জীয়াই আছে। সেৱা কৰোঁতা সন্তানসকল কেতিয়াও লুকাই থাকিব নোৱাৰে। পিতাইতো প্ৰত্যেক সন্তানৰ অন্তৰ জিনি লয়। তেওঁ জানে যে কোনগৰাকী সন্তান কেনেকুৱা? দেহ-অভিমানৰ বেমাৰ বহুত কাঢ়া। বাবাই মুৰুলীত বুজায়, কিছুমানৰতো জ্ঞানৰ ওলোটা নিচা লাগি যায়, অহংকাৰ আহি যায় তেতিয়া স্মৰণো নকৰে, পত্ৰও নিলিখে। তেন্তে পিতায়ো স্মৰণ কেনেকৈ কৰিব? স্মৃতিৰে স্মৃতি প্ৰাপ্ত হয়। এতিয়া তোমালোক সন্তানসকলে পিতাক যথাৰ্থভাৱে জানি স্মৰণ কৰা, অন্তৰেৰে মহিমা গোৱা। কিছুমান সন্তানে পিতাক সাধাৰণ বুলি বুজি লয় সেই কাৰণে স্মৰণ নকৰে। বাবাই কোনো জাকজমকতা আদি দেখুৱাব জানো। ভগৱানুবাচ, মই তোমালোকক বিশ্বৰ ৰাজ্য দিবলৈ ৰাজযোগ শিকাওঁ। তোমালোকে জানো এনেকৈ বুজা যে আমি বিশ্বৰ বাদশ্বাহী ল’বলৈ বেহদৰ পিতাৰ পৰা পঢ়ি আছোঁ। যদি এইটো নিচা থাকে তেন্তে অপাৰ আনন্দত থাকিব। ‘গীতা’ পাঠ কৰোঁতাসকলে যদিও কয় - শ্ৰীকৃষ্ণ ভগৱানুবাচ, মই ৰাজযোগ শিকাওঁ কিন্তু তেওঁলোকৰ ৰাজ্য পোৱাৰ আনন্দ জানো থাকিব। ‘গীতা’ পঢ়ি পূৰা কৰিলে আৰু নিজৰ নিজৰ ধান্দাত গুচি গ’ল। তোমালোকৰতো এতিয়া বুদ্ধিত আছে যে আমাক বেহদৰ পিতাই পঢ়ায়। তেওঁলোকৰ বুদ্ধিত এয়া উদয় নহ’ব। সেয়েহে কোনোবা আহিলে তেতিয়া প্ৰথমে তেওঁক দুজন পিতাৰ পৰিচয় দিব লাগে। এনেকৈ কোৱা - ভাৰত স্বৰ্গ আছিল, এতিয়া নৰক। এয়া কলিযুগ, ইয়াক জানো স্বৰ্গ বুলি কোৱা হ’ব। এনেকৈতো নকয় যে সত্যযুগতো আছোঁ, কলিযুগতো আছোঁ। কাৰোবাৰ দুখ হ’লে তেতিয়া ক’ব নৰকত আছোঁ, কাৰোবাৰ সুখ হ’লে ক’ব স্বৰ্গত আছোঁ। এনেকৈ বহুতে কয় - দুখী মনুষ্য নৰকত আছে, মইতো বহুত সুখত বহি আছোঁ, মহল, গাড়ী আদি আছে, বুজি লয় মইতো স্বৰ্গতে আছোঁ। স্বৰ্ণিম যুগ, কলিযুগ একেই কথা।

