অসমীয়া মুরলি · Brahma Kumaris

অসমীয়া মুরলি · 25 ফেব্ৰুৱাৰী, 2025

ওম শান্তি · BapDada ·

আজিৰ মুরলি — today’s murli in Assamese, every morning.

18
মুরলি25 ফেব্ৰুৱাৰী, 2025 · অসমীয়া
0:00--:--

পাঠ বাছক → হাইলাইট / বক্স / আণ্ডাৰলাইন

25-02-2025
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
মধুবন।
“মৰমৰ সন্তানসকল – সকলোকে এইটো শুভ সংবাদ দিয়া যে ভাৰত এতিয়া পুনৰাই স্বৰ্গ হৈ আছে, স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতাৰ আগমন হৈছে"
প্ৰশ্ন: যিসকল সন্তানৰ স্বৰ্গৰ মালিক হোৱাৰ আনন্দ আছে তেওঁলোকৰ লক্ষণ কি হ’ব?
উত্তৰ: তেওঁলোকৰ কোনোধৰণৰ দুখৰ অনুভূতি হ’ব নোৱাৰে। তেওঁলোকৰ নিচা থাকিব যে মইতো বহুত ডাঙৰ মানুহ, মোক বেহদৰ পিতাই এনেকুৱা (লক্ষ্মী-নাৰায়ণ) কৰি তোলে। তেওঁলোকৰ চাল-চলন বহুত মাৰ্জিত হ'ব। তেওঁলোকে আনক শুভ সংবাদ নিদিয়াকৈ থাকিব নোৱাৰিব।

ওঁম্ শান্তি। পিতাই বুজায় আৰু সন্তানসকলে জানে যে বিশেষকৈ ভাৰত আৰু সাধাৰণভাৱে গোটেই জগতৰ সকলোলৈকে এইটো বাৰ্তা প্ৰেৰণ কৰিব লাগে। তোমালোক সকলো হৈছা বাৰ্তাবাহক, বহুত আনন্দৰ বাৰ্তা সকলোকে দিব লাগে যে ভাৰত এতিয়া পুনৰাই স্বৰ্গ হৈ আছে অথবা স্বৰ্গ স্থাপনা হৈ আছে। ভাৰতত পিতা যাক স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা বুলি কয়, তেৱেঁই স্থাপনা কৰিবলৈ আহিছে। তোমালোক সন্তানসকলৰ প্ৰতি নিৰ্দেশনা আছে যে এইটো শুভ সংবাদ সকলোকে যথা ৰীতিৰে দিয়া। প্ৰত্যেকৰে নিজৰ ধৰ্মৰ চিন্তা থাকে। তোমালোকৰো চিন্তা আছে, তোমালোকে শুভ সংবাদ দিয়া, ভাৰতৰ সূৰ্যবংশী দেৱী-দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা হৈ আছে অৰ্থাৎ ভাৰত পুনৰ স্বৰ্গ হৈ আছে। এইটোও আন্তৰিক আনন্দ থাকিব লাগে - আমি এতিয়া স্বৰ্গৰ মালিক হৈ আছোঁ। যিসকলৰ এইটো আন্তৰিক আনন্দ আছে তেওঁলোকৰ কোনোধৰণৰ দুখ হ’ব নোৱাৰে। এয়াতো সন্তানসকলে জানে যে নতুন সৃষ্টি স্থাপনা হওঁতে অসুবিধাও হয়। অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়। সন্তানসকলৰ সদায় এইটো স্মৃতিত থাকিব লাগে - আমি ভাৰতক বেহদৰ শুভ সংবাদ দিওঁ। যেনেকৈ বাবাই পত্ৰিকা ছপাইছে – ভাই-ভনীসকল আহি এই শুভ সংবাদটি শুনা। গোটেই দিন খেয়াল চলি থাকে যে কেনেকৈ সকলোকে এইটো সংবাদ দিওঁ। বেহদৰ পিতা বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ চাই গোটেই দিন হর্ষিত হৈ থাকিব লাগে। তোমালোকতো বহুত ডাঙৰ মানুহ সেয়েহে তোমালোকৰ কোনোধৰণৰ জংঘলী চাল-চলন থাকিব নালাগে। তোমালোকে জানা যে আমি বান্দৰতকৈও নিকৃষ্ট আছিলোঁ। এতিয়া বাবাই আমাক এনেকুৱা (দেৱী-দেৱতা) কৰি তোলে। তেনেহ'লে কিমান আনন্দিত হ’ব লাগে। কিন্তু আচৰিত কথা সন্তানসকলৰ সেই আনন্দ নাথাকে। আৰু সিমান উৎসাহেৰে সকলোকে শুভ সংবাদো নিদিয়ে। পিতাই তোমালোকক বাৰ্তাবাহক কৰিছে। সকলোৰে কাণত এইটো সংবাদ দি থাকা। ভাৰতবাসীয়ে এইটো নাজানেই যে আমাৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম কেতিয়া ৰচা হ’ল? আকৌ ক’লৈ গ’ল? এতিয়াতো কেৱল চিত্ৰহে আছে। বাকী সকলো ধৰ্ম আছে মাত্ৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম নাই। ভাৰততে চিত্ৰ আছে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে। গতিকে তোমালোকে সকলোকে এইটো শুভ সংবাদ শুনোৱা তেতিয়া তোমালোকো ভিতৰি আনন্দিত হৈ থাকিবা। প্ৰদৰ্শনীত তোমালোকে এইটো শুভ সংবাদ নিদিয়া জানো। বেহদৰ পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লোৱা। এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক হয় নহয়। আকৌ তেওঁলোক ক’লৈ গ’ল? এয়া কোনেও বুজি নাপায় সেয়েহে কোৱা হয় - চেহেৰা মনুষ্যৰ, চৰিত্ৰ বান্দৰৰ দৰে। এতিয়া তোমালোকৰ চেহেৰা মনুষ্যৰ, চৰিত্ৰ দেৱতাৰ নিচিনা হৈ আছে। তোমালোকে জানা যে আমি পুনৰ সৰ্বগুণ সম্পন্ন হৈ যাওঁ। আকৌ আনকো এইটো পুৰুষাৰ্থ কৰাব লাগে। প্ৰদৰ্শনীৰ সেৱাতো বহুত ভাল। যাৰ গৃহস্থালিৰ বন্ধন নাই, বানপ্ৰস্থী বা বিধৱা অথবা কুমাৰী, সেইসকলৰ সেৱাৰ বহুত সুযোগ আছে। সেৱাত লাগি যাব লাগে। এই সময়ত বিয়া কৰোৱা মানে নিজকে ধ্বংস কৰা, বিয়া নকৰোৱা মানে কুশলে থকা। পিতাই কয়, এই মৃত্যুলোক পতিত সৃষ্টিৰ বিনাশ হৈ আছে। তোমালোক পাৱন সৃষ্টিলৈ যাব লাগে গতিকে এই সেৱাত লাগি যোৱা উচিত। প্ৰদৰ্শনীৰ পাছত প্ৰদৰ্শনী কৰিব লাগে। যিসকল সেৱাধাৰী সন্তান তেওঁলোকৰ সেৱাৰ ভাল চখ থাকে। বাবাক কোনো কোনোৱে সোধে - আমি (লৌকিকৰ) সেৱা এৰি দিওঁনে? বাবাই চায় – লায়ক হ’লে ছুটী দিয়ে, সেৱা কৰা বাৰু। এনে শুভ সংবাদ সকলোকে দিব লাগে। পিতাই কয় - নিজৰ ৰাজ্য-ভাগ্য আহি লোৱাহি। তোমালোকে 5 হাজাৰ বছৰ পূৰ্বে ৰাজ্য-ভাগ্য লৈছিলা, এতিয়া পুনৰ লোৱা। মাত্ৰ মোৰ মতত চলা।

