| 27-12-2024 |
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
|
মধুবন। |
| “মৰমৰ সন্তানসকল – মায়া বৰ শক্তিশালী, মায়াৰ পৰা সাৱধানে থাকিবা, কেতিয়াও যাতে এইটো খেয়াল নাহে যে আমি ব্ৰহ্মাক নামানো, আমাৰতো পোনে পোনে শিৱবাবাৰ লগত সম্পৰ্ক আছে" | |
| প্ৰশ্ন: | কোনসকলৰ সন্তানৰ প্ৰতি সকলোৰে স্নেহ স্বতঃ জাগি উঠে? |
| উত্তৰ: | যিসকলে প্ৰথমে প্ৰতিটো কথা নিজে বাস্তৱত ৰূপায়িত কৰি তাৰপাছত আনক কয় – তেওঁলোকৰ প্ৰতি সকলোৰে স্নেহ স্বতঃ জাগি উঠে। নিজে জ্ঞান ধাৰণ কৰি পাছত বহুতৰে সেৱা কৰিব লাগে, তেতিয়া সকলোৰে স্নেহ পাবা। যদি নিজে নকৰে কেৱল আনক কয় তেন্তে তেওঁৰ কথা কোনে মানিব? সেয়াতো যেন পণ্ডিত হৈ যায়। |
ওঁম্ শান্তি। সন্তানসকলক পিতাই সোধে, আত্মাসকলক পৰমাত্মাই সোধে - এইটোতো জানা যে আমি পৰমপিতা পৰমাত্মাৰ সন্মুখত বহি আছোঁ। বাবাৰ নিজৰ ৰথ নাই, এইটো নিশ্চয়তাতো আছে নহয়। এই ভ্ৰূকুটিৰ মধ্যত পিতাৰ নিবাস স্থান। পিতাই নিজেই কৈছে – মই এওঁৰ ভ্ৰূকুটিৰ মধ্যত বহোঁ। এওঁৰ শৰীৰ লোণত লওঁ। আত্মা ভ্ৰূকুটিৰ মধ্যত বহে সেয়েহে পিতাও আহি ইয়াতে বহে। ব্ৰহ্মাও আছে সেয়েহে শিৱবাবাও আছে। যদি এই ব্ৰহ্মা নাথাকিলেহেঁতেন তেন্তে শিৱবাবাও নাথাকিলহেঁতেন। যদি কোনোবাই কয় যে আমিতো শিৱবাবাকে স্মৰণ কৰোঁ, ব্ৰহ্মাক নহয়, কিন্তু শিৱবাবাই কেনেকৈ ক’ব? শিৱবাবাক সদায় ওপৰতে স্মৰণ কৰি আহিছা। এতিয়া তোমালোক সন্তানসকলে গম পাইছা – আমি ইয়াত পিতাৰ ওচৰত বহি আছোঁ। এনেকৈতো নুবুজা যে শিৱবাবা ওপৰত আছে। যেনেকৈ ভক্তিমাৰ্গত কৈছিলা – শিৱবাবা ওপৰত আছে, তেওঁৰ প্ৰতিমা ইয়াতে পূজা কৰা হয়। এইবোৰ অতিকৈ বুজিবলগীয়া কথা। তোমালোকে জানা – পিতা জ্ঞানৰ সাগৰ, জ্ঞানৱান তেন্তে ক’ৰপৰা জ্ঞান শুনাব? ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা শুনায় নহয়। বহুতে কয় – আমি ব্ৰহ্মাক নামানো, কিন্তু শিৱবাবাই কয় - এই মুখৰ দ্বাৰাই তোমালোকক কওঁ, মোক স্মৰণ কৰা। এয়া বোধশক্তিৰ কথা নহয় জানো, ব্ৰহ্মাইতো নিজেই কয় – শিৱবাবাক স্মৰণ কৰা। এওঁ জানো কয় যে মোক স্মৰণ কৰা? এওঁৰ দ্বাৰা শিৱবাবাই কয় – মোক স্মৰণ কৰা। মই এই মন্ত্ৰ এওঁৰ মুখৰ দ্বাৰা দিওঁ। ব্ৰহ্মা নাথাকিলে মই মন্ত্ৰ কেনেকৈ দিলোহেঁতেন? ব্ৰহ্মা নাথাকিলে তোমালোকে শিৱবাবাৰ সৈতে কেনেকৈ মিলিত হ’লাহেঁতেন? কেনেকৈ মোৰ ওচৰত বহিলাহেঁতেন? ভাল ভাল মহাৰথীসকলৰো এনেকুৱা খেয়াল আহি যায় যে মায়াই মোৰ পৰা বিমুখ কৰাই দিয়ে। তেওঁলোকে কয় – আমি ব্ৰহ্মাক নামানো তেন্তে তেওঁলোকৰ কি গতি হ’ব? মায়া কিমান শক্তিশালী যে একদম মুখেই ঘূৰাই দিয়ে। এতিয়া তোমালোকে মুখ শিৱবাবাৰ সন্মুখৰ ফালে কৰিছা। তোমালোক সন্মুখত বহি আছা। কিন্তু যিসকলে এনেকৈ ভাবে যে ব্ৰহ্মাতো একোৱেই নহয়, তেনেহ’লে তেওঁলোকৰ গতি কি হ’ব? দুৰ্গতি হৈ যাব। মনুষ্যইতো আহ্বান জনায় – হে ঈশ্বৰ পিতা! তেন্তে ঈশ্বৰ পিতাই শুনে জানো? তেওঁলোকে কয় – হে মুক্তিদাতা আহক। তেওঁ জানো তাৰ পৰাই মুক্তি দিব? কল্পই কল্পই পুৰুষোত্তম সংগমযুগতহে পিতা আহে। যাৰ শৰীৰত আহে তেওঁকেই যদি প্ৰত্যাখ্যান কৰে তেনেহ’লে কি বুলি কোৱা হ’ব? মায়াৰ ইমান বল আছে যে এক নম্বৰৰ মূল্যহীন কৰি দিয়ে। এনেকুৱাও কোনো কোনো সেৱাকেন্দ্ৰত আছে, সেইবাবেতো পিতাই কয় – সাৱধান হৈ থাকা। যদিও বাবাই শুনোৱা জ্ঞান আনকো শুনাই থাকে কিন্তু যেন পণ্ডিতৰ নিচিনা। যেনেকৈ বাবাই পণ্ডিতৰ কাহিনী শুনায়... এই সময়ত তোমালোকে স্মৃতিৰে বিষয় সাগৰ পাৰ হৈ ক্ষীৰসাগৰলৈ যোৱা নহয়! ভক্তিমাৰ্গত অনেক কথা ৰচি দিছে। পণ্ডিতে আনক কৈছিল – ‘ৰাম’ নাম ক’লে পাৰ হৈ যাবা, কিন্তু তেওঁৰ নিজৰ পুঁজি একেবাৰে খালী আছিল (নিজে ৰাম নাম নলৈছিল কেৱল আনক কৈছিল)। নিজে বিকাগ্ৰস্ত হৈ থাকিব আৰু আনক নিৰ্বিকাৰী হ’বলৈ ক’ব। তাৰ কি প্ৰভাৱ পৰিব? ইয়াতো ক’ৰবাত ক’ৰবাত শুনাওঁতাজনতকৈ শুনোঁতাসকল আগবাঢ়ি যায়। যিসকলে বহুতৰে সেৱা কৰে তেওঁলোক নিশ্চয় সকলোৰে স্নেহী হয়। পণ্ডিত যদি মিছা বুলি প্ৰমাণিত হয় তেন্তে কোনে মৰম কৰিব? তেতিয়া মৰম যিসকলে বাস্তৱত স্মৰণ কৰে তেওঁলোকৰ প্ৰতি গুচি যাব। ভাল ভাল মহাৰথীসকলকো মায়াই গিলি পেলায়।
