অসমীয়া মুরলি · Brahma Kumaris

অসমীয়া মুরলি · 26 ডিচেম্বৰ, 2024

ওম শান্তি · BapDada ·

আজিৰ মুরলি — today’s murli in Assamese, every morning.

18
মুরলি26 ডিচেম্বৰ, 2024 · অসমীয়া
0:00--:--

পাঠ বাছক → হাইলাইট / বক্স / আণ্ডাৰলাইন

26-12-2024
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
মধুবন।
“মৰমৰ সন্তানসকল – তোমালোকে এতিয়া পাঠ পঢ়ি আছা, এয়া হৈছে পতিতৰ পৰা পাৱন হোৱাৰ পাঠ, তোমালোকে এয়া পঢ়িব আৰু পঢ়াব লাগে"
প্ৰশ্ন: জগতত কোনটো জ্ঞান থকা সত্বেও অজ্ঞান অন্ধকাৰত আছে?
উত্তৰ: মায়াৰ জ্ঞান, যাৰ দ্বাৰা বিনাশ হয়। চন্দ্ৰলৈকে যায়, এই জ্ঞান বহুত আছে কিন্তু নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিৰ জ্ঞান কাৰো নাই। সকলো অজ্ঞান অন্ধকাৰত আছে, সকলো জ্ঞান নেত্ৰৰ ফালৰ পৰা অন্ধ। তোমালোকে এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। তোমালোক জ্ঞানৱান সন্তানসকলে জানা যে তেওঁলোকৰ মগজত বিনাশৰ খেয়াল আছে, তোমালোকৰ বুদ্ধিত স্থাপনাৰ খেয়াল আছে।

ওঁম্ শান্তি। পিতাই এই শৰীৰৰ দ্বাৰা বুজায়, এওঁক জীৱ বুলি কোৱা হয়। এওঁৰ শৰীৰত আত্মাও আছে আৰু মই ইয়াতে আহি বহোঁ, এইটো প্ৰথমে দৃঢ় হোৱা উচিত। এওঁক দাদা বুলি কোৱা হয়। এইটো নিশ্চয়তা সন্তানসকলৰ অতি দৃঢ় হোৱা উচিত। এইটো নিশ্চয়তাৰেই জ্ঞান মন্থন কৰিব লাগে। যথাযথ বাবা যাৰ শৰীৰত প্ৰৱেশ কৰিছে, সেইজন পিতাই নিজেই কয় – মই এওঁৰ বহুত জন্মৰ অন্তত আহোঁ। সন্তানসকলক বুজোৱা হৈছে, এয়া হৈছে সকলো শাস্ত্ৰৰ শিৰোমণি ‘গীতা’ৰ জ্ঞান। শ্ৰীমত অৰ্থাৎ শ্ৰেষ্ঠ মত। আটাইতকৈ শ্ৰেষ্ঠ মত হৈছে ভগৱানৰ। যাৰ শ্ৰেষ্ঠ মতেৰে তোমালোক দেৱতা হোৱাগৈ। পিতাই নিজেই কয় – মই তেতিয়াই আহোঁ যেতিয়া তোমালোক ভ্ৰষ্ট মতত চলি পতিত হৈ যোৱা। মনুষ্যৰ পৰা দেৱতা হোৱাৰ অৰ্থও বুজিব লাগে। বিকাৰী মনুষ্যৰ পৰা নিৰ্বিকাৰী দেৱতা কৰি তুলিবলৈ পিতা আহে। সত্যযুগত মনুষ্যই থাকে কিন্তু দৈৱী গুণধাৰী। এতিয়া কলিযুগত হৈছে সকলো আসুৰি গুণধাৰী। হওঁতে গোটেইখন মনুষ্য সৃষ্টিয়েই। কিন্তু এয়া হৈছে ঈশ্বৰীয় বুদ্ধি আৰু সেয়া হৈছে আসুৰি বুদ্ধি। ইয়াত হৈছে জ্ঞান, তাত হৈছে ভক্তি। জ্ঞান আৰু ভক্তি বেলেগ বেলেগ। ভক্তিৰ কিমান গ্ৰন্থ আছে। জ্ঞানৰ গ্ৰন্থ এখনেই। এজন জ্ঞানসাগৰৰ গ্ৰন্থ এখনেই হোৱা উচিত। যিয়ে ধৰ্ম প্ৰতিষ্ঠা কৰে তেওঁৰ গ্ৰন্থও এখনে হয় যাক ধৰ্ম গ্ৰন্থ বুলি কোৱা হয়।

