অসমীয়া মুরলি · Brahma Kumaris

অসমীয়া মুরলি · 29 ডিচেম্বৰ, 2024

ওম শান্তি · BapDada ·

আজিৰ মুরলি — today’s murli in Assamese, every morning.

18
মুরলি29 ডিচেম্বৰ, 2024 · অসমীয়া
0:00--:--

পাঠ বাছক → হাইলাইট / বক্স / আণ্ডাৰলাইন

29-12-2024
প্ৰাতঃমুৰুলী
ওঁম্‌ শান্তি
“অব্যক্ত বাপদাদা”
31-12-2002

“*“এই নতুন বছৰত সকলো সম্পদ সফল কৰি সফলতামূৰ্ত হোৱাৰ বিশেষত্ব দেখুওৱা”*”

আজি নৱযুগৰ ৰচিয়তা, নৱজীৱন দাতা, বাপদাদাই নৱবৰ্ষ উদ্‌যাপন কৰিবলৈ আহিছে। তোমালোক সকলোৱেও নৱবৰ্ষ উদ্‌যাপন কৰিবলৈ আহিছা নে নৱযুগ উদ্‌যাপন কৰিবলৈ আহিছা? নৱবৰ্ষতো সকলোৱে উদ্‌যাপন কৰে কিন্তু তোমালোক সকলোৱে নৱজীৱন, নৱযুগ আৰু নৱবৰ্ষ তিনিওটা উদ্‌যাপন কৰি আছা। বাপদাদায়ো ত্ৰিমূৰ্ত্তি অভিনন্দন জনাই আছে। ইজনে সিজনক নৱবৰ্ষৰ অভিনন্দন জনায় আৰু লগতে কিবা নহয় কিবা উপহাৰ দিয়ে। উপহাৰ দিয়া নহয়! কিন্তু বাপদাদাই তোমালোক সকলোকে কি উপহাৰ দিছে? স্বৰ্ণিম জগতৰ উপহাৰ দিছে। সকলোৱে স্বৰ্ণিম জগতৰ উপহাৰ প্ৰাপ্ত কৰিলা নহয়। যি স্বৰ্ণিম জগতত, নৱযুগত সৰ্ব প্ৰাপ্তি আছে। নিজৰ ৰাজ্য স্মৃতিত আছেনে? অপ্ৰাপ্তিৰ কোনো নাম-চিহ্ন নাই। এনেকুৱা উপহাৰ বাপদাদাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। সমগ্ৰ বিশ্বত যদি কিবা অতিকৈ ডাঙৰ উপহাৰ দিয়েও তেন্তে কি দিব? ডাঙৰতকৈও ডাঙৰ মুকুট বা সিংহাসন দিব। যেতিয়া স্বাপনা হৈছিল (স্থাপনাৰ সময়ৰসকল আগত বহি আছে) তেতিয়া আৰম্ভণিত পিতা ব্ৰহ্মাই সন্তানসকলক সুধিছিল যদি তোমালোকক আজিকালিৰ কোনো ৰাণীৰ মুকুট আৰু সিংহাসন দিয়ে তেন্তে তোমালোক যাবানে? স্মৃতিত আছে নহয়! তেতিয়া সন্তানসকলে কৈছিল যে এই মুকুট আৰু সিংহাসন কি কৰিম, যিহেতু পিতাকেই পাই গ’লোঁ তেন্তে এয়ানো কি? গতিকে এই স্বৰ্ণিম জগতৰ উপহাৰৰ তুলনাত আন কোনো উপহাৰ ডাঙৰ হ’ব নোৱাৰে। অনেক সন্তানে সোধে - তাত কি কি প্ৰাপ্তি হ’ব? বাপদাদাই কয় যে প্ৰাপ্তিৰ তালিকাতো দীঘলীয়া কিন্তু সাৰ ৰূপত কি ক’বা! অপ্ৰাপ্ত একো বস্তু নাই, যি জীৱনত লাগে সেয়া সকলো প্ৰাপ্তি হ’ব। গতিকে এনেহেন সোণালী উপহাৰৰ অধিকাৰী আত্মা হোৱা। অধিকাৰী