| 24-11-2026 |
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
|
মধুবন। |
| “মৰমৰ সন্তানসকল – জ্ঞান ধন দান কৰিবৰ বাবে বিচাৰ সাগৰ মন্থন কৰা, দানৰ নিচা ৰাখা তেতিয়া মন্থন চলি থাকিব” | |
| প্ৰশ্ন: | জ্ঞান মাৰ্গত সদায় নিজক স্বাস্থ্যৱান কৰি ৰখাৰ সাধন কি? |
| উত্তৰ: | জ্ঞান মাৰ্গত সদায় নিজক স্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে বাবাৰ দ্বাৰা যি জ্ঞান ৰূপী ঘাঁহ (মুৰুলী) পোৱা যায়, সেয়া খাই আকৌ পাগুলিব লাগে অৰ্থাৎ মন্থন কৰিব লাগে। যিসকল সন্তানৰ মন্থন কৰাৰ অৰ্থাৎ হজম কৰাৰ অভ্যাস আছে, তেওঁলোক বেমাৰত পৰিব নোৱাৰে। সদায় স্বাস্থ্যৱান তেওঁলোকেই হয় যাৰ বিকাৰৰ বেমাৰ নাই। |
| গীত: | তু প্যাৰ কা সাগৰ হ্যে…. (তুমি প্ৰেমৰ সাগৰ….) |
ওঁম্ শান্তি। সন্তানসকলে গীতটি শুনিলা। মনুষ্যই যিবোৰ গীত আদি ৰচনা কৰে, শাস্ত্ৰ আদি শুনায়, সেয়া একোৱে বুজি নাপায়। যি কিছু পঢ়ি আহিছে তাৰ দ্বাৰা কাৰো কল্যাণ হোৱা নাই আৰুহে অধিক অকল্যাণ হৈ আহিছে। সকলোৰে কল্যাণকাৰী এজনেই ঈশ্বৰ। তোমালোকে বুজি পোৱা আমাৰ কল্যাণ কৰোতাঁজন আহিছে। কল্যাণৰ ৰাস্তা দেখুৱাই আছে। মুখ্যতঃ তোমালোক ভাৰতবাসীসকলৰ, সাধাৰণভাৱে গোটেই জগতৰ কল্যাণ কৰোঁতা একমাত্ৰ পিতাহে হয়। সত্যযুগত সকলোৰে কল্যাণ আছিল, তোমালোক সকলো সুখধামত আছিলা আৰু বাকী সকলো শান্তিধামত আছিল। এয়া সন্তানসকলৰ বুদ্ধিত আছে কিন্তু সাৰ কথাবোৰ (পইণ্টচ) হেৰাই যায়, পূৰা ধাৰণা নকৰে। যদি এটা মূল কথাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি থাকে তেন্তে এনেকুৱা নহয়। জন্তুবোৰৰ যিমান বুদ্ধি আছে, আজিকালিৰ মনুষ্যৰ সিমানো বুদ্ধি নাই। জন্তুৱে (গৰুৱে) ঘাঁহ খোৱাৰ পাছত পাগুলি থাকে। তোমালোকেও ভোজন পোৱা। কিন্তু তোমালোকে আকৌ গোটেই দিন পাগুলি নাথাকা। সিহঁতেতো গোটেই দিন পাগুলিয়েই থাকে। এয়া তোমালোকে পোৱা জ্ঞানৰ ঘাঁহ। যোগ আৰু জ্ঞান। ইয়াৰ ওপৰত গোটেই দিন বিচাৰ সাগৰ মন্থন কৰি থাকিব লাগে। যিসকলৰ সেৱাৰ চখ নাই, তেওঁলোকে বিচাৰ সাগৰ মন্থন কৰি কি কৰিব। চখ নাথাকিলে তেতিয়া নকৰিবও। কোনো-কোনোৰ জ্ঞানধন দিয়াৰ চখ থাকে। গো-শালাত মনুষ্য গৈ গৰুক ঘাঁহ আদি দিয়ে। সেইটোও পুণ্য বুলি ভাবে। পিতাই তোমালোকক এই জ্ঞান ৰূপী ঘাঁহ খুৱায়। ইয়াৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি থাকিলে তেতিয়া আনন্দিত হৈও থাকিবা আৰু সেৱাৰ চখো থাকিব। কোনোৱে লোটা ভৰাই লয় অথবা এটোপাল লয়, তেওঁলোকো স্বৰ্গলৈ গুচি যাব। স্বৰ্গৰ দ্বাৰতো মুকলি হ’বই। এনেয়েতো জ্ঞান সাগৰক গ্ৰাস কৰিব লাগে। কোনোবাইতো গোটেইখন গ্ৰাস কৰে, কোনোবাই এটোপাল লয় তথাপিও স্বৰ্গলৈতো যাব। বাকী যিমানে ধাৰণা কৰিব সিমানে উচ্চ পদ পাব। বাকী স্বৰ্গলৈ এটোপাল ল’লেও গুচি যাব। মনুষ্য মৰাৰ সময়ত তেতিয়া তেওঁৰ মুখত এটোপাল গঙ্গাজল দি দিয়ে। কোনো কোনোৱে ঘৰত সদায় গঙ্গাজলেই পান কৰে। কিমান যে পান কৰে চাগৈ। গঙ্গাতো বৈ থাকে। গঙ্গাকতো কোনেও গ্ৰাস কৰিব নোৱাৰে। তোমালোকৰ বাবেতো গায়ন কৰা হৈছে - সাগৰক গ্ৰাস কৰি পেলালে। যিসকল জ্ঞান সাগৰৰ সমীপত আহি যায়, অধিক সেৱা কৰে, তেওঁলোকেই বিজয়মালাত গঁথা যায়। যিয়ে যিমানে গ্ৰাস কৰে আৰু অন্যৰ কল্যাণ কৰে, তেওঁলোকে পদো পায়, যিমান ধাৰণা কৰিব সিমান আনন্দিতও হ’ব। ধনৱানসকল আনন্দিত হয় নহয় জানো। যাৰ ওচৰত প্ৰচুৰ ধন থাকে, দান কৰে, ক’লেজ, ধৰ্মশালা, মন্দিৰ আদি স্থাপন কৰে তেতিয়া তেওঁলোকৰ ইমান আনন্দও থাকে। ইয়াততো তোমালোকে অবিনাশী জ্ঞান ৰত্ন পোৱা। 21 জন্মৰ বাবে অবিনাশী সম্পদ। যিসকলে ভালদৰে ধাৰণ কৰি আকৌ দানো কৰে, তেওঁলোকে ভাল পদ পায়। কোনো কোনো সন্তানে লিখে - বাবা আমাৰ অন্তৰে বিচাৰে চাকৰি এৰি এই আত্মিক সেৱাত লাগি যাওঁ। প্ৰজেক্টৰ, প্ৰদৰ্শনী লৈ ঘূৰি থাকোঁ। এটোপালো যদি কোনোবাই পায় তেন্তে কল্যাণ হৈ যাব। সেৱাৰ বহুত চখ আছে। বাকী প্ৰত্যকৰে অৱস্থাক বাবাই জানে। সেৱাৰ লগতে আকৌ গুণো লাগে। ক্ৰোধো থাকিব নালাগে, ওলোট-পালট খেয়ালো (বিচাৰো) আহিব নালাগে। বিকাৰৰ কোনো বেমাৰ থাকিব নালাগে। স্বাস্থ্য ভাল হ’ব লাগে। যাৰ বিকাৰ কম, বাবাই ক’ব এওঁ স্বাস্থ্যৱান। বাবাই মহিমা কৰিব নহয় জানো। গায়নো কৰা হৈছে – কোন কোন ভাল মহাৰথী হয়। তেওঁলোকে