প্ৰথম ধৰ্ম গ্ৰন্থ হৈছে ‘গীতা’। প্ৰথমতে হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্ম, হিন্দু ধৰ্ম নহয়। মনুষ্যই ভাবে ‘গীতা’ৰ দ্বাৰা হিন্দু ধৰ্ম প্ৰতিষ্ঠা হ’ল। ‘গীতা’ৰ জ্ঞান শ্ৰীকৃষ্ণই দিলে। কেতিয়া দিলে? পৰম্পৰাৰ পৰা। কোনো শাস্ত্ৰত শিৱ ভগৱানুবাচ বুলিতো নাই। তোমালোকে এতিয়া বুজি পোৱা এই ‘গীতা’ জ্ঞানৰ দ্বাৰাই মনুষ্যৰ পৰা দেৱতা হৈছে, যি জ্ঞান এতিয়া পিতাই আমাক প্ৰদান কৰি আছে। ইয়াকে ভাৰতৰ প্ৰাচীন ৰাজযোগ বুলি কোৱা হয়। যিখন ‘গীতা’তে কাম মহাশত্ৰু বুলি লিখা আছে। এই শত্ৰুৱেই তোমালোকক পৰাজিত কৰিলে। পিতাই ইয়াৰ ওপৰতে বিজয়ী কৰি জগতজিৎ বিশ্বৰ মালিক কৰি তোলে। বেহদৰ পিতাই বহি এওঁৰ দ্বাৰা তোমালোকক পঢ়ায়। তেওঁ হৈছে সকলো আত্মাৰ পিতা। এওঁ আকৌ হৈছে সকলো মনুষ্য আত্মাৰ বেহদৰ পিতা। নামেই হৈছে প্ৰজাপিতা ব্ৰহ্মা। তোমালোকে কাৰোবাক সুধিব পাৰা যে ব্ৰহ্মাৰ পিতাৰ নাম কি, তেতিয়া বিবুদ্ধিত পৰিব। ব্ৰহ্মা, বিষ্ণু, শংকৰ এই তিনিওজনৰ কোনোবা পিতা থাকিব নহয়। ব্ৰহ্মা, বিষ্ণু, শংকৰক সূক্ষ্মলোকত দেৱতা ৰূপত দেখুৱায়। তেওঁলোকৰ ওপৰত হৈছে শিৱ। সন্তানসকলে জানে শিৱবাবাৰ সন্তান যিসকল আত্মা আছে সেই আত্মাসকলে শৰীৰ ধাৰণ কৰিছে, তেওঁতো সৰ্বদা নিৰাকাৰ পৰমপিতা পৰমাত্মাই হয়। আত্মাইহে শৰীৰৰ দ্বাৰা কয় – হে পৰমপিতা। কিমান সহজ কথা! ইয়াকে কোৱা হয় ‘অল্ফ’ (আল্লা) আৰু ‘বে’ (বাদশ্বাহী) ৰ পঢ়া। কোনে পঢ়ায়? ‘গীতা’ৰ জ্ঞান কোনে শুনালে? শ্ৰীকৃষ্ণকতো ভগৱান বুলি কোৱা নহয়। তেওঁতো দেহধাৰী। মুকুটধাৰী। শিৱতো হৈছে নিৰাকাৰ। তেওঁৰতো কোনো মুকুট আদি নাই। তেৱেঁই হৈছে জ্ঞানৰ সাগৰ। পিতাই হৈছে বীজ ৰূপ চৈতন্য। তোমালোকো চৈতন্য। গোটেই বৃক্ষৰ আদি, মধ্য, অন্তৰ বিষয়ে তোমালোকে জানা। যদিও তোমালোক মালী নহয় কিন্তু বুজিব পাৰা যে বীজ কেনেকৈ সিঁচা হয়, তাৰ পৰা কেনেকৈ বৃক্ষ অংকুৰিত হয়। সেয়া হৈছে জড়, এয়া হৈছে চৈতন্য। আত্মাক চৈতন্য বুলি কোৱা হয়। তোমালোক আত্মাসকলৰে জ্ঞান আছে, আৰু কোনো আত্মাৰ জ্ঞান থাকিব নোৱাৰে। গতিকে পিতা হৈছে চৈতন্য মনুষ্য সৃষ্টিৰ বীজৰূপ। এয়া হৈছে চৈতন্য ৰচনা।