হোৱা নহয়! ডবল বিদেশী অধিকাৰী হোৱানে? (হাত লৰালে) সকলো ৰজা হ’বানে? তেন্তে ইমান সিংহাসন তৈয়াৰ কৰিব লাগিব। বাপদাদাই কয় সেই সিংহাসনতো মাথো সিংহাসন, সৰ্ব প্ৰাপ্তি হয় কিন্তু এই সংগমযুগৰ স্বৰাজ্য তাতকৈ কম নহয়। এতিয়াও ৰজা হোৱা নহয়! প্ৰজা হোৱা নে ৰাজকীয় পৰিয়ালৰ হোৱা? কি হোৱা? একমাত্ৰ পিতাই আছে যিয়ে গৌৰৱেৰে কয় যে মোৰ এটি এটি সন্তান ৰজা সন্তান। ৰজা হোৱা নহয়! ৰাজযোগী হোৱা নে প্ৰজাযোগী হোৱা? এই সময়ত সকলো অন্তৰ আসনধাৰী, স্বৰাজ্য অধিকাৰী ৰজা সন্তান হোৱা, ইমান আত্মিক নিচা থাকে নহয়? কিয়নো এই সময়ৰ স্বৰাজ্যৰ দ্বাৰাই ভৱিষ্যতৰ ৰাজ্য প্ৰাপ্ত হয়। এই সংগমযুগ বহুত বহুত বহুত অমূল্য, শ্ৰেষ্ঠ। সংগমযুগক বাপদাদা আৰু সকলো সন্তানে জানে, আনন্দেৰে সংগমযুগৰ কি নাম দিয়ে? আনন্দ-উল্লাসৰ যুগ। কিয়? এই সংগমৰ দৰে আনন্দ-উল্লাস গোটেই কল্পত নাই। কাৰণ? পৰমাত্ম মিলনৰ আনন্দ-উল্লাস গোটেই কল্পত এতিয়াহে প্ৰাপ্ত হয়। সমগযুগৰ এটি এটি দিন কি হয়? কেৱল আনন্দ-উল্লাস। আনন্দ-উল্লাস আছে নহয়? আনন্দ-উল্লাস, জঁই পৰিতো নোযোৱা নহয়! প্ৰতিটো দিনেই উৎসৱ কিয়নো উৎসাহ আছে। উদ্দীপনা আছে, উৎসাহ আছে যে নিজৰ ভাতৃ-ভগ্নীসকলক পৰমাত্মা পিতাৰ কৰি দিওঁ। সেৱাৰ উৎসাহ-উদ্দীপনা থাকে নহয়! এইটো কৰোঁ, এইটো কৰোঁ, এইটো কৰোঁ... পৰিকল্পনা কৰা নহয়! কিয়নো যি শ্ৰেষ্ঠ প্ৰাপ্তি হয় সেয়া আনক নুশুনোৱাকৈ থাকিব নোৱাৰা। এই সংগমযুগৰ প্ৰাপ্তি সোণালী যুগতো হ’ব। এতিয়াৰ পুৰুষাৰ্থৰ প্ৰালব্ধ হৈছে ভৱিষ্যতৰ স্বৰ্ণিম যুগ। তেন্তে সংগমযুগ ভাল লাগে নে সত্যযুগ ভাল লাগে? কোনটো ভাল লাগে? সংগমযুগ ভাল লাগে নহয়? কেৱল মাজে মাজে মায়া আহে। অলপ অলপ কেতিয়াবা কেতিয়াবা জঁই পৰি যোৱা। বহুত সন্তানে সহজ যোগক কঠিন কৰি দিয়ে, আচলতে নহয় কিন্তু কৰি দিয়ে। বাস্তৱত বহুত সহজ, কঠিন লাগে নেকি? যিসকলৰ কঠিন লাগে তেওঁলোকে হাত দাঙা। সদায় নহয়, কেতিয়াবা কেতিয়াবা কঠিন লাগে নেকি? নে সহজ? যিসকল কঠিন যোগী তেওঁলোকে হাত দাঙা। মাতাসকল কঠিন যোগী নে সহজযোগী? কোনোবা কঠিন যোগী আছে নেকি? (কোনেও হাত দাঙা নাই) গোটেই সভাত হাত কেনেকৈ দাঙিব!

