| 21-11-2026 |
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
|
মধুবন। |
| “মৰমৰ সন্তানসকল – বিচাৰ সাগৰ মন্থন কৰি সেৱাৰ ভিন্ন ভিন্ন যুক্তি (উপায়) উলিওৱা, যাৰ দ্বাৰা সকলোৱে পিতাৰ পৰিচয় পাই যায়” | |
| প্ৰশ্ন: | পিতাই প্ৰত্যক সন্তানক উচ্চ ভাগ্য গঢ়িবৰ কাৰণে কোনটো যুক্তি শুনায়? |
| উত্তৰ: | নিজৰ উচ্চ ভাগ্য গঢ়িবলৈ হ’লে ভিতৰৰ পৰা সকলো ছিঃ ছিঃ বেয়া অভ্যাস আঁতৰাই পেলোৱা। মিছা কোৱা, খং কৰা এইবোৰ বহুত বেয়া অভ্যাস। সেৱাৰ চখ (ৰুচি) ৰাখা। যেনেকৈ পিতাই নিৰহংকাৰী হৈ সেৱা কৰে তেনেকৈ যিমান সম্ভৱ অন্যৰ কল্যাণৰ অৰ্থে আত্মিক সেৱাত ব্যস্ত হৈ থাকা। |
| গীত: | মৰনা তেৰী গলী মে….. (তোমাৰ গলিতে যেন মৰোঁ…..) |
ওঁম্ শান্তি। মৰমৰ আত্মিক সন্তানসকলে পোন-প্ৰথমে এইটো মূল কথা বুজিব আৰু বুজাব লাগে যে পিতা কোন হয়! সন্তানসকলৰ অতীন্দ্ৰিয় সুখ তেতিয়া অনুভৱ হয় যেতিয়া এইটো নিশ্চয় হয় যে আমি বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাৰ সন্তান। বচ্ এই এটা কথাৰেই আনন্দৰ পাৰা উৰ্দ্ধগামী হয়। এয়া হৈছে স্থায়ী আনন্দৰ মূল কথা। তোমালোকে জানা যে আমি নিজক ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কওঁ। এয়া হৈছে নতুন ৰচনা। গতিকে প্ৰথমে সকলোৰে এইটো নিশ্চয় হ’ব লাগে যে এওঁ আমাৰ পিতা। পিতাৰ তলত আকৌ আছে বিষ্ণু (ত্ৰিমূৰ্তিৰ চিত্ৰত)। পিতাৰ পৰা বিষ্ণুপুৰীৰ উত্তৰাধিকাৰ পোৱা যায় গতিকে কিমান আনন্দিত হ'ব লাগে। এইটো নিশ্চয় কৰাই পুনৰ লিখাব লাগে। বিষ্ণুৰ বৈষ্ণৱ বুলিও অৰ্থ উলিয়ায়। ভাৰতবাসীয়ে ভালদৰে জানে যে এওঁলোক দেৱী-দেৱতাসকল নিৰ্বিকাৰী আছিল। স্বৰ্গত এওঁলোকৰ পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল। গায়নো কৰে - আপুনি সম্পূৰ্ণ নিৰ্বিকাৰী, আমি বিকাৰী। সত্যযুগত হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী। কলিযুগত হৈছে সম্পূৰ্ণ বিকাৰী। বিকাৰীসকলক পতিত, ভ্ৰষ্টাচাৰী বুলি কোৱা হ’ব। ক্ৰোধীক পতিত ভ্ৰষ্টাচাৰী বুলি কোৱা নহয়। ক্ৰোধতো সন্ন্যাসীসকলৰো থাকে। গতিকে পোন-প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। উচ্চতকৈ উচ্চ পিতা যেতিয়া ভাৰতত আহে তেতিয়া এই ভয়ানক যুদ্ধও নিশ্চয় লাগে কিয়নো পৰমাত্মা আহি পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ লৈ যায়। শৰীৰতো বিনাশ হ'বই। এইটো নিশ্চয় হ'ব লাগে যে আমাক পিতাই পঢ়ায় তেন্তে কিমান নিয়মীয়া হ'ব লাগে। ইয়াত ছাত্ৰাবাস/ছাত্ৰীনিৱাস নাই। ছাত্ৰাবাস/ছাত্ৰীনিৱাসৰ ব্যৱস্থা কৰিলেতো তেতিয়া বহুত আৱাসগৃহ লাগিব। 