| 17-11-2026 |
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
|
মধুবন। |
| “মৰমৰ সন্তানসকল – মই তোমালোক সন্তানসকলৰ বাবে হাতত স্বৰ্গ লৈ আহিছোঁ, তোমালোকে মোক স্মৰণ কৰা তেতিয়া স্বৰ্গৰ বাদশ্বাহী প্ৰাপ্ত হৈ যাব” | |
| প্ৰশ্ন: | কোনসকল সন্তানৰ বেহদৰ আনন্দ নিৰন্তৰ থকিব পাৰে? |
| উত্তৰ: | (1) যিসকলে বেহদৰ সন্ন্যাস কৰিছে, অন্যৰ সঙ্গ এৰি এজনৰ সঙ্গ লৈছে, তেওঁলোকেই নিৰন্তৰ আনন্দত থাকিব পাৰে। (2) যিসকলে পিতাক অনুসৰণ কৰে, যাৰ সেৱাৰ নিচা আছে তেওঁলোকৰ আনন্দ কেতিয়াও নাইকিয়া হ'ব নোৱাৰে। |
| গীত: | ছৌড় ভী দে আকাছ চিংহাচন...... (আকাশ সিংহাসন এৰি দিয়া……) |
ওঁম্ শান্তি। মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলা। এয়া কোনে ক'লে? পিতাই সন্তানসকলক ক’লে যে গীতটি শুনিলানে? যেতিয়া অতি দুখ হয় তেতিয়া আহ্বান জনায়। সন্তানসকলে জানে যে পিতাইহে সুখধাম অথবা পাৱন সৃষ্টি ৰচনা কৰে অথবা ভগৱান-ভগৱতীৰ ৰাজ্য স্থাপন কৰে। ভগৱান আৰু ভগৱতী যেন স্বৰ্গৰ মালিক হৈ গ’ল। তোমালোকে দেখিবলৈ পোৱা লক্ষ্মী-নাৰায়ণ কিমান ধনৱান আছিল, কিমান বিশাল ৰাজধানী আছিল। তেওঁলোকৰ ৰাজধানীত কেতিয়াও কোনো উপদ্ৰৱ নহয়। পিতাই সন্তানসকলক উত্তৰাধিকাৰেই এনেকুৱা দিয়ে গতিকে কিমান আনন্দত থাকিব লাগে। কিন্তু পুৰুষাৰ্থৰ ক্ৰমানুসৰিয়েতো হয়েই। কোনো-কোনোৱেতো পূৰা জ্ঞান ধাৰণ নকৰাৰ বাবে তাৰ আনন্দতো নাথাকে আৰু ইয়াৰ আনন্দতো নাথাকে। তেওঁলোকক কয় - দুয়োখন লোকৰ পৰা গ'ল কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লৈ অৱনমিত হৈ যায়। জগতত এইটো কোনেও গম নাপায় যে ভগৱান আহি স্বৰ্গ স্থাপন কৰি আছে কিয়নো তেওঁ আহেও গুপ্ত ৰূপত। কোৱা হয় নিশ্চয় ভগৱান এই সময়ত আহিব লাগে কিয়নো সকলো ঘোৰ অন্ধকাৰত আছে। ৰাতি 12 বাজিলে তেতিয়া তাক ঘোৰ অন্ধকাৰ বুলি কোৱা হয়। ৰাতি ঘোৰ অন্ধকাৰ, দিনত অতি প্ৰকাশ হয়। সন্তানসকলে জানে এতিয়া ভক্তিমাৰ্গৰ ৰাতি পূৰা হয়, য'ত দুখেই দুখ। মনুষ্যই বুজি পায় যে ভক্তিৰ পাছত ভগৱানক পায়। তোমালোকে জানা - পিতাহে আহি আমাৰ সকলোৰে সৎগতি কৰে। তোমালোক সন্তানসকলৰ মাজতো ক্ৰমানুসৰিতো নিশ্চয় আছে। কিছুমানৰতো আনন্দৰ পাৰা উৰ্ধগামী হৈ থাকে। পৰিশ্ৰমো আনন্দেৰে কৰে। সেৱাৰ চখ থাকে যে কাৰোবাক গৈ বুজাওঁ, সেইবাবে বাবাই প্ৰদৰ্শনী, মেলাৰো