সকলো সন্তানে গৌৰৱেৰে কয় মোৰ বাবা। মোৰ বাবা নে দাদীসকলৰ বাবা? মোৰ বাবা হয় নহয়! প্ৰত্যেকেই ক’ব - প্ৰথমে মোৰ। এনেকুৱা হয়নে? এয়া সিন্ধী লোকসকল বহি আছে নহয়! মোৰ বাবা নে দাদী জানকীৰ? দাদী প্ৰকাশমণিৰ নেকি? কাৰ হয়? মোৰ হয়নে? গোটেই দিন কি স্মৃতিত থাকে? মোৰ হয় নহয়! পিতাই কয় - বহুত সহজ যুক্তি যিমান বাৰ মোৰ মোৰ বুলি কোৱা, গোটেই দিনটোত কিমান বাৰ ‘মোৰ’ শব্দটি কোৱা? যদি গণনা কৰা তেন্তে বহুত বাৰ ‘মোৰ’ শব্দটি কোৱা। যেতিয়া ‘মোৰ’ শব্দটি কোৱা তেন্তে বচ্‌ মোৰ কোন? মোৰ বাবা। কঠিন নেকি? কেতিয়াবা কেতিয়াবা পাহৰি যোৱা নেকি? বাপদাদাই কোনো নতুন শব্দ দিয়া নাই, যিটো সদায় কাৰ্য্যত ব্যৱহাৰ কৰা ‘মই’ আৰু ‘মোৰ’ তেন্তে মই কোন আৰু মোৰ কোন! বহুত সন্তানে কঠিন পুৰুষাৰ্থ কিয় কৰে? কেৱল ভাবে বিন্দু সন্মুখত আহি যাওঁক, বিন্দু, বিন্দু, বিন্দু... আৰু বিন্দু পিচলি যায়। বিন্দুতো হয় কিন্তু কেনেকুৱা বিন্দু? মই কোন, নিজৰ এইটো স্বমান স্মৃতিলৈ আনা তেতিয়া ৰমণীয় পুৰুষাৰ্থ হৈ যাব কেৱল জ্যোতি বিন্দু বুলি কোৱা নহয় সেয়েহে কঠিন হৈ যায়। সহজ পুৰুষাৰ্থ, আনন্দ-উল্লাসৰ পুৰুষাৰ্থ কৰা।

এই নতুন বছৰত পুৰুষাৰ্থও শ্ৰেষ্ঠ হওঁক কিন্তু শ্ৰেষ্ঠৰ লগতে প্ৰথমে সহজ হওঁক। সহজো হওঁক আৰু শ্ৰেষ্ঠও হওঁক, হ’ব পাৰেনে? দুয়োটা একেলগে হ’ব পাৰেনে? ডবল বিদেশীসকলে কোৱা - হ’ব পাৰেনে? তেন্তে বাপদাদাই চাব। বাপদাদাইতো পৰীক্ষা কৰি থাকে নহয়! তেন্তে কঠিন যোগী কোন কোন হয়! সহজ যোগীৰ এইটো অৰ্থ নহয় যে অমনোযোগিতাৰে পুৰুষাৰ্থ কৰিবা। শ্ৰেষ্ঠ হওঁক আৰু সহজো হওঁক। তেন্তে পাণ্ডৱ সহজযোগী হোৱানে? যিসকল সহজযোগী তেওঁলোকে হাত দাঙা। চাবা টিভিত আহি আছে। অভিনন্দন। তেন্তে এইটো বছৰত কাৰো আগত কোনো কঠিনতা নাহিব কিয়নো সহজযোগী হোৱা। অমনোযোগী নহয়।