সেয়া সকলো হৈছে জড় বীজ। এনেকুৱা নহয় যে জড় বীজত জ্ঞান আছে। এওঁতো হৈছে চৈতন্য বীজৰূপ, এওঁৰ গোটেই সৃষ্টিৰ জ্ঞান আছে। বৃক্ষৰ উৎপত্তি, প্ৰতিপালন আৰু বিনাশৰ গোটেই জ্ঞান তেওঁৰ আছে। আকৌ নতুন বৃক্ষ কেনেকৈ অংকুৰিত হয় সেয়া হৈছে গুপ্ত। তোমালোকে জ্ঞানো গুপ্তভাৱে পোৱা। পিতাও গুপ্ত ৰূপত আহিছে। তোমালোকে জানা যে এয়া পুলি ৰোপণ কৰি থকা হৈছে। এতিয়াতো সকলো পতিত হৈ গৈছে। বাৰু, বীজৰ পৰা প্ৰথম পাতখিলা ওলাল, সেয়া কোন আছিল? সত্যযুগৰ প্ৰথম পাতখিলা শ্ৰীকৃষ্ণকে কোৱা হ’ব। লক্ষ্মী-নাৰায়ণকতো কোৱা নহ’ব। নতুন পাত সৰু হয়। পাছত ডাঙৰ হয়। তেন্তে এই বীজৰ কিমান মহিমা। এয়াতো চৈতন্য হয় নহয়। যদিও আন আন পাতো ওলায়, ক্ৰমান্বয়ে সিহঁতৰ মহিমা কম হৈ যায়। এতিয়া তোমালোক দেৱতা হৈ আছা। গতিকে মূল কথা হৈছে আমি দৈৱী গুণ ধাৰণ কৰিব লাগে। এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) দৰে হ’ব লাগে। চিত্ৰও আছে। এই চিত্ৰবোৰ নাথাকিলে বুদ্ধিত জ্ঞান কেনেকৈ উদয় হ’লহেঁতেন। এই চিত্ৰবোৰ বহুত কামত আহে। ভক্তিমাৰ্গত এই চিত্ৰবোৰৰ পূজা হয় আৰু জ্ঞানমাৰ্গত তোমালোকে এই চিত্ৰবোৰৰ পৰাই জ্ঞান পোৱা যে এওঁলোকৰ দৰে হ’ব লাগে। ভক্তিমাৰ্গত এনেকৈ নুবুজে যে আমি এনেকুৱা হ’ব লাগে। ভক্তিমাৰ্গত মন্দিৰ আদি কিমান নিৰ্মাণ কৰে, সকলোতকৈ বেছি মন্দিৰ কাৰ হ’ব? নিশ্চয় শিৱবাবাৰ হ’ব। তাৰপাছত আকৌ ৰচনাৰ হ’ব। প্ৰথম ৰচনা হৈছে এই লক্ষ্মী-নাৰায়ণ, গতিকে শিৱৰ পাছত এওঁলোকৰ পূজা আটাইতকৈ বেছি হ’ব। মাতাসকল, যিসকলে জ্ঞান দিয়ে তেওঁলোকৰ নহয়। তেওঁলোকেতো পঢ়ে। তোমালোকৰ পূজা এতিয়া নহয় কিয়নো তোমালোকে এতিয়া পঢ়ি আছা। যেতিয়া তোমালোকে পঢ়ি শেষ কৰিবা আৰু এই শিক্ষাৰ প্ৰয়োজন নাথাকিব তেতিয়া পূজা হ’ব। এতিয়া তোমালোক দেৱী-দেৱতা হোৱা। সত্যযুগত জানো পিতা পঢ়াবলৈ যাব! তাত এনেকুৱা পঢ়া জানো থাকিব! এই পঢ়া হৈছে পতিতক পাৱন কৰি তুলিবলৈ। তোমালোকে জানা আমাক যিয়ে এনেকুৱা কৰি তোলে তেওঁৰ পূজা হ’ব তাৰপাছত আমাৰো পূজা ক্ৰমানুসৰি হ’ব। আকৌ অধঃপতিত হৈ 5 তত্বৰো পূজা কৰিবলৈ লাগি যায়। 5 তত্বৰ পূজা মানে পতিত শৰীৰৰ পূজা। বুদ্ধিত এইটো জ্ঞান আছে যে এই লক্ষ্মী-নাৰায়ণৰ গোটেই সৃষ্টিত ৰাজ্য আছিল। এই দেৱী-দেৱতাসকলে ৰাজ্য কেনেকৈ আৰু কেতিয়া পালে? এয়া কোনেও নাজানে। লাখ লাখ বছৰ বুলি কৈ দিয়ে। লাখ লাখ বছৰৰ কথাতো কাৰো বুদ্ধিত ধাৰণেই হ’ব নোৱাৰে সেয়েহে কৈ দিয়ে এয়া পৰম্পৰাগতভাৱে চলি আহিছে। এতিয়া তোমালোকে জানা দেৱী-দেৱতা ধৰ্মাৱলম্বীসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰ হৈ গ’ল, যিসকল ভাৰতত আছে তেওঁলোকে নিজক হিন্দু বুলি কৈ দিয়ে কিয়নো পতিত হোৱা বাবে দেৱী-দেৱতা বুলি ক’লে শোভা নাপায়। কিন্তু মনুষ্যৰ জ্ঞানেই বা ক’ত। দেৱী-দেৱতাসকলতকৈও উচ্চ শিৰোনাম নিজৰ নামত লাগাই দিয়ে। পাৱন দেৱী-দেৱতাসকলৰ পূজা কৰি মূৰ দোৱাই থাকে, কিন্তু নিজক জানো পতিত বুলি ভাবে!