চাব লাগে - মোৰ মাজত কি কি অৱগুণ আছে? তোমালোকে এই বেজৰ ওপৰততো বহুত সেৱা কৰিব পাৰা, এইটো অতি উত্তম বস্তু। যদিও পাই-পইচাৰ বস্তু কিন্তু ইয়াৰ দ্বাৰা কিমান উচ্চ পদ পাব পাৰি। মনুষ্যই পঢ়িবৰ বাবে কিতাপ আদিত কিমান খৰচ কৰে। ইয়াত কিতাপ আদিৰতো কথা নাই। মাত্ৰ সকলোৰে কাণত সংবাদ দিব লাগে, এয়া হ’ল পিতাৰ সঁচা মন্ত্ৰ। বাকীতো সকলোৱে মিছা মন্ত্ৰ দি থাকে। মিছা বস্তুৰ মূল্য জানো থাকে। মূল্য হীৰাৰহে থাকে, পাথৰৰ নাথাকে। এয়া যি গায়ন আছে যে এটি এটি বচন লাখ টকা মূল্যৰ, সেয়া এই জ্ঞানৰ ক্ষেত্ৰত কোৱা হয়। পিতাই কয় - শাস্ত্ৰতো অনেক আছে। তোমালোকে আধাকল্প পঢ়ি আহিছা, তাৰ পৰা একো নাপালা। এতিয়া তোমালোকক জ্ঞান ৰত্ন দিয়ে। তেওঁলোক হ’ল শাস্ত্ৰৰ হৰ্তা-কৰ্তা। পিতাতো হৈছে জ্ঞানৰ সাগৰ। তেওঁৰ এটি এটি বচন লাখ-কোটি টকা মূল্যৰ। তোমালোক বিশ্বৰ মালিক হোৱা। পদমপতি হৈ যোৱা। এই জ্ঞানৰহে মহিমা আছে। সেই শাস্ত্ৰ আদি পঢ়িতো কঙাল হৈ গ’লা। সেয়েহে এতিয়া এই জ্ঞান ৰত্নৰ দানো কৰিব লাগে। পিতাই বহুত সহজ যুক্তি বুজায়। এনেকৈ কোৱা - নিজৰ ধৰ্ম এৰি আপোনালোকে বাহিৰত হাবাথুৰি খাই ফুৰে। আপোনালোক ভাৰতবাসীৰ আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল, সেই ধৰ্ম ক’লৈ গ’ল? 84 লাখ যোনি বুলি কোৱা বাবে কোনো কথা বুদ্ধিত ধাৰণ নহয়। এতিয়া পিতাই বুজায় - তোমালোক আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিলা আকৌ 84 জন্ম ল’লা। এই লক্ষ্মী-নাৰায়ণ আদি সনাতন দেৱ-দেৱী ধৰ্মৰ নহয় জানো। এতিয়া ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ গ’ল। অন্য সকলো ধৰ্ম আছে, এই আদি সনাতন ধৰ্মহে নাই। যেতিয়া এইটো ধৰ্ম আছিল তেতিয়া বেলেগ ধৰ্ম নাছিল। কিমান সহজ। এয়া পিতা, এয়া দাদা। প্ৰজাপিতা ব্ৰহ্মা আছে যেতিয়া নিশ্চয় বি. কে. অনেক হ’ব নহয়। পিতা আহি ৰাৱণৰ কাৰাগাৰৰ পৰা, শোকৰ বাগিচাৰ পৰা মুক্ত কৰে। শোকৰ বাগিচাৰ অৰ্থও