আকৌ অসুৰ আৰু দেৱতাসকলৰ যুদ্ধ দেখুৱাই দিছে। দেৱতাসকলৰ জয় হ’ল। এতিয়া আমাৰ যুদ্ধ হৈছে 5 বিকাৰ ৰূপী অসুৰৰ সৈতে। অন্য কোনো ধৰণৰ মনুষ্য অসুৰ নাথাকে, যাৰ আসুৰি স্বভাৱ আছে, তেওঁলোককেই অসুৰ বুলি কোৱা হয়। এক নম্বৰৰ আসুৰি স্বভাৱ হৈছে কাম বিকাৰৰ, সেইবাবে সন্ন্যাসীসকলেও ইয়াক এৰি আঁতৰি যায়। এই আসুৰি অৱগুণবোৰক এৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। থাকিবও লাগে গৃহস্থালিত কিন্তু আসুৰি স্বভাৱ এৰিব লাগে। পৱিত্ৰ হ’লে মুক্তি জীৱনমুক্তি পায়। কিমান শ্ৰেষ্ঠ প্ৰাপ্তি। তেওঁলোকেতো ঘৰ-সংসাৰ এৰি আঁতৰি যায়, প্ৰাপ্তি একোৱেই নাই। এই চিত্ৰবিলাকত বুজিবলগীয়া কিমান ভাল ভাল কথা আছে। তেওঁলোকেতো কেৱল চিত্ৰবিলাকৰ প্ৰদৰ্শনী কৰে। কেৱল চিত্ৰ চাবলৈ কিমান যায়। লাভ একোৱেই নাই। ইয়াত এই চিত্ৰবোৰত কিমান জ্ঞান আছে, ইয়াৰ দ্বাৰা বহুত লাভ হয়। ইয়াত কলা আদিৰ কোনো কথা নাই। অংকন কৰোঁতাসকলৰ বুদ্ধিমত্তা আদিও নাই। তেওঁলোকৰতো নাম চিত্ৰৰ ওপৰত লিখা থাকে। কলাকাৰসকলেও পুৰস্কাৰ পায়। বহুতে ইমানখিনি বুজে যে হয় পিতাকতো নিশ্চয় স্মৰণ কৰিব লাগে। ইমানখিনি ক’লেও প্ৰজা হৈ গ’ল। প্ৰজাও অনেক হ’ব। মইতো হৈছোঁ জ্ঞানৰ সাগৰ। এটোপালো যদি কোনোবাই পায় তেন্তে স্বৰ্গলৈ আহিয়েই যাব।
তোমালোকে বুজি পোৱা প্ৰদৰ্শনী, মেলাৰ দ্বাৰা বহুতৰ কল্যাণ হয়। ঈশ্বৰ কল্যাণকাৰী হয়, নহয় জানো। তোমালোকৰো কল্যাণ হৈ আছে। কিন্তু এই ক্ষেত্ৰত আকৌ নিজৰ বিচাৰ সাগৰ মন্থন চলি থাকিব লাগে। স্মৃতিত আনি থাকিলেতো বহুত লাভ হ’ব। ওলোট-পালট কথাতো এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিব লাগে। পিতাই কয় - মই তোমালোকক বহুত ভাল কথা শুনাওঁ। প্ৰথম নম্বৰৰ মুখ্য কথা এটাই - সকলোকে পিতাৰ পৰিচয় দিয়া। বচ্ এজন পিতাক স্মৰণ কৰা, তেৱেঁই সৰ্বস্ব। ভক্তিমাৰ্গত বহুত এনেকুৱা থাকে। কোৱা আপুনিতো এয়া বহুত ভাল কৰিছে। আঙুলিৰে ইঙ্গিত দিয়ে। সকলো পৰমাত্মাই কৰায়। তেওঁ সকলোৰে কল্যাণকাৰী ওপৰত থাকে। নিবাসতো তোমালোক আত্মাসকলেও তাতেই কৰা। এয়া গোটেই জ্ঞানৰ কথাবোৰ তোমালোকে এতিয়া বুজি পোৱা।