7 দিন, 4 দিনৰ কাৰণেও আহে তেতিয়াও বহুত আৱাসগৃহ লাগিব। পিতাই কয় - গৃহস্থ ব্যৱহাৰত থাকি কেৱল বাবাক স্মৰণ কৰা। বচ্ বাবাই পতিত-পাৱন হয়। পিতাই কয় মোক স্মৰণ কৰা – মই প্ৰতিশ্ৰুতি দিছোঁ তেতিয়া তোমালোকৰ সকলো পাপ ভস্ম হৈ যাব। প্ৰথমেতো এইটো লিখাই ল'ব লাগে যে যথাযথ আমি শিৱবাবাৰ সন্তান হওঁ, আকৌ বিশ্বৰ মালিকীস্বত্ব পাওঁ। ৰজা-ৰাণী প্ৰজা সকলো বিশ্বৰ মালিক হয়। মেলা-প্ৰদৰ্শনীত যিসকল বুজাওঁতা আছে, তেওঁলোকক পিতাই নিৰ্দেশনা দিয়ে - মূল কথা বুজাব লাগে যে উচ্চতকৈ উচ্চ ভগৱান এজনেই। তেৱেঁই জ্ঞানৰ সাগৰ, পতিত-পাৱন হয়। জ্ঞানৰ সাগৰ হয় তেন্তে নিশ্চয় নিৰ্দেশনাও তেৱেঁই দিব। কৃষ্ণইতো দিব নোৱাৰে। শিৱবাবাৰ বাহিৰে আৰু আন কোনো ভগৱান নাই। ব্ৰহ্মা, বিষ্ণু, শংকৰো দেৱতা হয়। স্বৰ্গত হৈছে দৈৱিক গুণধাৰী মনুষ্য, ইয়াত কলিযুগত হৈছে আসুৰি গুণধাৰী মনুষ্য। এইটোও পাছলৈ বুজাব লাগে। পোন-প্ৰথমেতো পিতাৰ পৰিচয় দি স্বাক্ষৰ কৰাই ল'ব লাগে। বিচাৰ সাগৰ মন্থন কৰি ভিন্ন ভিন্ন যুক্তি (উপায়) উলিয়াব লাগে আৰু বাবাক শুনাব লাগে যে বাবা এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে, এনেকৈ মই বুজালোঁ। তেতিয়া বাবায়ো এনেকুৱা সাৰ কথা শুনাব যাতে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰে। বাবাক সৰ্বব্যাপী অথবা কাছ মাছৰ অৱতাৰ বুলি কোৱা এয়াও গ্লানি কৰা হয়, সেয়েহে বাবাৰ পৰিচয় দিব লাগে। বাবাইহে বিশ্বৰ মালিক কৰি তোলে। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক, সতোপ্ৰধান আছিল। আকৌ পুনৰ্জন্ম লৈ লৈ তমোপ্ৰধান হৈ গৈছে। আকৌ পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। যি ধৰ্মৰেই লোক নহওঁক পিতাৰ বাৰ্তা সকলোৰে কাৰণে। তেওঁক কোৱা হয় ঈশ্বৰ পিতা মুক্তিদাতা। মুক্ত কৰিবলৈ নিশ্চয় পতিত সৃষ্টিত আহিব। কলিযুগৰ অন্তত গোটেই সৃষ্টিখনেই তমোপ্ৰধান, যেতিয়া সতোপ্ৰধান হ'ব তেতিয়া নতুন সৃষ্টিলৈ যাব পাৰিব। বাকী যিসকল তালৈ নাহে তেওঁলোক শান্তিধামত