কোনেও বুজি নাপায়। পিতাই কয় - এইখন শোকৰ, দুখৰ সৃষ্টি। সেইখন হ’ল সুখৰ সৃষ্টি। তোমালোকে নিজৰ শান্তি আৰু সুখৰ সৃষ্টিক স্মৰণ কৰি থাকিবা। ‘ইনক’ৰপ’ৰিয়েল ৱল্ড’ (নিৰাকাৰী সৃষ্টি) বুলি কয় নহয়। ইংৰাজী শব্দবোৰ বৰ ধুনীয়া। ইংৰাজীতো প্ৰচলিত হৈয়ে থাকে। এতিয়াতো অনেক ভাষা হৈ গ’ল। মনুষ্যই একোৱে বুজি নাপায় - এতিয়া নিৰ্গুণ বাল্য সংস্থা…… বুলি কয়। নিৰ্গুণ অৰ্থাৎ কোনো গুণ নাই। এনেয়ে সংস্থা গঠন কৰি দিছে। ‘নিৰ্গুণ’ৰ অৰ্থও বুজি নাপায়। অৰ্থ নজনাকৈয়ে নাম ৰাখি দিয়ে। অলেখ সংস্থা আছে। ভাৰতত এটাই আদি সনাতন দেৱ-দেৱীৰ ধৰ্মৰ সংস্থা আছিল, আৰু কোনো ধৰ্ম নাছিল। কিন্তু মনুষ্যই 5 হাজাৰ বছৰৰ পৰিৱৰ্তে কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে। গতিকে তোমালোকে সকলোকে এই অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত কৰিব লাগে। সেৱা কৰিব লাগে। যদিও এই ড্ৰামা পূৰ্ব নিৰ্ধাৰিত কিন্তু শিৱবাবাৰ যজ্ঞৰ পৰা খোৱা-বোৱা কৰি সেৱা নকৰিলে ধৰ্মৰজা, যি সোঁহাত স্বৰূপ তেওঁ নিশ্চয় শাস্তি দিব, সেইকাৰণে সাৱধান কৰি দিয়া হয়। সেৱা কৰাতো বহুত সহজ। মৰমেৰে যিকোনো লোককে বুজাই থাকা। পিতাৰ ওচৰলৈ কোনো কোনোৰ খবৰ আহে যে আমি মন্দিৰলৈ গ’লোঁ, গঙ্গাৰ ঘাটলৈ গ’লোঁ। ৰাতিপুৱা উঠি মন্দিৰলৈ যায়, ধাৰ্মিক মনৰসকলক বুজাবলৈ সহজ হ’ব। সকলোতকৈ ভাল লক্ষ্মী-নাৰায়ণৰ মন্দিৰত সেৱা কৰা। বাৰু, আকৌ তেওঁলোকক এনেকৈ গঢ়ি তোলোঁতাজন হৈছে শিৱবাবা, এনেকৈ তাত গৈ বুজোৱা। জংঘলত জুই লাগিব, এই সকলোবিলাক শেষ হৈ যাব তাৰ পাছত তোমালোকৰো ভূমিকা পূৰা হ’ব। তোমালোক গৈ ৰজাৰ কুলত জন্ম ল’বাগৈ। ৰাজ্য কেনেকৈ পোৱা যায়, সেয়া আগলৈ গৈ গম পাবা। ড্ৰামাত জানো প্ৰথমেই সকলো শুনাই দিয়ে। তোমালোকে জানি যাবা যে আমি কি পদ পামগৈ। বেছিকৈ দান পুণ্য কৰাসকল ৰাজকীয় পৰিয়ালত জন্ম লয় নহয়। ৰজাৰ ওচৰত ধন বহুত থাকে। এতিয়া তোমালোকে অবিনাশী জ্ঞান ৰত্ন দান কৰা।

