| 30-12-2024 |
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
|
মধুবন। |
| “মৰমৰ সন্তানসকল – আত্মা ৰূপী বেটাৰী জ্ঞান আৰু যোগেৰে ভৰপূৰ কৰি সতোপ্ৰধান হ’ব লাগে, পানীৰ স্নানেৰে নহয়" | |
| প্ৰশ্ন: | বৰ্তমান সময়ত সকলো মনুষ্য আত্মাক দিগভ্ৰান্ত কৰোঁতা কোন? তেওঁ কিয় দিগভ্ৰান্ত কৰে? |
| উত্তৰ: | সকলোকে দিগভ্ৰান্ত কৰোঁতা হৈছে ৰাৱণ কিয়নো ৰাৱণ নিজেই দিগভ্ৰান্ত। ৰাৱণৰ নিজৰ ঘৰ নাই। ৰাৱণক কোনেও বাবা বুলি নকয়। পিতাতো নিজৰ সন্তানসকলক ঠিকনা দেখুৱাই দিবলৈ পৰমধাম ঘৰৰ পৰা আহে। এতিয়া তোমালোকে ঘৰৰ ঠিকনা গম পালা সেয়েহে তোমালোক দিগভ্ৰান্ত নোহোৱা। তোমালোকে কোৱা যে আমি প্ৰথমে পিতাৰ পৰা বিচ্ছিন্ন হ’লোঁ এতিয়া আকৌ প্ৰথমে ঘৰলৈ যাম। |
ওঁম্ শান্তি। মৰমৰ সন্তানসকলে ইয়াত বহি বুজি পায় যে এওঁৰ শৰীৰত যিজন শিৱবাবা আহিছে তেওঁ যিকোনো উপায়েৰে আমাক তেওঁৰ সৈতে নিশ্চয় ঘৰলৈ লৈ যাব। সেইখনতো আত্মাৰেই ঘৰ। সন্তানসকল নিশ্চয় আনন্দিত হয়, বেহদৰ পিতা আহি আমাক ফুল কৰি তোলে। একো কাপোৰ আদি নিপিন্ধায়। ইয়াকে কোৱা হয় যোগৰ বল, স্মৃতিৰ বল। শিক্ষকৰ যি মৰ্যাদা সন্তানসকলকো সিমানেই মৰ্যাদা সম্পন্ন কৰি তোলে। পঢ়াৰ দ্বাৰা বিদ্যাৰ্থীয়ে জানে যে আমি এয়া হ’বলৈ গৈ আছোঁ। তোমালোকেও জানা যে আমাৰ বাবা শিক্ষকো হয় সৎগুৰুও হয়। এয়া হৈছে নতুন কথা। আমাৰ বাবা হৈছে শিক্ষক, তেওঁক আমি স্মৰণ কৰোঁ। তেওঁ আমাক শিক্ষা দি এনেকৈ গঢ়ি আছে। আমাক পুনৰ ঘৰলৈ লৈ যাবলৈ আমাৰ বেহদৰ পিতাৰ আগমন হৈছে। ৰাৱণৰ কোনো ঘৰ নাথাকে, ঘৰ ৰামৰহে থাকে। শিৱবাবা ক’ত থাকে? তোমালোকে তৎক্ষণাৎ উত্তৰ দিবা যে পৰমধামত। ৰাৱণকতো বাবা বুলি নোকোৱা। ৰাৱণ ক'ত থাকে? নাজানো। এনেকৈ কোনেও নকয় যে ৰাৱণ পৰমধামত থাকে। নকয়। তেওঁৰ যে কোনো ঠিকনাই নাই। দিগভ্ৰান্ত হৈ ঘূৰি থাকে আৰু তোমালোককো দিগভ্ৰান্ত কৰে। তোমালোকে ৰাৱণক স্মৰণ কৰা জানো? নকৰা। তোমালোকক কিমান দিগভ্ৰান্ত কৰি দিয়ে। শাস্ত্ৰ পঢ়া, ভক্তি কৰা, এইটো কৰা সেইটো কৰা। পিতাই কয় - ইয়াক কোৱা হয় ভক্তিমাৰ্গ, ৰাৱণৰ ৰাজ্য। গান্ধীজীয়েও কৈছিল ৰামৰাজ্য লাগে। এইখন ৰথত আমাৰ শিৱবাবা আহিছে। শ্ৰেষ্ঠ বাবা নহয় জানো। তেওঁ আত্মাসকলক মৰমৰ সন্তান বুলি সম্বোধন কৰি কথা পাতে। এতিয়া তোমালোকৰ বুদ্ধিত আছে আত্মিক পিতা আৰু আত্মিক পিতাৰ বুদ্ধিত তোমালোক আত্মিক সন্তানসকল আছা কাৰণ আমাৰ সম্পৰ্কই হৈছে মূলধামৰ সৈতে। আত্মা আৰু পৰমাত্মা বহুকাল আঁতৰি থাকিল......। তাত আত্মা আৰু পৰমাত্মা একেলগে থাকে। তাৰপাছত নিজৰ নিজৰ ভূমিকা পালন কৰিবলৈ আঁতৰি আহে। বহুকালৰ হিচাপ থাকে নহয়। সেইবোৰ কথা পিতাই বহি বুজায়। তোমালোকে এতিয়া পাঠ পঢ়ি আছা। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে যিয়ে ভালদৰে পঢ়ে। তেওঁলোকেই প্ৰথমে মোৰ পৰা আঁতৰি গৈছিল। তেওঁলোকেই মোক বহুত স্মৰণ কৰিব আৰু তেতিয়া প্ৰথমে আহি যাব। পিতাই সন্তানসকলক গোটেই সৃষ্টিচক্ৰৰ গূঢ় ৰহস্যৰ জ্ঞান দিয়ে। যি ৰহস্যৰ কথা আন কোনেও নাজানে। গূঢ় বুলিও কোৱা হয় আৰু গূঢ়তম বুলিও কোৱা হয়। এয়া তোমালোকে জানা যে পিতাই ওপৰত ক’ৰবাত বহি নুবুজায়। ইয়ালৈ আহি বুজায় - মই এই কল্পবৃক্ষৰ বীজৰূপ। এই মনুষ্য সৃষ্টিৰূপী বৃক্ষজোপাক কল্পবৃক্ষ বুলি কোৱা হয়। জগতৰ মনুষ্যইতো একোৱেই নাজানে। কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে। পিতা আহি সকলোকে জগায়। এতিয়া তোমালোক সন্তানসকলক জগাইছে আৰু বাকী সকলো মনুষ্য শুই আছে। তোমালোকেও কুম্ভকৰ্ণৰ আসুৰি নিদ্ৰাত শুই আছিলা। পিতা আহি জগাইছে - সন্তানসকল জাগা। তোমালোক এলেহুৱা হৈ শুই আছা, ইয়াকেই অজ্ঞান নিদ্ৰা বুলি কোৱা হয়। সেই টোপনিতো সকলোৱে মাৰে। সত্যযুগতো মাৰে। এতিয়া সকলো আছে অজ্ঞান নিদ্ৰাত। পিতা আহি জ্ঞান দি সকলোকে জগায়। এতিয়া তোমালোক সন্তানসকল জাগিছা, এইটো জানা যে পিতাৰ আগমন হৈছে, আমাক লৈ যাব। এতিয়াতো এই শৰীৰ নতুবা আত্মা কোনোটোৱে একো কামৰ হৈ থকা নাই, দুয়োটাই পতিত হৈ গৈছে, একেবাৰে খাদ পৰি গৈছে। 9 কেৰেট মানে হৈছে বহুত কম সোণ। সঁচা সোণ 24 কেৰেটৰ হয়। এতিয়া পিতাই তোমালোকক 24 কেৰেটত লৈ যাব বিচাৰে। তোমালোক আত্মাসকলক সঁচা সঁচা সোণালীযুগী কৰি তোলে। ভাৰতক সোণৰ চৰাই বুলি কোৱা হৈছিল। এতিয়াতো লোহাৰ অথবা শিল-মাটিৰ চৰাই বুলি ক’ব। চৈতন্যই হয় নহয়। এয়া বুজিবলগীয়া কথা। যেনেকৈ আত্মাক বুজি পোৱা, তেনেকৈ পিতাকো বুজিব পাৰা। এনেকৈ কোৱাও হয় যে তৰা জিলিকি থাকে। বহুত সূক্ষ্ম তৰা। ডাক্তৰ আদিয়ে চাবলৈ বহুত চেষ্টা কৰিছে কিন্তু দিব্য দৃষ্টি অবিহনে দেখা পোৱাটো সম্ভৱ নহয়। বহুত সূক্ষ্ম। কোনোৱে কয় - চকুৰে আত্মা ওলাই গ'ল, কোনোৱে কয় - মুখেৰে ওলাই গ'ল। আত্মা শৰীৰৰ পৰা ওলাই যায় ক'লৈ? আন এটি শৰীৰত গৈ প্ৰৱেশ কৰে। এতিয়া তোমালোক আত্মাসকল ওপৰত শান্তিধামলৈ যাবা। এইটো তোমালোকে নিশ্চিতভাবে জানা যে পিতা আহি আমাক ঘৰলৈ লৈ যাব। এফালে হৈছে কলিযুগ আৰু আনফালে সত্যযুগ। এতিয়া আমি সংগমযুগত আছোঁ। আচৰিত কথা। এতিয়া ইয়াত কোটি কোটি মনুষ্য আছে আৰু সত্যযুগত থাকিব মাত্ৰ 9 লাখ। বাকী সকলোৰে কি হ'ল? বিনাশ হৈ যায়। পিতা আহেই নতুন সৃষ্টি স্থাপনা