পিতাই কয় - সন্তানসকল, এতিয়া তোমালোকৰ এই বস্ত্ৰ (শৰীৰ) ওৱলি (পচি) গৈছে। সত্যযুগ ত্ৰেতাত কিমান ভাল বস্ত্ৰ আছিল। এতিয়া ওৱলি যোৱা বস্ত্ৰ কিমানলৈকে পিন্ধিবা। কিন্তু এইটো কোনেও বুজি নাপায়। পিতা আহি যেতিয়া বুজায় তেতিয়া বুজিব। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে জ্ঞান দিওঁতা একমাত্ৰ পিতাই হয়। তেওঁ হ’ল সাগৰ। যিসকলে সাগৰক গ্ৰাস কৰে (গোটেই জ্ঞান আহৰণ কৰি লয়) তেওঁলোকেই বিজয় মালাৰ মণি হৈ যায়। তেওঁলোক সদায় সেৱাতেই তৎপৰ হৈ থাকে। বাবা আহিছেই সন্তানসকলক পাৱন কৰি তুলিবলৈ, পাৱন হৈ আকৌ উভতি যাব লাগে। য’ৰ পৰা আহিছে ত’লৈকে ক্ৰমানুসৰি উভতি যাব। আগে পিছে যাব নোৱাৰে। নাটকত ভাৱৰীয়াসকলৰ ভূমিকা সময়মতে হয় নহয় জানো। ইয়াতো যিসকল ভাৱৰীয়া আছে তেওঁলোক ক্ৰমানুসৰি নিজৰ নিজৰ সময়ত আহি থাকিব। এইখন বেহদৰ নাটক ৰচি থোৱা আছে। ব্ৰহ্মত আমি আত্মাসকল বিন্দু ৰূপত থাকোঁ। তাত অন্য আৰু কি থাকিব। ক’ত এটা আত্মা বিন্দু ক’ত ইমান ডাঙৰ শৰীৰ। আত্মাই কিমান অলপ ঠাই লয়। ব্ৰহ্ম মহাতত্ত্ব কিমান বিশাল। যেনেকৈ আকাশৰ (মহাশূন্যৰ) অন্ত নাই, তেনেকৈ ব্ৰহ্ম মহাতত্ত্বৰো অন্ত নাথাকে। কিমান চেষ্টা কৰে অন্তক জানিবলৈ, কিন্তু পাব নোৱাৰে, কিমান মগজ খটুৱাই থাকে। কিন্তু কোনো বস্তুৱেই নাই যাক ধৰিব পাৰে বা সিপাৰে যাব পাৰে। বিজ্ঞানৰ অহংকাৰ কিমান। একোৱেই লাভ নাই। শুনিছা নহয় - আকাশেই আকাশ, পাতালেই পাতাল। এনেকৈ ভাবে যে চন্দ্ৰত সৃষ্টি আছে। সেয়াও নাটকত তেওঁলোকৰ ভূমিকা আছে। লাভ একো নাই। পিতাতো আহি আমাক বিশ্বৰ মালিক কৰি তোলে। কিমান লাভ হয়। বাকী চন্দ্ৰলৈ যোৱা, ছু-মন্ত্ৰৰে ভূত আদি খেদা… ইয়াৰ পৰা লাভ কি! এতিয়াতো আমি বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লওঁ। কল্পই কল্পই লৈ আহিছোঁ। বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হয়। এই চক্ৰ ঘূৰি থাকে। সৃষ্টিত প্ৰথমে কেৱল ভাৰতেই আছিল। ভাৰতবাসীয়েই বিশ্বৰ মালিক আছিল। তাত দেৱতাসকলে অন্য কোনো খণ্ডৰ কথা গম নাপায়। এয়াতো পাছলৈ বৃদ্ধি পায়। নতুন নতুন ধৰ্ম