সময় অনুসৰি এই নৱবৰ্ষত সকলোৱে বিশেষ এইটো লক্ষ্য ৰাখিব লাগে যে যিয়েই সম্পদ প্ৰাপ্ত হৈছে – সময়, সংকল্প, গুণ, জ্ঞান, শক্তি... সকলোতকৈ শ্ৰেষ্ঠ সম্পদ হৈছে সংকল্প - শ্ৰেষ্ঠ সংকল্প, শুভ সংকল্প। এই সকলো সম্পদ প্ৰতিদিনে সফল কৰিব লাগে। খুব বিলোৱা। দাতাৰ সন্তান মাষ্টৰ দাতা হোৱা। খুব বিলোৱা। কিয়? সফল কৰা অৰ্থাৎ সফলতা প্ৰাপ্ত কৰা। তেন্তে এইটো বছৰৰ বিশেষত্ব সদায় স্থায়ী কৰি ৰাখিবা। সফল কৰিবা আৰু সফলতা আছেই। সকলোৱে কোৱাও নহয় যে সফলতা আমাৰ জন্ম সিদ্ধ অধিকাৰ। অধিকাৰ হয়নে? তেন্তে সফল কৰা আৰু সফলতা প্ৰাপ্ত কৰা। যিকোনো কাৰ্য্য কৰা, কিবা নহয় কিবা সম্পদ সফল কৰি যোৱা আৰু সফলতাৰ অনুভৱ কৰি গৈ থাকা। ভাবা - সফলতাৰ অধিকাৰ তোমালোক ব্ৰাহ্মণ আত্মাৰ বাহিৰে আন কাৰোবাৰ অধিকাৰ হ’ব পাৰেনে! কিয়? কিয়নো পিতাই তোমালোকক “সফলতা ভৱ”ৰ বৰদান দিছে। বাপদাদাই সদায় কয় যে এটি এটি ব্ৰাহ্মণ আত্মা সফলতাৰ তৰা, সফলতা স্বৰূপ হয়। সফলতাৰ তৰা হোৱা নহয় নে পৰিশ্ৰমৰ তৰা? বাপদাদাই সকলো সন্তানক সফলতাৰ তৰা, এইটো স্বৰূপত চায়। স্মৃতিত আছেনে পিতা ব্ৰহ্মাই আদিতে কিমান সময়ত সকলো সফল কৰিলে? অন্তলৈকে নিজৰ সময় সফল কৰিলে, লাগিলে কৰ্মাতীতো হৈ গ’ল তথাপিও কিমান পত্ৰ লিখিলে! সময় সফল কৰিলে নহয়! অন্তিম দিনটোতো মুখেৰে মহাবাক্য উচ্চাৰণ কৰিলে। অন্তিম দিনলৈকে সকলো সফল কৰিলে সেয়েহে সফলতা প্ৰাপ্ত হৈ গ’ল। তেন্তে পিতাক অনুসৰণ কৰা। বাস্তৱত সংগমযুগৰ এটি এটি সংকল্প, এটি এটি চেকেণ্ড সফল কৰা মানেই সফলতামূৰ্ত হোৱা। সকলোৱে নিশ্চয়তাৰে কোৱা নহয় যে পিতা ব্ৰহ্মাৰ প্ৰতি আমাৰ বহুত স্নেহ আছে। গতিকে স্নেহৰ চিন হৈছে যি পিতাৰ প্ৰিয় আছিল সেয়া সন্তানসকলৰো প্ৰিয় হওঁক। সময়, সংকল্প আৰু সৰ্ব সম্পদ সফল হওঁক। ব্যৰ্থত নাযাওঁক। স্নেহৰ চিন হৈছে পিতাক অনুসৰণ কৰা। পিতা ব্ৰহ্মাই কি বিশেষত্ব দেখুৱালে? যি ভাবিলে সেয়া চেকেণ্ডত কৰিলে। কেৱল নাভাবিলে, কেৱল পৰিকল্পনা নকৰিলে, বাস্তৱত ৰূপায়িত কৰি দেখুৱালে। তেন্তে এনেকুৱা হোৱানে? পিতাক অনুসৰণ কৰোঁতা হোৱা নহয়? বাৰু।