থাকে। এইটো বুদ্ধিত ধাৰণ কৰাব লাগে, যাতে বুজি পায় যে আমি সেইজন পিতাক স্মৰণ কৰিব লাগে। কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। পিতা হয়েই বিদেহী, বিচিত্ৰ বাকী সকলোৰে চিত্ৰ ভিন্ন ভিন্ন হয়। কাৰোবাক বুজোৱাৰ চখ (ৰুচি) থাকিব লাগে। প্ৰদৰ্শনীলৈ বহুত লোক আহে। সেৱাকেন্দ্ৰলৈ ইমান নাহে। সেৱাত থাকিলে সন্তানসকল বহুত উৎসাহিত হৈ থাকিব। ইয়াত পিতাক বাৰে বাৰে পাহৰি যায়। সেৱাত থাকিলে স্মৃতিৰ যাত্ৰা পাহৰি নাযায়। নিজেও স্মৰণ কৰিব আৰু অন্যকো সোঁৱৰাই দিব। তোমালোক সন্তানসকলে পঢ়ি আছা। তোমালোকৰ বুদ্ধিত আছে আমি বাদশ্বাহী নিশ্চয় ল'ম। এইটো স্মৃতিত থাকিলেও আনন্দিত হৈ থাকে। পাহৰি যায় বাবে উদিগ্ন হৈ পৰে।
বাবালৈ লিখিব লাগে যে বাবা মই অতীন্দ্ৰিয় সুখত আছোঁ। বাকী অলপ সময় আছে আমি নিজৰ সুখধামলৈ গুচি যাম। 63 জন্ম আমি বহুত বেমাৰত থাকিলোঁ। কোনোধৰণৰ দৰব নোহোৱা কাৰণে ব্যাধিগ্ৰস্ত হৈ গ’লোঁ। কোনেও তত্ত্বাৱধান ল’ব নোৱাৰিলে, বেমাৰ নিগাজিকৈ বহি ল’লে। এইটো বেমাৰ এনেকুৱা যে অবিনাশী ডাক্তৰ অবিহনে কেতিয়াও নিৰাময় হ’ব নোৱাৰে। এতিয়া সকলোৰে মুক্ত হোৱাৰ সময়। পৱিত্ৰ হৈ মুক্তিধামলৈ গুচি যাব। কোনোবাই কয় - মুক্তিত থকাতো ভাল। ভূমিকাই নাই। যেনেকৈ নাটকত কোনোবাই অলপমান ভূমিকা পালন কৰিলে তেতিয়া তেওঁক নায়ক-নায়িকা বা উচ্চ ভূমিকা পলান কৰোঁতা বুলি কোৱা নহ’ব। পিতাই বুজায় - যিমান সম্ভৱ পিতাক স্মৰণ কৰা তেতিয়া পৰিপক্ক হৈ যাবা। স্মৃতি পাহৰিব নালাগে। মুখ্য হৈছে এজন পিতা। বাকী এইবোৰ সৰু সৰু চিত্ৰ - বুজাবৰ কাৰণে, ইয়াৰ দ্বাৰা সিদ্ধ কৰিব লাগে শিৱ-শঙ্কৰ এজন নহয়। বাকী সূক্ষ্মধামত একো নহয়। এতিয়া তোমালোকে বুজি পোৱা যে এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ, জ্ঞান দিওঁতা হৈছে এজন পিতা। তেওঁ (জ্ঞান) দিয়ে সংগমযুগত, এইটো দৃঢ় কৰা। ভাৰতবাসীয়েতো কল্পই কল্পই স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰেই। 5 হাজাৰ বছৰৰ কথা। তেওঁলোকে আকৌ লাখ লাখ বছৰ বুলি কৈ দিয়ে। তেওঁলোকে কয় - কেৱল কলিযুগ লাখ লাখ বছৰৰ হয় আৰু আমি কওঁ এই গোটেই চক্ৰই হৈছে 5 হাজাৰ বছৰৰ। কিমান ডাঙৰ মিছা কথা কৈ দিছে। আহ্বান জনায় - হে পতিত-পাৱন। কৃষ্ণক পতিত-পাৱন বুলিতো কোৱা নহ’ব। কোনো ধৰ্মৰ লোকেই কৃষ্ণক মুক্তিদাতা বুলি নক'ব। হে পতিত-পাৱন বুলি আহ্বান জনায় তেতিয়া বুদ্ধি ওপৰলৈ গুচি যায় তথাপিও বুজি নাপায়। মায়াৰ কিমান অন্ধকাৰ বিয়পি আছে, ভুল বুজি আছে। এনেকৈ কয় যে শাস্ত্ৰ অনাদি হয়। কিন্তু সত্যযুগ ত্ৰেতাত এইবোৰ নাথাকে। এয়া পঢ়া এনেকুৱা যে বেমাৰতো শ্ৰেণী কোঠাত বহি পঢ়িব পাৰে। ইয়াত অজুহাত দেখুৱাব নোৱাৰে। গৰু বহুত ভাল, কোনোবাটোৱেতো লথিয়ায়ো দিয়ে। ইয়াতো যাৰ ক্ৰোধ আছে তেওঁ অহংকাৰৰ বশৱৰ্তী হৈ লথিয়ায়ো দিয়ে। অহিত কৰে। কোনো অৱগুণ থাকিব নালাগে। কিন্তু কৰ্মবন্ধন এনেকুৱা যে উচ্চ পদ প্ৰাপ্ত কৰিব নিদিয়ে। পিতাই উচ্চ ভাগ্য গঢ়াৰ ৰাস্তা দেখুৱায়। কিন্তু কোনেও যদি ভাগ্য নগঢ়ে তেন্তে পিতাই কি কৰিব, বহুত শ্ৰেষ্ঠ উপাৰ্জন হয়। উপাৰ্জনৰ নিচা থাকিব লাগে। উপাৰ্জন যদি নকৰা তেন্তে পৰিণতি কি হ'ব! কল্পই কল্পই এনেকুৱা অৱস্থা হ'ব। পিতাইতো সকলোকে সাৱধান কৰি দিয়ে, অপমান নকৰে। সন্তানসকলৰ কোনোধৰণৰ ছিঃ ছিঃ অভ্যাস থাকিব নালাগে। মিছা কোৱাতো বহুত বেয়া। যজ্ঞৰ সেৱা আনন্দেৰে কৰিব লাগে। বাবাৰ ওচৰলৈ আহিলে তেতিয়া পিতাই ইংগিত দিয়ে যে সেৱা কৰা। যিয়ে তোমালোকক খুৱায় তেওঁৰ সেৱা নিশ্চয় কৰিব লাগে। সেৱা কৰিবলৈ পিতাই শিকায়। চোৱা, উচ্চতকৈ উচ্চ পিতায়ো কিমান সেৱা কৰে। যিটো কাম অজ্ঞান কালত নকৰিলা, সেয়াও কৰিব লাগে। ইমান নিৰহংকাৰী হ'ব লাগে। নিয়মৰ বিৰুদ্ধে কোনো কাম কৰিব নালাগে। যিমান সম্ভৱ অন্যৰ কল্যাণৰ অৰ্থে সকলোবোৰ হাতেৰে কৰিব লাগে। শোচনীয় অৱস্থাত কিবা কৰালা সেয়া বেলেগ কথা। নিজক নিৰহংকাৰী, নিৰ্মোহী কৰি তুলিব লাগে। বাবাৰ স্মৃতি অবিহনে কাৰো কল্যাণ হ'ব নোৱাৰে। যিমান স্মৰণ কৰিবা সিমান পাৱন হ'বা। স্মৃতিত থকাৰ ক্ষেত্ৰতে বিঘিনি আহে। জ্ঞানত ইমান বিঘিনি নাহে, জ্ঞানৰতো অনেক সাৰ কথা আছে। পিতাক স্মৰণ কৰিলে সুবাসিত ফুল হ'বা। কমকৈ স্মৰণ কৰিলে তেন্তে ভোটএৰা হ'বা। আকন গছৰো ফুল থাকে। গতিকে নিজক সুবাসিত ফুল কৰি তুলিব লাগে। কোনো ধৰণৰ দুৰ্গন্ধ থাকিব নালাগে। আত্মা সুবাসিত হ'ব লাগে। ইমান সূক্ষ্ম বিন্দুত গোটেই জ্ঞান সমাহিত হৈ আছে, আচৰিত হয়। সৃষ্টি এখনেই ওপৰত বা তলত সৃষ্টি নাই। ত্ৰিমূৰ্তিৰ অৰ্থও তোমালোকে জানা। তেওঁলোকে কেৱল নাম ৰাখি দিছে - ত্ৰিমূৰ্তি মাৰ্গ। কোনোবাই ব্ৰহ্মাক ত্ৰিমূৰ্তি বুলি