পিতাই বুজায় – এতিয়াতো কৰ্মাতীত অৱস্থা হোৱা নাই, যেতিয়ালৈ যুদ্ধৰ প্ৰস্তুতি পূৰা নহয়। এফালে যুদ্ধৰ প্ৰস্তুতি চলিব, আনফালে কৰ্মাতীত অৱস্থা হ’ব। পূৰা সম্পৰ্ক আছে, পাছত যুদ্ধ সম্পূৰ্ণ হৈ যাব, স্থানান্তৰ হৈ যাব। প্ৰথমতে ৰুদ্ৰ মালা তৈয়াৰ হয়। এই কথাবোৰ আন কোনেও নাজানে। তোমালোকে বুজি পোৱা এই সৃষ্টিৰ পৰিৱৰ্তন হ’ব। তেওঁলোকে ভাবে সৃষ্টিৰ এতিয়াও 40 হাজাৰ বাকী আছে। তোমালোকে বুজি পোৱা বিনাশতো সমাগত। তোমালোক হৈছা সংখ্যালঘিষ্ঠ তেওঁলোক হ’ল সংখ্যাগৰিষ্ঠ। তেন্তে তোমালোকৰ কথা কোনে মানিব? যেতিয়া তোমালোকৰ বৃদ্ধি হৈ যাব তেতিয়া তোমালোকৰ যোগবলেৰে আকৰ্ষিত হৈ বহুত আহিব। যিমানে তোমালোকৰ মামৰ (বিকাৰৰ লেপ) নাইকিয়া হৈ গৈ থাকিব সিমানে বল আহি যাব। এনেকুৱা নহয় যে বাবা সৰ্বজ্ঞ। নহয়, তেওঁ সকলোৰে অৱস্থাক জানে। পিতাই সন্তানসকলৰ অৱস্থা নাজানিবনে? সকলো গম পায়। এতিয়াতো কৰ্মাতীত অৱস্থা হ’ব নোৱাৰে। ডাঙৰ ডাঙৰ ভুল হোৱাটো সম্ভৱ, মহাৰথীসকলৰ দ্বাৰাও হয়। কথা-বতৰা, চাল-চলন আদি সকলো প্ৰসিদ্ধ হৈ যায়। এতিয়াতো চলন দৈৱী কৰি তুলিব লাগে। দেৱতাসকল সৰ্বগুণ সম্পন্ন হয় নহয়। এতিয়া তোমালোক এনেকুৱা হ’ব লাগে। কিন্তু মায়াই কাকোৱে নেৰে। লাজুকীলতাৰ দৰে কৰি দিয়ে। 5টা ছিৰি নহয় জানো। দেহ-অভিমান আহিলে ওপৰৰ পৰা একদম বাগৰি পৰে। বাগৰি পৰিল আৰু মৰিল। আজিকালি নিজক মাৰিবলৈ কেনেকুৱা কেনেকুৱা উপায় কৰে! 20 মহলাৰ পৰা জপিয়াই একদম শেষ হৈ যায়। এনেকুৱাও হ’ব নালাগে যে হাস্পতালত পৰি থাকিব, দুখ ভূগিব। আকৌ কিছুমানে নিজকে জুই লগাই দিয়ে, কাৰোবাক ৰক্ষা কৰিলে তেতিয়া কিমান দুখ ভোগ কৰে। জ্বলি গ’লে তেতিয়া আত্মা ওলাই যাব সেইবাবে জীৱঘাত কৰে। ভাৱে জীৱঘাত কৰিলে দুখৰ পৰা মুক্ত হৈ যাব। উত্তেজিত হ’লে তেন্তে শেষ। বহুতেতো হাস্পিতালত কিমান দুখ ভোগ কৰে। ডাক্তৰে ভাবে যে এওঁ দুখৰ পৰা মুক্ত হ’ব নোৱাৰে, তাতকৈতো বড়ি দি দিওঁ এওঁ শেষ হৈ যাওঁক। কিন্তু তেওঁ বুজি পায় যে এনেকৈ বড়ি দিয়াতো মহাপাপ। আত্মাই নিজেই কয় – এনেকৈ পীড়া ভোগ কৰাতকৈ শৰীৰ এৰি দিওঁ। এতিয়া শৰীৰ কোনে এৰুৱাব? এখনতো অপাৰ দুখৰ সৃষ্টি। তাততো অপাৰ সুখ।
এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা – আমি এতিয়া উভটি যাওঁ, দুখধামৰ পৰা সুখধামলৈ যাওঁ সেয়েহে তাকে স্মৰণ কৰিব লাগে। পিতাও সংগমযুগত আহে যেতিয়া সৃষ্টি পৰিৱৰ্তন হ’বলগীয়া হয়। পিতাই কয় – মই তোমালোক সন্তানসকলক সকলো দুখৰ পৰা পৰা মুক্ত কৰাই পাৱন সৃষ্টিলৈ লৈ যাব আহিছোঁ। পাৱন সৃষ্টিত বহুত কম সংখ্যক থাকে। ইয়াততো বহুত আছে, পতিত হৈ গৈছে সেইবাবে আহ্বান জনায় - হে পতিত-পাৱন… এইটো জানো বুজি পায় যে আমি মহাকালক আহ্বান জনাওঁ যে আমি এই ছিঃ ছিঃ সৃষ্টিৰ পৰা ঘৰলৈ লৈ যাওঁ। নিশ্চয় বাবা আহিব, সকলোৱে মৰিব তেতিয়াহে শান্তি হ’ব নহয়। শান্তি শান্তি কৰি থাকে। শান্তিতো শান্তিধামত হ’ব। কিন্তু যেতিয়ালৈ ইমান অনেক মনুষ্য আছে এইখন সৃষ্টিত শান্তি কেনেকৈ হ’ব? সত্যযুগততো সুখ-শান্তি আছিল। এতিয়াতো কলিযুগত অনেক ধৰ্ম আছে। সেয়া যেতিয়া নাশ হ’ব, এটা ধৰ্ম প্ৰতিষ্ঠা হ’ব, তেতিয়াহে সুখ-শান্তি হ’ব। হাহাকাৰৰ পাছত জয়জয়কাৰ হয়। আগলৈ গৈ দেখিবা মৃত্যুৰ বজাৰ কিমান গৰম হয়! কেনেকৈ মৰে! বোমাৰ দ্বাৰাও জুই লাগে। আগলৈ গৈ দেখিবা তেতিয়া বহুতে ক’ব যে সঁচাকৈয়ে বিনাশতো হ’বই।
তোমালোক সন্তানসকলে জানা যে এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে? বিনাশতো হ’বই। পিতাই এটা ধৰ্মৰ প্ৰতিষ্ঠা কৰায়, ৰাজযোগো শিকায়। বাকী সকলো অনেক ধৰ্ম নাশ হৈ যাব। ‘গীতা’ত একো দেখুওৱা নাই। তেন্তে ‘গীতা’ পঢ়াৰ ফলাফল কি? দেখুৱায় প্ৰলয় হৈ গ’ল। যদিও জলময় হয় কিন্তু গোটেই সৃষ্টি জলময় নহয়। ভাৰততো হৈছে অবিনাশী পৱিত্ৰ খণ্ড। তাৰ ভিতৰতো আবু সকলোতকৈ পৱিত্ৰ তীৰ্থস্থান, য’ত পিতা আহি সকলোৰে সৎগতি কৰে, দেলবাড়া মন্দিৰ কিমান ভাল স্মাৰক। কিমান অৰ্থ সহিত। কিন্তু যিসকলে নিৰ্মাণ কৰিছে, তেওঁলোকেতো নাজানে। তথাপিও বহুত ভাল বুদ্ধিমানতো আছিল নহয়। দ্বাপৰত