ভাৰতত বিশেষকৈ কন্যাসকলক কিমান নমন কৰে। কুমাৰসকলক ইমান নকৰে। পুৰুষতকৈ মহিলাক বেছিকৈ নমন কৰে কিয়নো এই সময়ত জ্ঞান অমৃত প্ৰথমে এই মাতাসকলে পায়। পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰে। এইটোও বুজি পোৱা এওঁ (ব্ৰহ্মা বাবা) হৈছে জ্ঞানৰ ডাঙৰ নদী। জ্ঞান নদীও হয় আকৌ পুৰুষো হয়। ব্ৰহ্মপুত্ৰ নদী আটাইতকৈ ডাঙৰ যি কলিকতাৰ (এতিয়া কোলকাতা) ফালে সাগৰত গৈ মিলিত হয়। মেলাও তাতে হয় কিন্তু তেওঁলোকে এইটো নাজানে যে এয়া হৈছে আত্মা আৰু পৰমাত্মাৰ মেলা। সেয়াতো হৈছে পানীৰ নদী যাৰ নাম ব্ৰহ্মপুত্ৰ ৰাখিছে। তেওঁলোকেতো ব্ৰহ্মক ঈশ্বৰ বুলি কৈ দিয়ে সেইকাৰণে ব্ৰহ্মপুত্ৰক পাৱন বুলি ভাবে। বাস্তৱত গংগাক পতিত-পাৱন বুলি কোৱা নহয়। ইয়াত সাগৰ আৰু ব্ৰহ্মা নদীৰ মিলন হয়। পিতাই কয় – এওঁ মহিলাতো নহয় যাৰ দ্বাৰা তুলি লোৱা হয়, এয়া অতি গূঢ় বুজিবলগীয়া কথা যি আকৌ প্ৰায় লোপ হৈ যাব। আকৌ পাছত মনুষ্যই ইয়াৰ আধাৰত শাস্ত্ৰ আদি ৰচনা কৰে। প্ৰথমতে হাতেৰে লিখা শাস্ত্ৰ আছিল, পাছলৈ ডাঙৰ ডাঙৰ কিতাপ ছপা কৰিলে। সংস্কৃতত শ্লোক আদি নাছিল। এয়াতো একেবাৰে সহজ কথা। মই এওঁৰ দ্বাৰা ৰাজযোগ শিকাওঁ তাৰপাছত এই সৃষ্টিয়েই নাশ হৈ যাব। শাস্ত্ৰ আদি একোৱেই নাথাকিবগৈ। আকৌ ভক্তিমাৰ্গত এই শাস্ত্ৰ আদি ৰচনা কৰিব। মনুষ্যই ভাবে এই শাস্ত্ৰ আদি পৰম্পৰাগতভাৱে চলি আহিছে, ইয়াক অজ্ঞান অন্ধকাৰ বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকলক পিতাই পঢ়ায় যাৰ দ্বাৰা তোমালোক আলোকত আহিছা। সত্যযুগত হৈছে পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ। কলিযুগত সকলো অপৱিত্ৰ প্ৰবৃত্তি মাৰ্গ। এয়াও হৈছে ড্ৰামা। পাছত হৈছে নিবৃত্তি মাৰ্গ, যাক সন্ন্যাস ধৰ্ম বুলি কয়, জংঘলত গৈ থাকে। সেয়া হৈছে হদৰ (সীমিত) সন্ন্যাস। থাকেতো এই পুৰণি সৃষ্টিতে। এতিয়া তোমালোক নতুন সৃষ্টিলৈ যোৱা। তোমালোকেতো পিতাৰ পৰা জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা তেন্তে তোমালোক কিমান জ্ঞানৱান হোৱা। ইয়াতকৈ বেছি জ্ঞান আৰু নাই। সেয়াতো হৈছে মায়াৰ জ্ঞান যাৰ দ্বাৰা বিনাশ হয়। সেই লোকসকলে চন্দ্ৰলৈ গৈ গৱেষণা কৰে। তোমালোকৰ কাৰণে কোনো নতুন কথা নহয়। এয়া সকলো মায়াৰ পাম্প। বহুত জাকজমকতা কৰে। একেবাৰে গভীৰত যায় যাতে কিবা চমৎকাৰ কৰি দেখুৱাব পাৰে। বহুত চমৎকাৰ কৰিলে আকৌ লোকচান হৈ যায়। তেওঁলোকৰ মগজত বিনাশৰে খেয়াল থাকে। কি কি যে সাজি থাকে। তৈয়াৰ কৰোঁতাসকলে জানে যে ইয়াৰ দ্বাৰাই বিনাশ হ’ব। পৰীক্ষাও কৰি থাকে। কোৱাও হয় দুটা মেকুৰীয়ে যুদ্ধ কৰিলে মাখন তৃতীয় পক্ষই খালে। কাহানিতো সৰু কিন্তু খেল কিমান ডাঙৰ। এওঁলোকৰে নাম প্ৰসিদ্ধ হয়। এওঁলোকৰ দ্বাৰাই বিনাশ নিৰ্ধাৰিত হৈ আছে। কোনোবাতো নিমিত্ত হয়। খ্ৰীষ্টান লোকসকলে ভাবে স্বৰ্গ আছিল, কিন্তু আমি তাত নাছিলোঁ। ইছলামী, বৌদ্ধীও নাছিল তথাপি খ্ৰীষ্টান লোকসকলৰ বোধশক্তি ভাল। ভাৰতবাসীয়ে কয় – দেৱী-দেৱতা ধৰ্ম লাখ লাখ বছৰ আগতে আছিল তেন্তে বুদ্ধিহীন নহ’ল জানো। পিতা ভাৰতলৈকে আহে, যিসকল মহান বুদ্ধিহীন হয় তেওঁলোককে অতি মহান বুদ্ধিমান কৰি তোলে। কিন্তু সেয়াও যেতিয়া তেওঁক স্মৰণ কৰিব।