গতিকে পোন-প্ৰথমতে দুজন পিতাৰ কথা বুদ্ধিত ধাৰণ কৰাব লাগে। পিতাইহে স্বয়ং নিজৰ পৰিচয় দিয়ে। তেওঁ সৰ্বব্যাপি কেনেকৈ হ’ব পাৰে? লৌকিক পিতাক জানো সৰ্বব্যাপি বুলি ক’বা? এতিয়া তোমালোকে চিত্ৰত দেখুওৱা আত্মা আৰু পৰমাত্মাৰ ৰূপতো একেই, তাত পাৰ্থক্য নাই। আত্মা আৰু পৰমাত্মা কোনো সৰু-ডাঙৰ নহয়। সকলো আত্মাই হয় আৰু তেৱোঁ আত্মা। তেওঁ সদায় পৰমধামত থাকে সেই কাৰণে তেওঁক পৰম আত্মা বুলি কোৱা হয়। কেৱল তোমালোক আত্মাসকল যেনেকৈ আহা তেনেকৈ তেওঁ নাহে। মই অন্তিম সময়ত আহি এই দেহত প্ৰৱেশ কৰোঁ। এই কথাবোৰ কোনো বাহিৰৰ লোকে বুজি পাব নোৱাৰে। একেবাৰে সহজ কথা। পাৰ্থক্য মাথো ইমানেই যে পিতাৰ সলনি বৈকুণ্ঠৰ নিবাসী শ্ৰীকৃষ্ণৰ নাম দি দিলে। শ্ৰীকৃষ্ণই জানো বৈকুণ্ঠৰ পৰা নৰকলৈ আহি ৰাজযোগ শিকালে? শ্ৰীকৃষ্ণই কেনেকৈ ক’ব পাৰিব যে দেহ সহিত সকলো পাহৰি মামেকম (কেৱল মোক) স্মৰণ কৰা। দেহধাৰীৰ স্মৃতিৰে পাপ কেনেকৈ খণ্ডন হ’ব। শ্ৰীকৃষ্ণতো এটি শিশু আৰু ক’ত মই সাধাৰণ মনুষ্যৰ বৃদ্ধ শৰীৰত আহোঁ। কিমান পাৰ্থক্য হৈ গ’ল। এইটো গুৰুতৰ ভুলৰ কাৰণে সকলো মনুষ্য পতিত, কঙাল হৈ গ’ল। ময়ো সৰ্বব্যাপি নহওঁ, শ্ৰীকৃষ্ণও সৰ্বব্যাপি নহয়। প্ৰত্যেক শৰীৰত আত্মা সৰ্বব্যাপি আছে। মোৰতো নিজৰ শৰীৰো নাই। প্ৰত্যেক আত্মাৰে নিজা-নিজা শৰীৰ আছে। নাম প্ৰতিটো শৰীৰৰ বেলেগ বেলেগ হয়। মোৰ শৰীৰো নাই আৰু মোৰ শৰীৰৰো কোনো নাম নাই। মইতো বৃদ্ধ শৰীৰ লওঁ সেয়েহে এওঁৰ নাম সলাই ব্ৰহ্মা ৰাখিছোঁ। মোৰতো নাম ব্ৰহ্মা নহয়। মোক সদা শিৱ বুলি কয়। ময়েই সকলোৰে সৎগতি দাতা। আত্মাক সকলোৰে সৎগতি দাতা বুলি কোৱা নহয়। পৰমাত্মাৰ জানো কেতিয়াবা দুৰ্গতি হয়? আত্মাৰহে দুৰ্গতি আৰু আত্মাৰহে সৎগতি হয়। এয়া সকলো বিচাৰ সাগৰ মন্থন কৰিবলগীয়া কথা। নহ’লে অন্যক কেনেকৈ বুজাবা। কিন্তু মায়া ইমান শক্তিশালী যে সন্তানসকলৰ বুদ্ধিৰ উত্থান হ’ব নিদিয়ে। গোটেই দিন পৰচৰ্চাতে সময় নষ্ট কৰি দিয়ে। পিতাৰ পৰা আঁতৰাই নিবলৈ মায়াই কিমান প্ৰয়াস কৰে। আকৌ কিছুমান সন্তান ভাগি পৰে। পিতাক স্মৰণ নকৰাৰ বাবে অৱস্থা অবিচলিত হ’ব নোৱাৰে। পিতাই বাৰে বাৰে থিয় কৰাই দিয়ে, মায়াই বগৰাই দিয়ে। পিতাই কয় - কেতিয়াও পৰাজিত হ’ব নালাগে। কল্পই কল্পই এনেকুৱা হয়, কোনো নতুন কথা নহয়। মায়াজিৎ অন্তিম সময়ত হৈয়ে যাবাগৈ। ৰাৱণৰ ৰাজ্য অন্ততো হ’বই। পুনৰ আমি নতুন সৃষ্টিত ৰাজ্য কৰিম। কল্পই কল্পই মায়াজিৎ হৈছোঁ। অনেক বাৰ নতুন সৃষ্টিত ৰাজ্য কৰিছোঁ। পিতাই কয় - বুদ্ধিক সদায় ব্যস্ত কৰি ৰাখা তেতিয়া সদায় সুৰক্ষিত হৈ থাকিবা। ইয়াকে স্বদর্শন