কৈ দিয়ে। তেওঁৰ জীৱন বৃত্তান্তৰ বিষয়ে একো নাজানে। শাস্ত্ৰবোৰত আছে শ্ৰেষ্ঠাচাৰী মনুষ্যৰ জীৱন কাহিনী। লক্ষ্মী-নাৰায়ণ, ৰাধা-কৃষ্ণ আদিতো সকলো মনুষ্য। কিন্তু অন্যৰ জীৱন কাহিনীক শাস্ত্ৰ বুলি কোৱা নহয়। দেৱতাসকলৰ জীৱন কাহিনীক শাস্ত্ৰ বুলি কোৱা হয়। বাকী শিৱবাবাৰ জীৱন কাহিনী ক'ত? তেওঁতো নিৰাকাৰ। নিজে কয় - মই পতিত-পাৱন হওঁ, মোক সকলোৱে পিতা বুলি কৈ আহ্বান জনায়। মই আহি স্বৰ্গৰ স্থাপনা কৰোঁ। ভাৰত 5 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল। এতিয়া পুনৰ হ'ব লাগে। কিমান সহজ। কিন্তু পাথৰবুদ্ধি এনেকুৱা যে তলা নোখোলেই। জ্ঞান আৰু যোগৰ তলা বন্ধ হৈ আছে।
পিতাই কয় – ঘৰে ঘৰে গৈ বাৰ্তা দিয়া যে উচ্চতকৈ উচ্চ হৈছে পিতা। প্ৰথম মহলা মূলধাম, দ্বিতীয় মহলা সূক্ষ্মধাম। তৃতীয় মহলা হৈছে এইখন সাকাৰী সৃষ্টি। যদি সন্তানসকলৰ এই মহলাবোৰৰো স্মৃতি থাকে তেন্তে প্ৰথমে বাবা নিশ্চয় স্মৃতিলৈ আহিব। সেৱাৰ বাবে দৌৰিব লাগে। বাবাই ক'লৈকো যাবলৈ মানা নকৰে। লাগিলে বিয়ালৈ যোৱা, তীৰ্থলৈ যোৱা, সেৱা কৰিবলৈ যোৱা। ভাষণ দিয়া - কোৱা এটা হৈছে আত্মিক যাত্ৰা, আনটো হৈছে পাৰ্থিৱ (শাৰীৰিক) যাত্ৰা। সাৰ কথাতো বহুত শুনি থাকা। বানপ্ৰস্থীসকলৰ সংগঠনত গৈ সেৱা কৰা। তেওঁলোকৰ কথাও শুনা। সেই লোকসকলে কি কয়। হাতত পত্ৰিকা থাকিব লাগে। মুখ্য 4-5 টা কথা লিখা থাকিব লাগে - ঈশ্বৰ সৰ্বব্যাপী নহয়, গীতাৰ ভগৱান কৃষ্ণ নহয়, এইটো স্পষ্টভাৱে লিখি দিয়া। কোনোবাই যদি পঢ়ে তেতিয়া যাতে বুজি পায় যে এয়াতো সঁচা হয়, এই ক্ষেত্ৰত চাতুৰী বহুত লাগে। বাবাই ত্ৰিমূৰ্তিৰ কাৰণেও বুজায়। এইখন চিত্ৰ বাৰে বাৰে পকেটৰ পৰা উলিয়াই চাই থাকা। যিকোনো লোককে বুজোৱা - এয়া বাবা, এয়া উত্তৰাধিকাৰ। বিষ্ণুৰ চিত্ৰও ভাল। ট্ৰেইনতো সেৱা কৰিব পাৰা, পিতাক স্মৰণ কৰা তেতিয়া বিশ্বৰ মালিক হৈ যাবা। সেৱা বহুত হ'ব পাৰে। কিন্তু কাৰো সেইখিনি জ্ঞান নাই। বহুত পুৰুষাৰ্থ কৰিব লাগে। যুদ্ধক্ষেত্ৰত এলেহুৱা জানো হ'ব লাগে। বহুত সাৱধান হ’ব লাগে। মন্দিৰবোৰত বহুত সেৱা হ'ব পাৰে। বচ্ বাবাই কয় – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা। মুখ্য কথাটি দৃঢ় কৰি দিব লাগে। সন্তানসকলৰ সেৱাৰ বহুত খেয়াল থাকিব লাগে। ত্ৰিমূৰ্তিৰ চিত্ৰত গোটেই জ্ঞান সমাহিত