ব্যৱস্থা কৰি থাকে যাতে আনক বুজালে আনন্দৰ পাৰা উৰ্ধগামী হৈ যায়। ইয়াত যাৰ ওচৰত ধন আছে, তেওঁলোকে ভাবে যে আমি স্বৰ্গত বহি আছোঁ। তেওঁলোকৰ বাবে জ্ঞান ধাৰণ কৰাতো কঠিন সেইবাবে গায়ন কৰা হৈছে কোটিৰ ভিতৰত কোনোবাহে ইমান বুদ্ধিমান হৈ পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী হয়। পিতাক অনুসৰণ কৰা বুলি গায়ন আছে। গতিকে পিতাৰ শ্ৰীমতত চলিব লাগে। যিসকলে ভালদৰে শ্ৰীমতত চলে তেওঁলোকে পিতাক অনুসৰণ কৰিব লাগে। যেনেকৈ এই (ব্ৰহ্মা) সন্তানটি ভালদৰে চলি আছে। লৌকিক সন্তান ৰায় অনুসৰি নচলিলে তেতিয়া কয় তুমি নিজৰ ৰাস্তা লৈ লোৱা। ৰাৱণৰ মতত চলোঁতা আৰু ৰামৰ মতত চলোঁতাসকল একেলগে থাকিব নোৱাৰে।
তোমালোক সন্তানসকলে বুজি পোৱা যে ভাৰততহে আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। তেওঁলোক 84 জন্ম লৈ পতিত হৈছে, সেইবাবেতো আহ্বান কৰে হে পতিত-পাৱন আহক। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে বাকী কিছু দিন আছে। দৈৱী ৰাজধানী স্থাপন কৰাত সময়তো লাগে। এয়া হৈছে গুপ্ত। এই ক্ষেত্ৰত যুদ্ধৰ কথা নাই। এনেকুৱা নহয় যে আক্ৰমণ কৰি ৰাজ্য লয়। নহয়, এয়াতো পিতা আহি ৰজাৰো ৰজা কৰি তোলে। যিজন পিতাক স্মৰণ কৰে যে দুখ-হৰ্তা, সুখ-কৰ্তা আহক। সন্ন্যাসী গুৰু দুখ-হৰ্তা হ'ব পাৰে জানো? তেওঁলোকৰ সন্ন্যাস হৈছে হদৰ (সীমিত)। তোমালোকৰ হৈছে বেহদৰ (অসীমৰ)। ইয়াত বেহদৰ আনন্দ থাকে। এই লক্ষ্মী-নাৰায়ণ ভগৱতী-ভগৱানৰো বেহদৰ আনন্দ থাকে নহয় জানো। পতিত মনুষ্যইতো যি আহে তাকে কৈ দিয়ে। তোমালোকেতো এটি এটি শব্দ অৰ্থসহিত কোৱা। নতুন সৃষ্টিত হয়েই এক ধৰ্ম। তাৰ তুলনা কাৰো সৈতে কৰা নহয়। পুৰণি সৃষ্টিত তুলনা কৰা যায়। নতুন সৃষ্টিত এইটো গম নাপায় যে পুৰণি সৃষ্টিত কি হ'ব। তাত সকলোবোৰ পাহৰি যায়। ইয়াত তোমালোকক সকলোবোৰ শুনোৱা হয় যে নতুন সৃষ্টি কেতিয়া স্থাপন হ'ব! পুৰণি সৃষ্টি কেতিয়া বিনাশ হ'ব! তোমালোকৰ সকলো জ্ঞান আছে। এতিয়া তোমালোকে স্বৰ্গ স্থাপন কৰোঁতা পিতাক পালা। গতিকে তেওঁৰ পৰা ভালদৰে উত্তৰাধিকাৰ ল'ব লাগে। উত্তৰাধিকাৰ পাবও তেওঁলোকে যিসকলে কল্প পূৰ্বে ভালদৰে পুৰুষাৰ্থ কৰিছিল। তেওঁলোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। এয়া হৈছে কাঁইটৰ সৃষ্টি। প্ৰথম নম্বৰৰ কাঁইটতো সকলোৰে আছেই। পুৰণি সৃষ্টি ছিঃ ছিঃ, নতুন সৃষ্টি উত্তম হয়। স্বৰ্গ বুলি কাক কোৱা হয়, এয়াও কোনেও গম নাপায়। এনেয়ে কৈ দিয়ে যে অমুক স্বৰ্গবাসী হ'ল। স্বৰ্গ আছেই বা ক'ত যে স্বৰ্গবাসী হ'ল।