আজি নৱবৰ্ষ উদ্‌যাপন কৰিবলৈ বহুত আহি গৈছে। ভাল কথা। যদিও প্ৰেক্ষাগৃহ সৰু হৈ গ’ল কিন্তু অন্তৰতো বিশাল। চোৱা অন্তৰ বিশাল হোৱা বাবে সকলো সমাহিত হৈ গ’লা নহয়? (আজিৰ সভাত 18-19 হাজাৰ ভাতৃ-ভগ্নী বহি আছে) বাহিৰত বহি থকাসকলেও শুনি আছা নহয়? বাহিৰত বহি থকাসকলে শুনি আছা, তেওঁলোককতো দেখা পোৱা নাযাব। বাপদাদাই শুনিছে যে বিদেশত সকলোতকৈ অধিক অষ্ট্ৰলিয়াৰসকলে ৰাতি 12 বজাত বহে আৰু 4 বজাত অমৃতবেলা কৰি উঠে। সেয়েহে বাপদাদায়ো আজি অষ্ট্ৰেলিয়া নিবাসীক স্মৰণ কৰিছে। শুনি আছে। ইয়াত থকা অষ্ট্ৰেলিয়া নিবাসীসকলে হাত দাঙা। ত্ৰিমূৰ্ত্তি অভিনন্দন প্ৰথমে অষ্ট্ৰেলিয়া নিবাসীক, তাৰপাছত সকলোৰে প্ৰতি।

এইটো বছৰৰ লক্ষ্যৰ বিষয়েতো শুনালোঁ - সফল কৰা, সফলতা আছেই। এইটো সকলোৱে দৃঢ় কৰিলানে? সফল কৰিব লাগে। ব্যৰ্থ নহয়। সংগমযুগ হৈছে সমৰ্থ যুগ, সফলতাৰ যুগ। ব্যৰ্থৰ নহয়। ব্যৰ্থৰ 63 জন্ম সমাপ্ত হ’ল। এতিয়া এই সৰু যুগটি সফল কৰাৰ যুগ। যদি সময় সফল কৰা তেন্তে ভৱিষ্যতেও আধাকল্প পূৰা সময় ৰাজ্য অধিকাৰী হ’বা। যদি কেতিয়াবা কেতিয়াবা সফল কৰা তেন্তে ৰাজ্য অধিকাৰীও কেতিয়াবা কেতিয়াবা হ’বা। সময় সফল কৰাৰ প্ৰালব্ধ হৈছে এয়া। যদি শ্বাস সফল কৰি আছা তেন্তে 21 জন্মই সুস্থ হৈ থাকিবা। চলা ফুৰা কৰি থাকোতে হাৰ্টফেইল নহ’ব। কাৰোবাৰ হৃদয় স্তব্ধ হৈ যায়, কাৰোবাৰ সিৰা বন্ধ হৈ যায়, সেয়া নহ’ব।

জ্ঞানৰ সম্পদো সফল কৰা, জ্ঞানৰ অৰ্থ হৈছে বোধ, তাত ইমান বুদ্ধিমান হৈ যাবা যে কোনো মন্ত্ৰীৰ প্ৰয়োজন নহয়। আজিকালিতো চোৱা শপত গ্ৰহণ কৰিয়েই প্ৰথমে মন্ত্ৰীমণ্ডল গঠন কৰে। তাত সংগী থাকিব কিন্তু মন্ত্ৰী নাথাকিব। ৰাজকীয় পৰিয়ালৰ প্ৰত্যেকে ৰাজ দৰবাৰত বহোঁতা মুকুটধাৰী হ’ব। ৰাজকীয় পৰিয়াল কোনো গুণে কম নহ’ব, সিংহাসনত নবহিলেও কিন্তু পদমৰ্যাদা একেই হ’ব সেয়েহে এনেকৈ নাভাবিবা যে সিংহাসনধাৰী বহুত কম হ’ব কিন্তু তোমালোকো ৰাজ দৰবাৰত ৰাজ্য অধিকাৰীৰ ৰূপত থাকিবা। তোমালোকৰ শিৰতো মুকুট থাকিব আৰু তোমালোকৰ সম্পূৰ্ণ অধিকাৰ থাকিব। তেন্তে কি হ’বা? এক নম্বৰ নে ক্ৰম অনুসৰি, কি হ’বা? ক্ৰম অনুসৰি হ’বা নে এক নম্বৰ হ’বা? তেন্তে কি কৰিব লাগিব, গম পোৱানে? সাহস দেখুৱালা এয়া বহুত ভাল। কিন্তু এক নম্বৰ হ’বৰ বাবে প্ৰথমে জয় কৰিব লাগিব। কৰি আছা নহয়! কৰিম এনেকৈ নক’বা, কৰি আছোঁ। আনেও শুনি আছে। আজি শুনিলোঁ যে পুৰণা সিন্ধুৰ ব্ৰহ্মাৰ সংগী বহুত আহিছে। হাত দাঙা। শিশুসকল উঠা, সপিয়ালে আহিছে। বাৰু। কিবা চমৎকাৰ কৰি দেখুৱাবা নহয়! কি দেখুৱাবা? (বাৰ্তা দিম) সেয়াতো কৰিয়েই আছা। বাৰু 38 গৰাকী আহিছা, তেন্তে কি চমৎকাৰ কৰিবা? বাৰু বেছি কৰিব নালাগে, সৰু কাম এটা কৰা, কৰিবলৈ সাজু আছানে? শিশুসকলেও চমৎকাৰ কৰিবা নহয়। (38 লাখ তৈয়াৰ কৰিম) পদমগুণ অভিনন্দন। তোমালোকে ডাঙৰ কথা কৈ দিলা কিন্তু বাপদাদাই সৰু কথা কৈছে সেয়া প্ৰত্যেকে এজন এজনকৈ আনা। আনিবানে? এজনে এজনক আনা। শিশু হ’লে শিশুক আনা। মাতা হ’লে তেন্তে ভাতৃ বা ভগ্নীক আনা, কিন্তু প্ৰত্যেকেই এজন আনিব লাগিব। এই দলটি চাই লোৱা, তোমালোকে তেওঁলোকক মাৰ্গ-দৰ্শন কৰিবা, অহা বছৰ আনিবাই, ডবল দল লৈ আনিবা। বাপদাদাই এয়াই বিচাৰে যে য’ৰ পৰা আৰম্ভ হ’ল, তাতেই প্ৰত্যক্ষতা হ’ব লাগে। দয়া ওপজে নহয়! পিতা ব্ৰহ্মাৰ দেশৰ নিবাসী হোৱা সেয়েহে দেশবাসীৰ প্ৰতি স্নেহ থাকে।