নিশ্চয় ভাল বুদ্ধিমান হ’ব। কলিযুগতো সকলো তমোপ্ৰধান। সকলো মন্দিৰতকৈ এয়া উচ্চ, য’ত তোমালোক বহি আছা। তোমালোকে জানা – আমি হৈছোঁ চৈতন্য, সেয়া আমাৰে জড় স্মাৰক। বাকী কিছু সময় এই মন্দিৰ আদি আৰু নিৰ্মাণ কৰি থাকিব। তাৰ পাছততো ভঙাৰ সময় আহিব। সকলো মন্দিৰ ভাঙি-ছিঙি যাব। পাইকাৰী হাৰত মৃত্যু হ’ব। ভয়ানক মহাভাৰতৰ যুদ্ধৰ গায়নো আছে, য’ত সকলো নাশ হৈ যায়। এয়াও তোমালোকে বুজিছা – পিতা সংগমতহে আহে। পিতাক ৰথৰতো প্ৰয়োজন হয় নহয়। আত্মা যেতিয়া শৰীৰত প্ৰৱেশ কৰে তেতিয়াহে লৰচৰ হয়। আত্মা শৰীৰৰ পৰা ওলাই গ’লে জড় হৈ যায়। সেয়েহে পিতাই বুজায় এতিয়া তোমালোক ঘৰলৈ যোৱা। তোমালোক লক্ষ্মী-নাৰায়ণৰ নিচিনা হ’ব লাগে। গতিকে এনেকুৱা গুণৰো প্ৰয়োজন হয় নহয়। তোমালোক সন্তানসকলে এই খেলখনকো জানা। এই খেলখন কিমান অপূৰ্বকৈ ৰচি থোৱা আছে। এই খেলৰ ৰহস্য পিতাই বহি বুজায়। পিতা জ্ঞানৱান, বীজৰূপ নহয় জানো। পিতা আহিহে গোটেই বৃক্ষৰ জ্ঞান দিয়ে – ইয়াত কি কি হয়, তোমালোকে ইয়াত কিমান ভুমিকা পালন কৰিলা? আধাকল্প হৈছে দৈৱী ৰাজ্য, আধাকল্প আসুৰি ৰাজ্য। যিসকল ভাল ভাল সন্তান তেওঁলোকৰ বুদ্ধিত গোটেই জ্ঞান থাকে। পিতাই নিজৰ সমান শিক্ষক কৰি গঢ়ি তোলে। শিক্ষকো ক্ৰমানুসৰিয়েতো হয়। বহুততো শিক্ষক হৈ আকৌ নষ্ট হৈ যায়। বহুতকে শিকাই নিজে নিঃশেষ হৈ যায়। সৰু সৰু ল’ৰা-ছোৱালীৰ ভিন্ন ভিন্ন সংস্কাৰ থাকে। পিতাই বুজায় – ইয়াতেও যিসকলে জ্ঞান ভালদৰে আহৰণ নকৰে, চাল-চলন শুধৰণি নহয় তেওঁলোক বহুতকে দুখ দিয়াৰ নিমিত্ত হৈ যায়। এয়াও শাস্ত্ৰত দেখুৱাইছে – অসুৰ মনে মনে বহি আছিল, পাছত বাহিৰলৈ গৈ বিশ্বাসঘাতক হৈ কিমান অশান্তিৰ সৃষ্টি কৰিছিল। এয়াতো সকলো হৈয়ে থাকে। উচ্চতকৈও উচ্চ পিতা যিজনে স্বৰ্গ স্থাপনা কৰে, তেতিয়া কিমান বিঘিনি ৰূপ হৈ যায়।