চক্ৰধাৰী বুলি কোৱা হয়। বাকী ইয়াত কোনো হিংসাৰ কথা নাই। ব্ৰাহ্মণেই স্বদর্শন চক্ৰধাৰী হয়। দেৱতাসকলক স্বদর্শন চক্ৰধাৰী বুলি কোৱা নহ’ব। পতিত সৃষ্টিৰ নীতি-নিয়ম আৰু দেৱী-দেৱতাসকলৰ নীতি-নিয়মৰ মাজত পাৰ্থক্য আছে। মৃত্যুলোকৰ লোকসকলেই পতিত-পাৱন পিতাক আহ্বান জনায়, আমাক পতিতসকলক আহি পাৱন কৰি তোলক। পৱিত্ৰ সৃষ্টিলৈ লৈ ব’লক। তোমালোকৰ বুদ্ধিত আছে যে আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে নতুন পৱিত্ৰ সৃষ্টি আছিল, যাক সত্যযুগ বুলি কোৱা হয়। ত্ৰেতাক নতুন সৃষ্টি বুলি কোৱা নহয়। পিতাই বুজাইছে - সেইখন (সত্যযুগ) হৈছে প্ৰথম শ্রেণীৰ, সেইখন (ত্ৰেতা) হৈছে দ্বিতীয় শ্ৰেণীৰ। এটি এটি কথা ভালদৰে ধাৰণ কৰিব লাগে যাতে কোনোবা আহি শুনিলে আচম্বিত হৈ যায়। কিছুমান আচম্বিতো হয়, কিন্তু আজৰি নাই যে পুৰুষাৰ্থ কৰিব। আকৌ শুনিবলৈ পায় যে পৱিত্ৰ নিশ্চয় হ’ব লাগে। এই কাম বিকাৰেই মনুষ্যক পতিত কৰি তোলে, ইয়াৰ ওপৰত জয়ী হ’লেই তোমালোক জগতজিৎ হৈ যাবা। কিন্তু কাম বিকাৰ যেন তেওঁলোকৰ পুঁজি, সেই কাৰণে সেই কথাষাৰ নকয়। কেৱল কয় মনক বশ কৰা। কিন্তু মন অমন (সংকল্প ৰহিত) তেতিয়াহে হ’ব যেতিয়া শৰীৰত নাথাকিব। বাকী মন অমনতো কেতিয়াও নহয়েই। দেহ পোৱা যায় কৰ্ম কৰিবলৈ তেন্তে আকৌ কৰ্মাতীত অৱস্থাত কেনেকৈ থাকিবা? মৃতকৰ ক্ষেত্ৰত কৰ্মাতীত অৱস্থা বুলি কোৱা হয়। জীৱন্তে মৃত অথবা দেহৰ পৰা উৰ্দ্ধত। পিতাই তোমালোকক শৰীৰ পৰা উৰ্দ্ধত যোৱাৰ পাঠ পঢ়ায়। শৰীৰ পৰা আত্মা পৃথক। আত্মা পৰমধামৰ নিবাসী। আত্মা শৰীৰত আহে তেতিয়া তাক মনুষ্য বুলি কোৱা হয়। শৰীৰ কৰ্ম কৰিবৰ বাবেই পোৱা যায়। এটা শৰীৰ ত্যাগ কৰি পুনৰ কৰ্মৰ বাবে অন্য শৰীৰ লয়। শান্তিতো তেতিয়াহে হ’ব যেতিয়া শৰীৰত নাথাকে। মুলধামত কৰ্ম নাথাকে। সূক্ষ্মবতনৰতো কথাই নাই। সৃষ্টিৰ চক্ৰ ইয়াতেই পুনৰাবৃত্তি হয়। পিতা আৰু সৃষ্টি চক্ৰক জনা, ইয়াকে জ্ঞান বুলি কোৱা হয়। সূক্ষ্মধামত শুভ্ৰ বস্ত্ৰধাৰী, সুশোভিত, নতুবা সাপৰ মালা পিন্ধি থকা শংকৰ আদি নাথাকে। বাকী ব্ৰহ্মা আৰু বিষ্ণুৰ ৰহস্য পিতাই বুজাই থাকে। ব্ৰহ্মা ইয়াত আছে। বিষ্ণুৰ দুটি ৰূপো ইয়াতেই আছে। সেয়া মাথো সাক্ষাৎকাৰৰ ভূমিকা ড্ৰামাত আছে, যিটো দিব্য দৃষ্টিৰে দেখা পোৱা যায়। কুদৃষ্টিৰে পৱিত্ৰ বস্তু দেখা পোৱা নাযায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) নিজে নিজক সদায় সুৰক্ষিত কৰি ৰাখিবৰ বাবে বুদ্ধি বিচাৰ সাগৰ মন্থনত ব্যস্ত কৰি ৰাখিব লাগে। স্বৰ্দশন চক্ৰধাৰী হৈ থাকিব লাগে। পৰচৰ্চাত নিজৰ সময় নষ্ট কৰিব নালাগে।