বাবাই তোমালোক সন্তানসকলক কিমান সহজকৈ বুজায়, মোক স্মৰণ কৰা তেতিয়া তোমালোক সোণৰ পাত্ৰ হৈ যাবাগৈ তেতিয়া ধাৰণাও ভালকৈ হ’ব। স্মৃতিৰ যাত্ৰাৰেই পাপ খণ্ডন হ’ব। মুৰুলী নুশুনিলে তেতিয়া জ্ঞান বুদ্ধিৰ পৰা নোহোৱা হৈ যায়। পিতাতো দয়াশীল হোৱা বাবে উন্নতিৰ বাবেই উপায় শুনায়। অন্তলৈকে শিকাই থাকিব। বাৰু, আজি ভোগ আছে, ভোগ আগবঢ়াই সোনকালে উভতি আহিব লাগে। বাকী বৈকুণ্ঠলৈ গৈ দেৱী-দেৱতা আদিৰ সাক্ষাৎকাৰ কৰা এয়া সকলো অৰ্থহীন। এই ক্ষেত্ৰত অতি সূক্ষ্ম বুদ্ধিৰ প্ৰয়োজন। পিতাই এই ৰথৰ দ্বাৰা কয় – মোক স্মৰণ কৰা, ময়েই পতিত-পাৱন তোমালোকৰ পিতা। তোমাৰ সৈতেই খাওঁ…. তোমাৰ সৈতেই বহোঁ…. এয়া ইয়াৰে কথা। ওপৰত কেনেকৈ হ’ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) পিতা এই দাদাৰ শৰীৰত প্ৰৱেশ কৰি আমাক মনুষ্যৰ পৰা দেৱতা অৰ্থাৎ বিকাৰীৰ পৰা নিৰ্বিকাৰী কৰি তুলিবলৈ ‘গীতা’ৰ জ্ঞান শুনাই আছে, এইটো নিশ্চয়তাৰে আগবাঢ়ি গৈ থাকিব লাগে। শ্ৰীমতত চলি শ্ৰেষ্ঠ গুণৱান হ’ব লাগে।