ভাৰতবাসীৰ বাবেই এই জ্ঞান। কোৱা - আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে, পতিতৰ পৰা পাৱন কৰি তোলোঁতা পিতা আহিছে। পিতাই কয় - মোক স্মৰণ কৰা, কিমান সহজ। কিন্তু বুদ্ধি ইমানেই তমোপ্রধান যে একোৱেই ধাৰণ নহয়। বিকাৰৰ প্ৰৱেশতা হৈ আছে। জন্তুও ভিন্ন ভিন্ন প্ৰকাৰৰ থাকে, কিছুমানৰ ক্ৰোধ বহুত বেছি। প্ৰত্যেক জন্তুৰ স্বভাৱ বেলেগ বেলেগ। দুখ দিয়াৰ ভিন্ন ভিন্ন স্বভাৱ থাকে। সৰ্বপ্ৰথম দুখ দিয়া বিকাৰ হ’ল কাম-কটাৰী চলোৱা। ৰাৱণৰাজ্যত এই বিকাৰবোৰৰেই ৰাজ্য। পিতাইতো নিতৌ বুজাই থাকে, কিমান ভাল ভাল কন্যা আছে, বেচেৰীহঁত কাৰাগাৰত বন্দী হৈ আছে, যাক বান্ধোনত থাকোঁতা বুলি কোৱা হয়। বাস্তৱত তেওঁলোকৰ যদি জ্ঞানৰ চৰম সীমা প্ৰাপ্ত কৰে তেতিয়া কোনেও তেওঁলোকক ধৰি ৰাখিব নোৱাৰিব। কিন্তু মোহৰ বান্ধোন বহুত আছে। সন্ন্যাসীসকলৰো ঘৰ-সংসাৰ স্মৃতিলৈ আহে, বহুত কষ্টৰে সেই বান্ধোন চিঙে। এতিয়া তোমালোকেতো মিত্ৰ-সম্বন্ধীয় আদি সকলোকে পাহৰিব লাগে কিয়নো এই পুৰণি সৃষ্টিখনেই এতিয়া শেষ হৈ যাব। এই শৰীৰকো পাহৰি যাব লাগে। নিজক আত্মা বুলি বুজি বাবাক স্মৰণ কৰিব লাগে। পৱিত্ৰ হ’ব লাগে। 84 জন্মৰ ভূমিকাতো পালন কৰিবই লাগে। মাজতেতো কোনো গুচি যাব নোৱাৰে। এতিয়া নাটক পূৰা হয়। তোমালোক সন্তানসকল বহুত আনন্দিত হ’ব লাগে। এতিয়া আমি নিজৰ ঘৰলৈ যাব লাগে। ভূমিকা পূৰা হ’ল, উৎকণ্ঠা থাকিব লাগে - বাবাক বহুত স্মৰণ কৰোঁ। স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ’ব। ঘৰলৈ গৈ আকৌ সুখধামলৈ আহিম। কোনোৱে ভাবে সোনকালে এইখন সৃষ্টিৰ পৰা যাওঁ। কিন্তু যাব ক'লৈ? প্ৰথমেতো উচ্চ পদ পাবলৈ যত্ন কৰিব লাগে। প্ৰথমে নিজৰ নাড়ীৰ স্পন্দন চাব লাগে - মই কিমানলৈকে লায়ক হৈছোঁ? স্বৰ্গলৈ গৈ কি কৰিম? প্ৰথমেতো লায়ক হ’ব লাগে নহয়। পিতাৰ সুসন্তান হ'ব লাগে। এই লক্ষ্মী-নাৰায়ণ সুসন্তান লায়ক হয় নহয়। সন্তানসকলক দেখি ভগৱানেও কয় - এওঁ বৰ ভাল, সেৱা কৰাৰ লায়ক হয়। কাৰোবাৰ বাবেতো ক’ব - এওঁ লায়ক নহয়। অকাৰণতে নিজৰ পদ ভ্ৰষ্ট কৰি দিয়ে। পিতাইতো সঁচা কথাই কয়। আহ্বানো জনায় - পতিত পাৱন আহক, আহি সুখধামৰ মালিক কৰি তোলক। অপাৰ সুখ নিবিচাৰে জানো। সেয়েহে পিতাই কয় - অলপতো সেৱা কৰাৰ লায়ক হোৱা। যিসকল মোৰ ভক্ত, তেওঁলোকক এইটো শুভ সংবাদ দিয়া যে এতিয়া শিৱবাবাই উত্তৰাধিকাৰ দি আছে। তেওঁ কয় - মোক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা তেতিয়া পৱিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। এই পুৰণি সৃষ্টিত জুই লাগি আছে। সন্মুখত লক্ষ্য-উদ্দেশ্য দেখিলে বহুত আনন্দিত হোৱা যায় - আমি এনেকুৱা হ’ব লাগে। গোটেই দিন যদি বুদ্ধিত এইটো স্মৃতি থাকে তেন্তে কেতিয়াও কোনো চয়তানী কাম নহ’ব। আমি এনেকুৱা হৈ আছোঁ আকৌ এনেকুৱা ওলোটা কাম কেনেকৈ কৰিব পাৰোঁ? কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে এনেকুৱা যুক্তিও ৰচনা নকৰে, নিজৰ উপাৰ্জন নকৰে। উপাৰ্জন কিমান ভাল। ঘৰত বহিয়ে সকলোৱে নিজৰ উপাৰ্জন কৰিব লাগে আকৌ তাৰ পাছত আনকো কৰাব লাগে। ঘৰত বহিয়ে এই স্বদৰ্শন চক্ৰ ঘূৰোৱা, আনকো স্বদৰ্শন চক্ৰধাৰী কৰি তুলিব লাগে। যিমানে অনেকক গঢ়ি তুলিবা সিমানে তোমালোকৰ পদ উচ্চ হ’ব। এই লক্ষ্মী-নাৰায়ণৰ নিচিনা হ’ব পাৰিবা, লক্ষ্য-উদ্দেশ্য হৈছেই এইটো। হাতো সকলোৱে সূৰ্যবংশী হ'বলৈকে দাঙে। এই চিত্ৰও প্ৰদৰ্শনীত বহুত কামত আহিব পাৰে। ইয়াৰ ওপৰত বুজাব লাগে। আমাকতো উচ্চতকৈও উচ্চ পিতাই যি শুনায় সেয়াই শুনোঁ। ভক্তিমাৰ্গৰ কথা শুনাতো আমি পচন্দ নকৰোঁ। এই চিত্ৰতো বহুত ভাল বস্তু। ইয়াৰ ওপৰত তোমালোকে বহুত সেৱা কৰিব পাৰা। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) নিজৰ নাড়ীৰ স্পন্দন (স্থিতি) চাব লাগে যে মই কিমানলৈকে লায়ক হৈছোঁ? লায়ক হৈ সেৱাৰ প্ৰমাণ দিব লাগে। জ্ঞানৰ পৰাকাষ্ঠাৰে বন্ধন মুক্ত হ'ব লাগে।