তোমালোকে জানা স্বৰ্গও এই ভাৰতত আছিল। নৰকো ভাৰতত আছে। সেয়েহে এই কথাষাৰক ধৰি তেওঁলোকে কৈ দিয়ে স্বৰ্গ নৰক ইয়াতেই আছে। যিসকলৰ বহুত ধন আছে তেওঁলোক স্বৰ্গত আছে। কিন্তু এনেকুৱা নহয়। ভাৰত নতুন আছিল তেতিয়া সত্যযুগ আছিল, যাক স্বৰ্গ বুলি কোৱা হয়। এতিয়া পতিত সৃষ্টি নৰক। সৃষ্টিতো এখনেই। নতুন সৃষ্টিত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। পুৰণি সৃষ্টিত ৰাৱণৰ ৰাজ্য। ভগৱানুবাচ, মই তোমালোকক 84 জন্মৰ ৰহস্য শুনাওঁ। এই ৰাজযোগৰ দ্বাৰা তোমালোকক ৰজাৰো ৰজা স্বৰ্গৰ মালিক কৰি তোলোঁ। তেন্তে নৰকৰ নিশ্চয় বিনাশ হ'বই লাগিব। শাস্ত্ৰত কৃষ্ণৰ নাম দি যুদ্ধ আদি দেখুৱাই দিছে। পাণ্ডৱসকলৰ কোনো সেনাতো নাই। আজিকালি কন্যাসকলৰ, মাতাসকলৰ দল গঠন কৰি তেওঁলোকক বন্দুক আদি চলাবলৈ শিকায়। ইয়াত তোমালোকৰ হাতত বন্দুক আদি একো নাই। তেওঁলোকে কি গম পায় যে শিৱশক্তি সেনা কোন হয়? শিৱবাবাইতো কেতিয়াও হিংসা কৰাব নোৱাৰে। যুদ্ধৰ কোনো কথাই নাই। তোমালোকে জানা যে শিৱবাবাৰ আত্মিক সেনা আছে। শিৱবাবাই আমাক ডবল (দ্বৈত) অহিংসক কৰি তোলে। তেওঁলোকক কোৱা হয় 100 শতাংশ অহিংসক। ইয়াত হ'ল 100 শতাংশ হিংসক। এটা বোমাৰে কিমানৰ বিনাশ কৰি দিয়ে। বেহদৰ অহিংসা আৰু হিংসাৰ মাজত কিমান পাৰ্থক্য আছে। তোমালোকে এতিয়া এই সময়ত বেহদৰ শান্তিত আছা। সেইফালে যিমান যুদ্ধৰ প্ৰস্তুতি চলি গৈ থাকে, সিমান আৱাজ বাঢ়ি গৈ থাকে। বিনাশত কিমান তাণ্ডৱলীলা হয়। স্থাপনাততো কিমান শান্তিত বহি আছা। হিংসাৰ কোনো কথাই নাই। তোমালোকৰ এতিয়া বাস্তৱিক জীৱন। পিতাৰ পৰা যোগবলৰ দ্বাৰা উত্তৰাধিকাৰ পাই আছা। পিতা ‘অল্ফ’ক স্মৰণ কৰিলে স্বৰ্গৰ বাদশ্বাহী পোৱা যায়, কিমান সহজ। পিতা আটাইতকৈ মৰমৰ হয়। কিমান দূৰৈৰ দেশৰ পৰা আহে। যেনেকৈ বিদেশৰ পৰা কাৰোবাৰ পিতা আহিলে তেতিয়া সন্তানসকল বহুত আনন্দিত হয়। বাবাই আমাৰ কাৰণে বিদেশৰ পৰা ভাল ভাল উপহাৰ আনিব। এইগৰাকী বেহদৰ পিতাতো এবাৰেই আহে। কোনটো উপহাৰ লৈ আহে? কয় - মই তোমালোকৰ কাৰণে হাতত স্বৰ্গ লৈ আহিছোঁ। যেনেকৈ কয় - হনুমানে সঞ্জীৱনী ঔষধিৰ পাহাৰ লৈ আহিল। এতিয়া পাহাৰতো কোনেও উঠাব নোৱাৰে। তেনেকৈয়ে পিতাই