হৈ আছে। ছিৰিৰ চিত্ৰও ভাল। প্ৰত্যেকে ধন উপাৰ্জন কৰি নিজৰ উন্নতি কৰিব বিচাৰে। সৰু ল’ৰা-ছোৱালীকো যুক্তি শিকোৱা, সকলোৱে ধন্যবাদ জনাব। চমৎকাৰ ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ, সৰু ল’ৰা-ছোৱালীয়েও ইমান জ্ঞান দিয়ে যিটো কোনো সন্ন্যাসী আদিয়েও দিব নোৱাৰে। বিনাপইচাতে বস্তু পালে তেতিয়া ভাবিব এয়া আমাৰ কল্যাণৰ কাৰণে দিছে। কোৱা যে এয়া বিনামূলীয়া। আপোনালোকে লাগিলে পঢ়ক, ইয়াৰ দ্বাৰা নিজৰ কল্যাণ কৰক। শিৱবাবা ভোলা ভাণ্ডাৰী নহয় জানো। অনেক সন্তান আছে। বাবাৰ পইচাৰ কি দৰকাৰ আছে। ট্ৰেইনতো তোমালোকে বহুত সেৱা কৰিব পাৰা। ব্যক্তি ভাল যেন দেখিলে তেতিয়া তৎক্ষণাৎ তেওঁক বুজাই চিত্ৰ দি দিব লাগে। কোৱা আপুনি নিজৰো কল্যাণ কৰক আৰু আনৰো কল্যাণ কৰিব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) নিয়মৰ বিপৰীতে কোনো কাম কৰিব নালাগে। বহুত নিৰহংকাৰী, নিৰ্মোহী হ'ব লাগে। যিমান সম্ভৱ প্ৰতিটো কাৰ্য নিজ হাতেৰে কৰিব লাগে। যজ্ঞৰ সেৱা বহুত আনন্দেৰে কৰিব লাগে।
(2) পঢ়াত কেতিয়াও অজুহাত দেখুৱাব নালাগে। বেমাৰতো নিশ্চয় পঢ়িব লাগে। উৎসাহিত হৈ থাকিবৰ কাৰণে সেৱাৰ চখ (ৰুচি) ৰাখিব লাগে।
| বৰদান: |
সদায় স্বমানত স্থিৰ হৈ, নম্ৰ স্থিতিৰে সকলোকে সন্মান দিওঁতা মাননীয়, পূজনীয় হোৱা পিতাৰ যি মহিমা, সেয়াই তোমালোকৰ স্বমান। স্বমানত স্থিৰ হৈ থাকিলে নম্ৰ হৈ যাবা আৰু তেতিয়া সকলোৰে দ্বাৰা স্বতঃ মান পাই থাকিবা। মান বিচাৰিলে পোৱা নাযায়, কিন্তু আনক সন্মান দিলে, স্বমানত স্থিৰ হ’লে, মান ত্যাগ কৰিলে সকলোৰে মাননীয় তথা পূজনীয় হোৱাৰ ভাগ্য প্ৰাপ্ত হৈ যায়। কিয়নো সন্মান দিয়া মানে দিয়া নহয়, সন্মান পোৱাহে। |
| শ্লোগান: | জাননহাৰৰ লগতে কৰণহাৰ হৈ অসমর্থ আত্মাসকলক অনুভূতিৰ প্ৰসাদ বিলাই গৈ থাকা। |
!! ওঁম্ শান্তি !!
অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
কোনো ধৰণৰ দেহৰ, সম্বন্ধৰ বা বৈভৱৰ বন্ধনে যাতে নিজৰ ফালে আকৰ্ষিত নকৰে, এনেকুৱা স্বতন্ত্ৰ আত্মাইহে পিতাৰ সমান কৰ্মাতীত স্থিতি বা সম্পন্ন স্থিতিৰ অনুভৱ কৰে। ইয়াৰ বাবে অভ্যাস কৰা—এতিয়াই কৰ্মযোগী, এতিয়াই কৰ্মাতীত অৱস্থা। কোনো কৰ্মই যাতে নিজৰ বন্ধনত বান্ধি নলয়।
[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]