তোমালোকৰ সম্পদ বহুত আছে, গুণ ৰূপী সম্পদ কিমান শ্ৰেষ্ঠ, শক্তি ৰূপী সম্পদ কিমান শ্ৰেষ্ঠ। সেয়েহে গুণ দান, শক্তি দান কৰোঁতা মাষ্টৰ দাতা হোৱা। যিয়েই আহে সম্বন্ধত আহক বা সম্পৰ্কত আহক কিন্তু তেওঁক কিবা নহয় কিবা গুণ বা শক্তি উপহাৰ দি দিবা। কোনো যাতে খালী হাতে নাযায়। অন্য একো নহ’লেও পিতাৰ বাৰ্তাৰ মধুৰ বচন, সেই মধুৰ বচনো উপহাৰ দিবা। জগতৰ লোকেতো যিকোনো উৎসৱ উদ্‌যাপন কৰিলে ইজনে সিজনৰ মুখ মিঠা কৰায়। কিন্তু বাপদাদাই কয় - মুখ মিঠাতো কৰিবই লাগে কিন্তু নিজৰ মধুৰতা সনা মুখখনিও দেখুৱাব লাগে। কেৱল মুখ মিঠা নহয়, মুখমণ্ডলো মিঠা। ইমান মধুৰতা জমা আছে নহয়! যিটো বিলাই দিলেও ভৰপূৰ হৈ থাকে আৰু এই সম্পদতো যিমানে বিলাবা সিমানে বাঢ়িব, কম নহ’ব। গতিকে এইটো বছৰ টুকি ৰাখিবা, যিসকল আত্মা আহিল তেওঁলোকক কিবা দিলোঁনে? যদি শুনোঁতা নহয় তেন্তে মধুৰ শক্তিশালী দৃষ্টি দিবা। কিন্তু নিশ্চয় দিবা। খালী হৈ যাতে নাযায়। এয়াতো সহজ হয় নহয়! নে কঠিন?

বাৰু, এক চেকেণ্ডৰ মনৰ ব্যায়াম স্মৃতিত আছেনে? প্ৰত্যেকে গোটেই দিনটোত কিমানবাৰ এই ব্যায়াম কৰা? এইটো টুকি ৰাখা। এই মনৰ কচৰৎ যিমানবাৰ কৰিবা সিমানে সহজযোগী, সৰলযোগী হ’বা। এফালে মনৰ সেৱা, আনফালে মনৰ ব্যায়াম। এতিয়াই নিৰাকাৰী, এতিয়াই ফৰিস্তা। পিতা ব্ৰহ্মাই তোমালোক ফৰিস্তাসকলক আহ্বান জনাই আছে। ফৰিস্তা হৈ পিতা ব্ৰহ্মাৰ লগত নিজৰ ঘৰলৈ নিৰাকাৰ ৰূপত যাবা আকৌ দেৱতা হৈ যাবা। বাৰু।

চাৰিওফালৰ পৰা বহুত স্নেহপূৰ্ণ স্মৃতি কাৰ্ডৰ ৰূপতে হওঁক, পত্ৰৰ ৰূপতে হওঁক বাপদাদাৰ ওচৰত আহি পাই গৈছে। বাপদাদাই জানে যে প্ৰত্যেক সন্তানে এইটোৱেই বুজে যে মোৰ স্মৃতি বাবাক দিবা, কিন্তু প্ৰাপ্ত হৈ গ’ল। স্নেহসহিত স্মৰণ কৰা বহুত মৰমৰ সন্তান বাপদাদাৰ সন্মুখত আছে সেয়েহে বাপদাদাই কৈছে যে প্ৰতিগৰাকী সন্তানে নিজৰ নিজৰ নামত অভিনন্দন আৰু অন্তৰৰ আশীৰ্বাদ স্বীকাৰ কৰিবা।

তোমালোক সকলোৰে প্ৰতি নৱজীৱন, নৱযুগ আৰু নৱবৰ্ষৰ বহুত বহুত পদম পদম পদম গুণ অভিনন্দন আৰু অন্তৰৰ আশীৰ্বাদ, স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বাপদাদাই সকলো সন্তানক নতুন বছৰৰ শুভেচ্ছা জনালে:-