কয় - মই হাতত স্বৰ্গ লৈ আহিছোঁ। এতিয়া স্বৰ্গ জানো কোনোবাই হাতত তুলি লয়। এয়াতো বোধশক্তিৰ কথা। সন্তানসকলেতো জানে যে বাবাই আমাৰ কাৰণে এক নম্বৰ উপহাৰ লৈ আহে। পিতাই কয় - মই আহিছোঁ তোমালোকক পাৱন সৃষ্টিৰ মালিক কৰি তুলিবলৈ গতিকে পাৱন হ'ব লাগে। এয়া ৰাজোযোগ নহয় জানো। ভাৰতৰ প্ৰাচীন ৰাজযোগ গীতাৰ ভগৱানেহে শিকাইছিল আৰু বাদশ্বাহী দিছিল। এতিয়া পুনৰাই ৰাজযোগ শিকাই আছে। তোমালোকে কোৱা যে আমি স্বৰ্গ স্থাপনা কৰোঁতা পিতাৰ সন্তান হওঁ, পিতাই নতুন সৃষ্টি স্থাপন কৰে তেন্তে নিশ্চয় কোনোবাইতো বাদশ্বাহী পাইছিল নহয় জানো। এনেকুৱাও নহয় যে কেৱল স্বৰ্গত থাকোঁতাসকলকহে পিতাই দিছিল। অন্যসকলকো পিতাই দিয়ে। বাকী সকলোৱে নাটক অনুসৰি মুক্তিৰ ভূমিকা প্ৰাপ্ত কৰিছে। সকলো মুক্ত হৈ যায়। এজন পিতাই সকলোৰে সৎগতি দাতা হয়, অন্য কোনো নাই। তোমালোকৰ ওচৰত প্ৰদৰ্শনীত যিসকল গণ্যমান্য লোক আহে, যিসকলে মানে যে যথাযথ গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, শিৱ হয়, তেওঁলোকৰ দ্বাৰা লিখাই ল'ব লাগে। গণ্যমান্য লোকৰ কথাহে শুনিব। গৰিবৰতো কোনেও নুশুনে সেয়েহে প্ৰদৰ্শনীত চেষ্টা কৰি এইটো লিখাই লোৱা যে গীতাৰ ভগৱান এজনেই। তেওঁ সকলোৰে পিতা। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল, লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এতিয়াতো গোটেই বিশ্বত ৰাৱণৰ ৰাজ্য, এই ৰাৱণেই সকলোৰে শত্ৰু হয়, যাক বছৰে বছৰে জ্বলাই থাকে। তথাপিও নমৰে। এতিয়া ভাৰতৰ ডাঙৰ শত্ৰু হৈছে এই ৰাৱণ, এইটো কথা কেৱল তোমালোকে জানা। এতিয়া ৰাম পৰমপিতা পৰমাত্মাই ৰাৱণৰ ওপৰত বিজয়ী কৰি তোলে। তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ নাশ হ'ব, তোমালোক যোগ্য হৈ যাবা তেতিয়া আকৌ নতুন সৃষ্টি লাগিব। নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশো হৈছিল, আকৌ হ’ব। মহাভাৰতৰ যুদ্ধ লাগেই তেতিয়া যেতিয়া ৰাৱণ ৰাজ্যৰ বিনাশ হৈ ৰাম ৰাজ্য স্থাপনা হয়। ৰাৱণ ৰাজ্যতেই হাহাকাৰ আৰম্ভ হয়। হাহাকাৰৰ পাছত জয়জয়কাৰ হয়, সৃষ্টি পৰিৱৰ্তন হয়। যেনেকৈ পুৰণা ঘৰ ভাঙি নতুনকৈ সজা হয়, পুনৰ ভগা হয়, এয়াও স্থাপনা হৈ আছে। বোমা আদি তৈয়াৰ কৰিয়েই থাকে। প্ৰস্তুতি চলি আছে। এতিয়া দশহৰা (বিজয়া দশমী) আহিল সেয়েহে ৰাৱণৰ প্ৰতিকৃতিও উলিয়ালে। তোমালোকৰ হৈছে বেহদৰ কথা। তোমালোকৰ বুদ্ধিত উদয় হয় এয়া কি কৰে। তোমালোকে যেতিয়া বুজাবা তেতিয়া বুজিব আমি এয়া কি কৰোঁ। হাঁহিও উঠিব। যিকোনো লোকক বুজাব পাৰা - ইমান ডাঙৰ ৰাৱণতো নাথাকেই। এতিয়া পিতাই কয় - তোমালোকে ৰামৰাজ্য লোৱা। 