(2) স্মৃতিৰ যাত্ৰাৰে বুদ্ধি সোণৰ পাত্ৰ কৰি তুলিব লাগে। জ্ঞান যাতে বুদ্ধিত সদায় থাকে তাৰ বাবে মুৰুলী নিশ্চয় পঢ়িব বা শুনিব লাগে।

বৰদান: নিজৰ পদমৰ্যাদাৰ স্মৃতিৰ দ্বাৰা মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা নিৰন্তৰ যোগী হোৱা
যেনেকৈ স্থূল পদমৰ্যাদাধাৰীয়ে নিজৰ পদমৰ্যাদা কেতিয়াও পাহৰি নাযায়। তেনেকৈ তোমালোকৰ পদমৰ্যাদা হৈছে - মাষ্টৰ সৰ্বশক্তিমান, ইয়াক সদায় স্মৃতিত ৰাখিবা আৰু নিতৌ অমৃতবেলা এইটো স্মৃতিক জাগৃত কৰিবা তেতিয়া নিৰন্তৰ যোগী হৈ যাবা আৰু গোটেই দিন তাৰ সহযোগ প্ৰাপ্ত কৰি থাকিবা। মাষ্টৰ সৰ্বশক্তিমানৰ আগত মায়া আহিব নোৱাৰে, যেতিয়া তোমালোক নিজৰ স্মৃতিৰ উচ্চ স্থিতিত থাকিবা তেতিয়া মায়া পৰুৱাক জিনা সহজ হৈ যাব।
শ্লোগান: আত্মা ৰূপী পুৰুষক শ্ৰেষ্ঠ কৰি তোলোঁতাজনেই সঁচা পুৰুষাৰ্থী।

!! ওঁম্ শান্তি !!

সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

শ্ৰেষ্ঠ কৰ্মৰ চিন হৈছে – নিজেও সন্তুষ্ট আৰু অন্যও সন্তুষ্ট। এনেকুৱা নহয় যে মইতো সন্তুষ্ট, অন্য হওঁক বা নহওঁক। যোগী জীৱনধাৰীসকলৰ প্ৰভাৱ স্বতঃ অন্যৰ ওপৰত পৰিব। যদি কোনোবা নিজৰ প্ৰতি অসন্তুষ্ট বা অন্য তেওঁৰ প্ৰতি অসন্তুষ্ট হৈ থাকে তেন্তে বুজিব লাগে যে যোগযুক্ত হোৱাত কিবা অভাৱ আছে।

মুরলি কি?

মুরলি হৈছে ব্ৰহ্মাকুমাৰীসকলৰ দৈনিক আধ্যাত্মিক শিক্ষা, যি প্ৰতিদিনে ৰাতিপুৱা মধুবনৰ পৰা প্ৰকাশিত হয়। ইয়াত আপুনি আজিৰ মুরলি অসমীয়াত পঢ়িব, অডিঅ' শুনিব আৰু PDF ডাউনলোড কৰিব পাৰে। অধ্যয়নত সহায়ৰ বাবে পাঠত হাইলাইট কৰিব পাৰে — আপোনাৰ চিন এই ব্ৰাউজাৰতে সুৰক্ষিত থাকে।

28টা ভাষাত মুরলি

Daily Murli · Madhuban উৎস: মধুবন মুরলি বিভাগ এইটো এটা স্বতন্ত্ৰ পাঠক এপ, আনুষ্ঠানিক ৱেবছাইট নহয়।