(2) পিতাই শৰীৰ পৰা উৰ্দ্ধত থকাৰ যি পাঠ পঢ়ায়, সেয়া পঢ়িব লাগে। মায়াৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ বাবে নিজৰ অৱস্থা অবিচলিত কৰি তুলিব লাগে।

বৰদান: পিতা ব্ৰহ্মাৰ সমান লক্ষ্যক লক্ষণত ধাৰণ কৰোঁতা প্ৰত্যক্ষ উদাহৰণ হৈ সকলোৰে সহযোগী হোৱা
যেনেকৈ পিতা ব্ৰহ্মাই নিজক নিমিত্ত উদাহৰণ কৰিলে, সদায় এইটো লক্ষ্য লক্ষণত ধাৰণ কৰিলে যে যিয়ে আৰ্জে তেৱেঁই অৰ্জুন, ইয়াৰ দ্বাৰাই এক নম্বৰ হ’ল তেনেকৈ পিতাক অনুসৰণ কৰা। কৰ্মৰ দ্বাৰা সদায় নিজৰ জীৱনত গুণমূৰ্ত হৈ, প্ৰত্যক্ষ উদাহৰণ হৈ আনক সহজে গুণ ধাৰণ কৰাত সহযোগ দিয়া - ইয়াকে গুণদান বুলি কোৱা হয় । দানৰ অৰ্থই হৈছে সহযোগ দিয়া। যিকোনো আত্মাই এতিয়া শুনাৰ সলনি প্ৰত্যক্ষ প্ৰমাণ চাব বিচাৰে। গতিকে প্ৰথমে নিজক গুণমূৰ্ত কৰি তোলা।
শ্লোগান: সকলোৰে নিৰাশাৰ অন্ধকাৰ দূৰ কৰোঁতাজনেই জ্ঞান দীপক।

!! ওঁম্ শান্তি !!

সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সদায় সকলো পৰিস্থিতিত, পৰিস্থিতি সলনি হওঁক কিন্তু স্থিতি যাতে সলনি নহয়। স্থিতি সদায় সম্পদেৰে সম্পন্ন আৰু সন্তুষ্ট হৈ থাকিলে তেতিয়া পৰিস্থিতি আহিব আৰু আঁতৰি যাব। পৰিস্থিতিৰ কি শক্তি আছে যে তোমালোকৰ সন্তুষ্টতা কাঢ়ি লৈ যাব! পৰিস্থিতিৰ খেলা লাগিলে চোৱা কিন্তু সাক্ষী হৈ, সন্তুষ্টতাৰ আসনত বহি চোৱা।

মুরলি কি?

মুরলি হৈছে ব্ৰহ্মাকুমাৰীসকলৰ দৈনিক আধ্যাত্মিক শিক্ষা, যি প্ৰতিদিনে ৰাতিপুৱা মধুবনৰ পৰা প্ৰকাশিত হয়। ইয়াত আপুনি আজিৰ মুরলি অসমীয়াত পঢ়িব, অডিঅ' শুনিব আৰু PDF ডাউনলোড কৰিব পাৰে। অধ্যয়নত সহায়ৰ বাবে পাঠত হাইলাইট কৰিব পাৰে — আপোনাৰ চিন এই ব্ৰাউজাৰতে সুৰক্ষিত থাকে।

28টা ভাষাত মুরলি

Daily Murli · Madhuban উৎস: মধুবন মুরলি বিভাগ এইটো এটা স্বতন্ত্ৰ পাঠক এপ, আনুষ্ঠানিক ৱেবছাইট নহয়।