5 বিকাৰক দান দি দিয়া গ্ৰহণ আঁতৰি যাব। পিতা আহি বুজায় - এই 5 বিকাৰৰ গ্ৰহণ গোটেই সৃষ্টিতে লাগি আছে। একেবাৰেই ক’লা হৈ যায়। তোমালোক সন্তানসকলতো অপাৰ আনন্দিত হোৱা উচিত। বাকী কিছু দিন আছে।
তোমালোকে এতিয়া ৰচয়িতা, নিৰ্দেশক, মুখ্য ভাৱৰীয়া নাটকৰ আদি-মধ্য-অন্তৰ বিষয়ে জানা, অন্য কোনেও নাজানে। তোমালোকৰ বুদ্ধি এতিয়া স্বচ্ছ হৈছে। তোমালোক পিতাৰ হৈছা নিশ্চয় স্বৰ্গলৈ পঠিয়াই দিব। জ্ঞানক উপাৰ্জনৰ উৎস বুলি কোৱা হয়। এয়া হ’ল আত্মিক জ্ঞান, যিটো পিতাইহে দিয়ে। মনুষ্যই মনুষ্যক দিব নোৱাৰে। জগতত সকলো মনুষ্যই মনুষ্যক জ্ঞান দিয়ে। তোমালোককতো পিতা পৰম আত্মা আহি জ্ঞান দিয়ে, বাকী সকলো হৈছে ভক্তি মাৰ্গৰ মনেসজা কথা (কাহিনী) শুনাওঁতা। সত্য-নাৰায়ণৰ কথা, ৰামায়ণৰ কথা… যি অতীত হৈ গ'ল তেওঁলোকে কিবা নহয় কিবা ৰচনা কৰি থাকে। এয়াতো হৈছে পঢ়া। পঢ়াত ইতিহাস-ভূগোল শুনোৱা হয়। এয়া হৈছে বিশ্বৰ ইতিহাস-ভূগোল, বিশাল (হিউজ)। তোমালোকে বুজোৱা যে বাবাই 5 হাজাৰ বছৰ পূৰ্বেও কৈছিল সেই গীতা পঢ়োঁতাসকলে জানো কিবা বুজি পায়। যাদৱ, কৌৰৱ, পাণ্ডৱ বুলি কাক কোৱা হয় - তোমালোকে বাস্তৱত দেখিবলৈ পোৱা। ইউৰোপবাসী যাদৱসকলে ক্ষেপণাস্ত্ৰ (মিছাইল) উলিয়ালে, বিনাশ হ’ল। বিনাশৰ পাছত কি হ’ল, সেয়া একোৱেই নেদেখুৱায়। তেওঁলোকে ভাবে প্ৰলয় হৈ গ’ল। তেওঁলোকে কয় - আপোনালোকে শাস্ত্ৰক মানেনে? কোৱা হয়, আমি শাস্ত্ৰক জানো, মানো - এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ। জ্ঞানতো একমাত্ৰ পিতাইহে শুনায়, যিজন জ্ঞানৰ সাগৰ হয়। এতিয়া ভক্তি সমাপ্ত হৈ জ্ঞান জিন্দাবাদ হৈ আছে। পুৰণি সৃষ্টিৰ বিনাশ সন্মুখত থিয় হৈ আছে, একো নতুন নহয়। আমাৰ প্ৰীতি হৈছে পিতাৰ সৈতে। আমি অন্য সংগ এৰি এজনৰ সৈতে গঢ়োঁ। পিতাই কয় - নিজক আত্মা বুলি বুজি মোৰ সৈতে যোগসূত্ৰ গঢ়া - ইয়াকেই ভাৰতৰ প্ৰাচীন যোগ বুলি কোৱা হয়, যিটো পিতাইয়ে শিকায়। কৃষ্ণৰ আত্মাও এই সময় অন্তিম জন্মত আছে, এওঁক কওঁ - তুমি নিজৰ জন্মৰ বিষয়ে নাজানা। এইটো তোমাৰ অনেক জন্মৰ অন্তৰ জন্ম, সেইকাৰণে মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। মই এওঁৰ শৰীৰত বহি তোমালোক সন্তানসকলক ব্ৰহ্মাৰ মুখ বংশৱালী কৰি ৰাজ্য-ভাগ্য দিওঁ। পিতাৰ বাহিৰে অন্য কোনেও ক'ব নোৱাৰে। এয়াতো পিতাই নিজেই এইখন মুখেৰে শুনাই আছে। এই বাবায়ো প্ৰথমে একোৱেই জনা নাছিল, তোমালোকেও একো জনা নাছিলা। ভাৰতবাসীকেই বুজাবলগীয়া হয়। 84 জন্মৰ চক্ৰ কেনেকৈ ঘূৰে, এয়া সেয়াই যুদ্ধ থিয় হৈ আছে, যাৰ দ্বাৰা স্বৰ্গৰ দ্বাৰ মুকলি হৈছিল। যেতিয়া পিতা আহি ৰাজযোগ শিকাই মনুষ্যক দেৱতা কৰি তুলিছিল। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) যিসকল ভালদৰে শ্ৰীমতত চলে, তেওঁলোকক অনুসৰণ কৰিব লাগে। বেহদৰ সুখত থাকিবলৈ নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে।
(2) প্ৰীতি বুদ্ধিৰ হৈ অন্যৰ সংগ এৰি একমাত্ৰ পিতাৰ সৈতে গঢ়িব লাগে। দ্বৈত অহিংসক হৈ শান্তিত বহি নিজৰ বাদশ্বাহী স্থাপন কৰিব লাগে।
| বৰদান: |
ত্যাগ আৰু তপস্যাৰ দ্বাৰা সেৱাত সফলতা লাভ কৰোঁতা সঁচা সেৱাধাৰী হোৱা সেৱাত সফলতা লাভ কৰাৰ মুখ্য সাধন হৈছে ত্যাগ আৰু তপস্যা। ত্যাগ অৰ্থাৎ মনৰ সংকল্পৰ দ্বাৰাও ত্যাগ কৰা। কোনো পৰিস্থিতিৰ বাবে, মৰ্যাদাৰ বাবে বা বাধ্যত পৰি ত্যাগ কৰাটোক ত্যাগ বুলি কোৱা নহয়। কিন্তু জ্ঞানস্বৰূপ হৈ, সংকল্পৰ দ্বাৰাও ত্যাগী হোৱা। তপস্বী অৰ্থাৎ সদায় পিতাৰ প্ৰতি থকা একাগ্ৰতাত মগ্ন হৈ থকা, জ্ঞান, প্ৰেম, আনন্দ, সুখ আৰু শান্তিৰ সাগৰত সমাহিত হৈ থকা। এনেকুৱা ত্যাগী আৰু তপস্বীসকলেই সেৱাত সফলতা লাভ কৰোঁতা সঁচা সেৱাধাৰী। |
| শ্লোগান: | নিজৰ তপস্যাৰ দ্বাৰা শান্তিৰ কম্পন বিয়পাই দিয়া মানেই বিশ্ব সেৱাধাৰী হোৱা। |
!! ওঁম্ শান্তি !!
অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
তোমালোক সম্পূৰ্ণ আত্মাসকলৰ অন্তিম বাহন হৈছে – কৰ্মবন্ধনৰ পৰা মুক্ত, কৰ্মাতীত স্থিতি। এনে স্থিতি গঢ়ি তুলিবলৈ পিতা ব্ৰহ্মাৰ সমান সকলো সীমাৰ ওপৰত বিজয় লাভ কৰোঁতা বিজয়ী ৰত্ন হোৱা, তেতিয়াহে অন্তিম কৰ্মাতীত স্বৰূপৰ অনুভৱী হ’বা। বিভিন্ন প্ৰকাৰৰ সীমা অৰ্থাৎ অনেক প্ৰকাৰৰ ‘মোৰ মোৰ’ ভাৱ। যেতিয়া ‘মই আৰু মোৰ’, ‘তুমি আৰু তোমাৰ’ – এই চাৰিটা শব্দ এক ‘বাবা’ শব্দত সমাহিত হৈ যাব, তেতিয়াহে সম্পূৰ্ণতা সমীপত আহিব।
[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]