(2) এজন পিতাৰ মতত চলি ভিতৰৰ পৰা অৱগুণবোৰ আঁতৰাব লাগে। দুখদায়ী স্বভাৱ এৰি সুখদায়ী হ’ব লাগে। জ্ঞান ৰত্ন দান কৰিব লাগে।

বৰদান: পৰীক্ষা আৰু সমস্যাসমুহত জঁই পৰি যোৱাৰ পৰিৱৰ্তে মনোৰঞ্জনৰ অনুভৱ কৰোঁতা সদায় বিজয়ী হোৱা
এই পুৰুষাৰ্থী জীৱনত ড্ৰামা অনুসৰি সমস্যা বা পৰিস্থিতিতো আহিবই। জন্ম লৈয়েই আগবাঢ়ি যোৱাৰ লক্ষ্য ৰখা অৰ্থাৎ পৰীক্ষা আৰু সমস্যাসমূহক আহ্বান জনোৱা। ৰাস্তা অতিক্ৰম কৰিব লাগে আৰু ৰাস্তাত কোনো দৃশ্য নাথাকিব এয়া কেনেকৈ হ’ব পাৰে। কিন্তু সেই দৃশ্যাৱলী অতিক্ৰম কৰাৰ পৰিৱৰ্তে যদি শুধৰণি কৰিবলৈ লাগি যোৱা তেন্তে পিতাৰ স্মৃতিৰ সংযোগ ঢিলা হৈ যায় আৰু মনোৰঞ্জনৰ পৰিৱৰ্তে মন জঁই পৰি যায় সেয়েহে “বাঃ দৃশ্যাৱলী বাঃ” গীত গাই আগবাঢ়ি যোৱা অৰ্থাৎ সদায় “বিজয়ী ভৱ”ৰ বৰদানী হোৱা।
শ্লোগান: মৰ্যাদাৰ সীমাৰেখাৰ ভিতৰত চলা মানে মৰ্যাদা পুৰুষোত্তম হোৱা।

!! ওঁম্ শান্তি !!

একান্তপ্ৰিয় হ’বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

একান্তবাসী অৰ্থাৎ অনুভৱী মূৰ্ত। বৰ্তমান সময় অনুসৰি এতিয়া বানপ্ৰস্থ অৱস্থাৰ সমীপত আছা। বানপ্ৰস্থীয়ে পুতলাৰ খেলা নেখেলে। বানপ্ৰস্থী একান্ত আৰু স্মৃতিত থাকে। গতিকে তোমালোক সকলো বেহদৰ বানপ্ৰস্থীয়ে সদায় এজনৰ অন্তত অৰ্থাৎ নিৰন্তৰ একান্ত অৱস্থাত সদায় স্মৃতি স্বৰূপ হৈ থাকা। এয়া হৈছে বেহদৰ বানপ্ৰস্থীৰ স্থিতি।

মুরলি কি?

মুরলি হৈছে ব্ৰহ্মাকুমাৰীসকলৰ দৈনিক আধ্যাত্মিক শিক্ষা, যি প্ৰতিদিনে ৰাতিপুৱা মধুবনৰ পৰা প্ৰকাশিত হয়। ইয়াত আপুনি আজিৰ মুরলি অসমীয়াত পঢ়িব, অডিঅ' শুনিব আৰু PDF ডাউনলোড কৰিব পাৰে। অধ্যয়নত সহায়ৰ বাবে পাঠত হাইলাইট কৰিব পাৰে — আপোনাৰ চিন এই ব্ৰাউজাৰতে সুৰক্ষিত থাকে।

28টা ভাষাত মুরলি

Daily Murli · Madhuban উৎস: মধুবন মুরলি বিভাগ এইটো এটা স্বতন্ত্ৰ পাঠক এপ, আনুষ্ঠানিক ৱেবছাইট নহয়।