প্ৰতিষ্ঠাতা আহি নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। বাকী তেওঁলোক কোনেও সৎগতিতো নকৰে, কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ কি গায়ন হ’ব! মুক্তিধামৰ পৰা ভূমিকা পালন কৰিবলৈ আহে। মনুষ্যই কয় - মোক্ষত বহি থাকোঁ। এই অহা-যোৱাৰ চক্ৰত আহোঁৱেই বা কিয়! কিন্তু ইয়াততো আহিবই লাগিব। পুনৰ্জন্ম ল’বই লাগিব, আকৌ উভতি যাব লাগিব। এয়া পূৰ্ব নিৰ্ধাৰিত নাটকৰ চক্ৰ। লাখ লাখ বছৰৰ কোনো নাটকতো নাথাকেই। এইখনতো প্ৰাকৃতিক অনাদি নাটক, ইয়াক কোৱা হয় ঈশ্বৰীয় প্ৰকৃতি। ৰচয়িতা আৰু ৰচনাৰ যি প্ৰকৃতি তাক জনা উচিত। এনেকুৱা কোনো মনুষ্য নাই যিয়ে বহি সৃষ্টিচক্ৰক জানিবলৈ পুৰুষাৰ্থ কৰে। এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে, এইটো খেয়াল কৰিবই নোৱাৰিব। আটাইতকৈ পুৰণি চিত্ৰ হ’ল শিৱলিঙ্গৰ। খোদাৰ (ভগৱানৰ) আগমন হৈছে আকৌ তেওঁৰ স্মাৰক তৈয়াৰ কৰে। প্ৰথমে যেতিয়া শিৱৰ পূজা আৰম্ভ হয় তেতিয়া হীৰাৰ লিঙ্গ সাজে। আকৌ যেতিয়া ভক্তি ৰজো তমো হৈ যায় তেতিয়া পাথৰৰো সাজে। শিৱবাবাতো হীৰাৰ নহয়। তেওঁতো এটা বিন্দু হয়, পূজাৰ বাবে ডাঙৰকৈ সাজে। ভাবে যে মই হীৰাৰ শিৱলিঙ্গ সাজিম। সোমনাথৰ ইমান ডাঙৰ মন্দিৰত এটা বিন্দু ৰাখিলে তেতিয়া বুজিও নাপাব। পিতাই বুজায় - ভক্তি মাৰ্গত কি কি হয়। বৈজ্ঞানীকসকলে আৱিষ্কাৰ কৰি থাকে। ভাল ভাল বস্তু উলিয়াই থাকে। বিনাশৰ কাৰণেও উলিয়াই থাকে। আগতে জানো বিজুলী আছিল। মাটিৰ চাকি জ্বলাইছিল।
পিতাই বুজায় - মৰমৰ সন্তানসকল, অলপতে ৰাজী হৈ নাযাবা। ভালদৰে ধাৰণ কৰি সাগৰক গ্ৰাস কৰা। যিসকলে ভালকৈ সেৱা কৰিব তেওঁলোকে পদো ভাল পাব। গোটেই দিন আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ থাকিব লাগে। এইখনটো ছিঃ ছিঃ জগত। এতিয়া ইয়াৰ পৰা যামগৈ। পুৰণি সৃষ্টিতো নাশ হ’বই। প্ৰস্তুতি চলি আছে। বাকী কিছু দিন আছে, এইখিনি সময়তো কিমান সেৱা কৰিবলগীয়া আছে। সমগ্ৰ ভাৰততেই নহয় বিলাততো সকলোফালে পৰিক্ৰমা লগাব লাগে। বাতৰিকাকতৰ দ্বাৰা বিলাতৰ চুকে-কোণেও গম পাই যাব। এই ছিৰি আদি চিত্ৰবোৰৰ দ্বাৰা