চাৰিওফালৰ অতি অমায়িক, অতি মৰমৰ সন্তানসকলক পদম পদম গুণ নৱবৰ্ষৰ অভিনন্দন। এয়া যি মুহূৰ্ত অতিবাহিত হৈ গ’ল, এয়া হৈছে বিদায় আৰু শুভেচ্ছাৰ মুহূৰ্ত। এফালে বিদায় জনাব লাগে, নিজক সম্পন্ন কৰি তোলাত যি অভাৱ অনুভৱ কৰা তাক বিদায়, সদাকালৰ বাবে বিদায় জনাবা আৰু আগলৈ উৰিবৰ বাবে শুভেচ্ছা। অভিনন্দন, অভিনন্দন, অভিনন্দন। বাৰু – ওঁম্‌ শান্তি।

বৰদান: স্মৃতিক অনুভৱৰ স্থিতিত স্থিত কৰোঁতা এক নম্বৰ বিশেষ আত্মা হোৱা
সকলো ব্ৰাহ্মণ আত্মাৰ ভিতৰত সংকল্প থাকে যে মই বিশেষ আত্মা এক নম্বৰ হম কিন্তু সংকল্প আৰু কৰ্মৰ পাৰ্থক্য সমাপ্ত কৰিবৰ বাবে স্মৃতিক অনুভৱত আনিব লাগে। যেনেকৈ শুনাটো, জনাটো স্মৃতিত থাকে তেনেকৈ নিজক সেই অনুভৱৰ স্থিতিত আনিব লাগে তাৰ বাবে নিজৰ আৰু সময়ৰ মহত্বক জানি মন আৰু বুদ্ধিক যিকোনো অনুভৱৰ আসনত স্থিত কৰি লোৱা তেতিয়া এক নম্বৰ বিশেষ আত্মা হৈ যাবা।
শ্লোগান: ঈৰ্ষাৰ বশীভূত হৈ আনক ফেৰ মৰাৰ বেয়া ভাৱনা এৰি ভালৰ বাবে প্ৰতিযোগিতা কৰা।

!! ওঁম্ শান্তি !!

সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

এই সংগমযুগত বাপদাদাৰ বিশেষ উপহাৰ হৈছে সন্তুষ্টতা। সন্তুষ্টতাৰ বিশেষত্বই অন্য বিশেষত্বসমূহো সহজে নিজৰ সমীপত লৈ আহে, কিন্তু সদায় সন্তুষ্ট হৈ থাকা। পৰিস্থিতি যিমানেই সলনি নহওঁক সন্তুষ্টতাৰ স্থিতি পৰিস্থিতিয়ে সলনি কৰিব নোৱাৰে। পৰ-স্থিতি হয়েই পৰিৱৰ্তিত। কিন্তু স্ব সন্তুষ্টতাৰ স্থিতি সদায় প্ৰগতিশীল।

মুরলি কি?

মুরলি হৈছে ব্ৰহ্মাকুমাৰীসকলৰ দৈনিক আধ্যাত্মিক শিক্ষা, যি প্ৰতিদিনে ৰাতিপুৱা মধুবনৰ পৰা প্ৰকাশিত হয়। ইয়াত আপুনি আজিৰ মুরলি অসমীয়াত পঢ়িব, অডিঅ' শুনিব আৰু PDF ডাউনলোড কৰিব পাৰে। অধ্যয়নত সহায়ৰ বাবে পাঠত হাইলাইট কৰিব পাৰে — আপোনাৰ চিন এই ব্ৰাউজাৰতে সুৰক্ষিত থাকে।

28টা ভাষাত মুরলি

Daily Murli · Madhuban উৎস: মধুবন মুরলি বিভাগ এইটো এটা স্বতন্ত্ৰ পাঠক এপ, আনুষ্ঠানিক ৱেবছাইট নহয়।