পিতাই বুজাইছে – তোমালোক সন্তানসকল হৈছা সুখ-শান্তিৰ স্তম্ভ। তোমালোক বহুত মাৰ্জিত। তোমালোকতকৈ মাৰ্জিত এই সময়ত কোনোৱেই নহয়। বেহদৰ পিতাৰ সন্তান হোৱা তেন্তে কিমান অমায়িক হৈ চলিব লাগে। কাকো দুখ দিব নালাগে। নহ’লেতো সেয়া অন্তত স্মৃতিলৈ আহিব। তেতিয়া শাস্তি খাব লাগিব। পিতাই কয় – এতিয়াতো ঘৰলৈ যাব লাগে। সূক্ষ্মলোকত সন্তানসকলৰ ব্ৰহ্মাৰ সাক্ষাৎকাৰ হয়, সেয়েহে তোমালোকো এনেকুৱা সূক্ষ্মলোক নিবাসী হোৱা। আকাৰী হোৱাৰ অভ্যাস কৰিব লাগে। বহুত কমকৈ ক’ব লাগে, মধুৰতাৰে ক’ব লাগে। এনেকৈ পুৰুষাৰ্থ কৰোঁতে কৰোঁতে তোমালোক শান্তিৰ স্তম্ভ হৈ যাবা। তোমালোকক শিকাওঁতাজন হৈছে পিতা। আকৌ তোমালোকে আনক শিকাব লাগে। ভক্তিমাৰ্গ বাণীৰ মাৰ্গ। এতিয়া তোমালোক শব্দ ৰহিত হ’ব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) বহুত মাৰ্জিত আৰু অমায়িক হৈ চলিব লাগে। শান্তি আৰু সুখৰ স্তম্ভ হ’বলৈ বহুত কম আৰু মধুৰতাৰে ক’ব লাগে। আকাৰী হোৱাৰ অভ্যাস কৰিব লাগে। বাণীত আহিব নালাগে।
(2) নিজৰ চলন দৈৱী কৰি তুলিব লাগে। লাজুকীলতাৰ দৰে (অতি সংবেদনশীল) হ’ব নালাগে। যুদ্ধৰ আগতে কৰ্মাতীত অৱস্থাত উপনীত হ’ব লাগে। নিৰ্বিকাৰী হৈ নিৰ্বিকাৰী কৰি তোলাৰ সেৱা কৰিব লাগে।
| বৰদান: |
পৱিত্ৰ স্নেহৰ প্ৰতিপালনেৰে সকলোকে স্নেহৰ সূত্ৰৰে বান্ধোঁতা মাষ্টৰ স্নেহৰ সাগৰ হোৱা যেতিয়া স্নেহ সাগৰ আৰু স্নেহ সম্পন্ন নদীৰ মিলন হয় তেতিয়া নদীও পিতাৰ সমান মাষ্টৰ স্নেহৰ সাগৰ হৈ যায়। সেয়েহে বিশ্বৰ আত্মাসকল স্নেহৰ অনুভৱেৰে স্বতঃ সমীপত আহে। পৱিত্ৰ স্নেহ বা ঈশ্বৰীয় পৰিয়ালৰ প্ৰতিপালনে চুম্বকৰ দৰে স্বতঃ প্ৰত্যেককে সমীপত লৈ আনে। এই ঈশ্বৰীয় স্নেহে সকলোকে সহযোগী কৰি আগবাঢ়ি যোৱাৰ সূত্ৰত বান্ধি দিয়ে। |
| শ্লোগান: | সংকল্প, বাণী, সময়, গুণ আৰু শক্তিসমূহৰ সম্পদ জমা কৰা তেতিয়া সেইবোৰৰ সহযোগ পাই থাকিবা। |
!! ওঁম্ শান্তি !!
সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
ফৰিস্তা হোৱা অৰ্থাৎ সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা। যিয়েই নহওঁক, কোনোবাই তিৰস্কাৰ কৰক, কোনোবাই অস্থিৰ কৰিবলৈ চেষ্টা কৰক সকলোতে সন্তুষ্ট। দাতাৰ সন্তান দাতা হোৱা সেয়েহে কোনো কথাত অসন্তুষ্ট হ’ব নোৱাৰা।