তৎক্ষণাৎ বুজি পাব। পিতা আহেই সন্তানসকলক পুনৰাই স্বৰ্গবাসী কৰি তুলিবলৈ। যথাযথ লক্ষ্মী-নাৰায়ণে ভাৰততে ৰাজত্ব কৰি গৈছে। মহিমাতো বহুত কৰে যে ভাৰত প্ৰাচীন দেশ হয়। বহুত মহিমা কৰে ভাৰত এনেকুৱা আছিল, ভাৰতত এনেকুৱা পৱিত্ৰ দেবীসকল আছিল। তোমালোকে জানা যে আমি পিতাৰ পৰা 21 জন্মৰ প্ৰালব্ধ পাওঁ। পিতাই একেবাৰে সাধাৰণকৈ পঢ়ৱায়। এনেকৈ দেখুৱায় যে দ্ৰৌপদীৰ ভৰি পিটিকি দিলে, সেয়াও একো নহয়। বাবাইতো এনেকৈ কয় যে সন্তানসকল ভক্তি মাৰ্গত ঠেকা-খুন্দা খাই ক্লান্ত হৈ পৰিছে। এতিয়া মই তোমালোকৰ ক্লান্তি দূৰ কৰোঁ, তোমালোক ঠেকা-খুন্দা খাই খাই পতিত হৈ গৈছা। পিতাই কয় - মই তোমালোকৰ ক্লান্তি দূৰ কৰি আছোঁ। পুনৰ কেতিয়াও দুখ দেখিবলৈ নাপাবা। কিঞ্চিৎ মাত্ৰও দুখৰ নাম নাথাকিব। বাকী পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে। ভাল পদ পালে তেতিয়া ক’ব নহয় যে এওঁ পূৰ্বৰ জন্মত ভাল কৰ্ম কৰিছে। গায়নতো হয় নহয়। কিন্তু কোনেও নাজানে যে এওঁলোকে (লক্ষ্মী-নাৰায়ণে) কেতিয়া পুৰুষাৰ্থ কৰি এই পদ পালে! এতিয়া পিতাই তোমালোকক এনেকুৱা কৰ্ম শিকায়। তোমালোককো কয় - ভাল কৰ্ম কৰি উচ্চ পদ লোৱা। ইয়াত মনুষ্যৰ কৰ্ম বিকৰ্ম হৈ যায়। তাততো হয়েই স্বৰ্গ। কৰ্ম অকৰ্ম হয়। তাত এই জ্ঞান নাথাকে। পিতাই কয় - কৰ্মৰ গতিক মই জানোঁ। এই সময়ত যিয়ে ভাল কৰ্ম কৰিব তেওঁ ফলো ভাল পাব। এয়া হৈছে কৰ্মক্ষেত্ৰ। কোনোবাই বহুত ভাল কৰ্ম কৰে। কিছুমান আছে যাৰ সেৱাৰেই চিন্তা চলি থাকে। সোধে পিতা মোৰ মাজত কিবা ত্ৰুটি আছে নেকি? নহয়, সেৱাতো যিমান কৰিব পাৰিম সিমানেই কৰিম। সেৱা বৃদ্ধি হৈ থাকিব। সেৱা কৰোঁতাসকলো ওলাই আহিব। অন্তৰত নিশ্চয় আছে - বাকী কেইটিমান দিন আছে। এতিয়া এনেকুৱা পুৰুষাৰ্থ কৰা যাতে তাতো উচ্চ পদ পোৱা। পিতাই এই জ্ঞান ৰূপী ঘাঁহ খুৱায়, কয় পাগুলি থাকা তেতিয়া ধাৰণা দৃঢ় হৈ যাব। আনন্দৰ পাৰাও উৰ্দ্ধগামী হ’ব। বহুত সেৱা কৰিব লাগে, বহুতক বাৰ্তা দিব লাগে। তোমালোক হৈছা পয়গম্বৰৰ (বৰ্তাবাহকৰ) সন্তান পয়গম্বৰ। এদিন জনপ্ৰিয় বাতৰিকাকততো তোমালোকৰ চিত্ৰ প্ৰকাশ হ’ব। বিলাতলৈকেতো বাতৰিকাকত যায় নহয় জানো। চিত্ৰৰ দ্বাৰা বুজি পাব, এই জ্ঞানতো পৰম পিতাৰ হয়, বাকী মনমনাভৱ হোৱাৰ ক্ষেত্ৰত পৰিশ্ৰম হয়। ভাৰতবাসীয়েহে পৰিশ্ৰম কৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) পিতাই যিবোৰ ভাল ভাল কথা শুনায়, তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি বহুতৰ কল্যাণকাৰী হ’ব লাগে। ওলোট-পালট (অদৰকাৰী) কথা এখন কাণেৰে শুনি আনখনৰে উলিয়াই দিব লাগে।
(2) কিবা আসুৰি স্বভাৱ থাকিলে সেয়া ত্যাগ কৰিব লাগে। পিতাই যি জ্ঞান ৰূপী ঘাঁহ খুৱায়, সেয়া পাগুলি থাকিব লাগে।
| বৰদান: |
সকলো সম্পদ বিশ্ব কল্যাণৰ প্ৰতি ব্যৱহাৰ কৰোঁতা সিদ্ধি স্বৰূপ হোৱা যেনেকৈ নিজৰ হদৰ প্ৰবৃত্তিত, নিজৰ সীমিত স্বভাৱ-সংস্কাৰৰ প্ৰবৃত্তিত বহুত সময় লগাই দিয়া, কিন্তু নিজৰ নিজৰ প্ৰবৃত্তিৰ পৰা উৰ্দ্ধত অৰ্থাৎ অনাসক্ত হৈ থাকা আৰু প্ৰতিটো সংকল্প, বাক্য, কৰ্ম আৰু সম্পৰ্ক-সম্বন্ধত সন্তুলন ৰাখা, তেতিয়া সকলো সম্পদৰ মিতব্যয়িতাৰ দ্বাৰা কম খৰচ কৰি চলোঁতা বাদশ্বাহ হৈ যাবা। এতিয়া সময়ৰূপী সম্পদ, শক্তিৰ সম্পদ আৰু স্থূল সম্পদত কম খৰচ কৰোঁতা বাদশ্বাহ হোৱা, এইবোৰ নিজৰ সলনি বিশ্ব কল্যাণৰ প্ৰতি ব্যৱহাৰ কৰা, তেতিয়া সিদ্ধি স্বৰূপ হৈ যাবা। |
| শ্লোগান: | এজনৰ প্ৰেমত সদায় মগ্ন হৈ থাকা, তেতিয়া নিৰ্বিঘ্ন হৈ যাবা। |
!! ওঁম্ শান্তি !!
অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
এতিয়া সেৱাৰ বা কৰ্মৰ বন্ধনতো আবদ্ধ নহ’বা। আমাৰ স্থান, আমাৰ সেৱা, আমাৰ বিদ্যাৰ্থী, আমাৰ সহযোগী আত্মা—এই সকলোবোৰো সেৱাৰ কৰ্মৰ বন্ধন। এই কৰ্মবন্ধনৰ পৰা উৰ্দ্ধত অৰ্থাৎ কৰ্মাতীত হোৱা। যেনেকৈ পিতা ব্ৰহ্মাই সদায় অনাসক্ত আৰু স্নেহী হোৱাৰ সন্তুলন বজাই ৰাখিলে। সকলোকে আপোনতাৰ অনুভৱ কৰায়ো প্ৰত্যেকৰে সম্বন্ধ সেই এজন নিৰাকাৰ পিতাৰ সৈতে গঢ়িলে ঠিক তেনেকৈ তোমালোক সন্তানসকলেও সকলোকে আপোনতাৰ অনুভৱ কৰাই আত্মাসকলক সমীপ ঠিকনাত উপনীত কৰাওঁতা হোৱা, তেতিয়া পিতাৰ সমান বুলি কোৱা হ’ব॥
[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]