কৰিবলৈ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা হয়। আকৌ প্ৰতিপালনো হয় দুটা ৰূপত। এনেকুৱাতো নহয় যে চাৰিখন হাত থকা কোনোবা মনুষ্য থাকিব। তেতিয়াতো শোভা নাপাব। সন্তানসকলকো বুজাই দিয়ে - চতুৰ্ভুজ হৈছে শ্ৰী লক্ষ্মী আৰু শ্ৰী নাৰায়ণৰ যুগল ৰূপ। ‘শ্ৰী’ অৰ্থাৎ শ্ৰেষ্ঠ। ত্ৰেতাত দুটা কলা কম হৈ যায়। সেয়েহে সন্তানসকলে এতিয়া যি জ্ঞান পোৱা তাৰ স্মৃতিত থাকিব লাগে। মুখ্য হৈছেই দুটা শব্দ, পিতাক স্মৰণ কৰা। আন কোনেও এই কথা নুবুজিব। পিতাহে হৈছে পতিত-পাৱন সৰ্বশক্তিমান। গায়নো কৰে যে বাবা আপুনি আমাক আকাশ পৃথিৱী সকলো দি দিলে। এনেকুৱা একো বস্তু নাই যে যিটো দিয়া নাই। সমগ্ৰ বিশ্বৰ ৰাজ্য দি দিলে।
তোমালোকে জানা যে এই লক্ষ্মী-নাৰায়ণ গোটেই বিশ্বৰ মালিক আছিল। আকৌ ড্ৰামাৰ চক্ৰ ঘূৰে। পুৰুষাৰ্থৰ ক্ৰমানুসৰি সম্পূৰ্ণ নির্বিকাৰী হ’ব লাগে। এয়াও জানা যে বিকাৰীৰ পৰা নির্বিকাৰী, নির্বিকাৰীৰ পৰা বিকাৰী, এই 84 জন্মৰ ভূমিকা অনেকবাৰ পালন কৰিছা। তাৰ হিচাপ কৰিব নোৱাৰি। অৱশ্যে জনসংখ্যাৰ হিচাপ উলিয়াই লয়। বাকী এয়া যি তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান, সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হোৱা, ইয়াৰ হিচাপ উলিয়াব নোৱাৰি যে কিমান বাৰ হ’লা। বাবাই কয় 5 হাজাৰ বছৰৰ এই চক্ৰ। এইটো ঠিক। লাখ লাখ বছৰৰ কথাতো স্মৃতিতো নাথাকে। এতিয়া তোমালোকৰ গুণ ধাৰণ হৈছে, জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। এই চক্ষুৰে তোমালোকে পুৰণি জগতখনক দেখিছা। তৃতীয় নেত্ৰ যি পোৱা হৈছে তাৰে নতুন সৃষ্টিখনক চোৱা। এই সৃষ্টি কোনো কামৰ নহয়। পুৰণি সৃষ্টি। নতুন আৰু পুৰণি সৃষ্টিৰ কিমান পাৰ্থক্য আছে। তোমালোকে জানা যে আমিয়েই নতুন সৃষ্টিৰ মালিক আছিলোঁ পুনৰ 84 জন্ম লৈ লৈ এনেকুৱা হলোঁ। এইটো কথা ভালদৰে স্মৃতিত ৰাখিব লাগে আকৌ আনকো বুজাব লাগে – কেনেকৈ আমি এনেকুৱা হ’ম? ব্ৰহ্মাৰ পৰা বিষ্ণু, পুনৰ বিষ্ণুৰ পৰা ব্ৰহ্মা হওঁ। ব্ৰহ্মা আৰু বিষ্ণুৰ পাৰ্থক্য দেখিবলৈ নোপোৱা জানো। বিষ্ণু কেনেকৈ সু-সজ্জিত হৈ বহি আছে আৰু এই ব্ৰহ্মা কেনেকৈ সাধাৰণভাৱে বহি আছে। তোমালোকে জানা যে এওঁ ব্ৰহ্মা, তেৱেঁই বিষ্ণু হ’বগৈ। এয়া যিকোনো লোককে বুজাবলৈ সহজ। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ মাজত কি সম্বন্ধ আছে? তোমালোকে জানা যে এই বিষ্ণুৰ দুটা ৰূপ লক্ষ্মী–নাৰায়ণ। এই বিষ্ণুৱেই দেৱতাৰ পৰা পুনৰ মনুষ্য ব্ৰহ্মা হয়। এই বিষ্ণু সত্যযুগৰ, ব্ৰহ্মা ইয়াৰ। পিতাই বুজায় - ব্ৰহ্মাৰ পৰা বিষ্ণু এক ছেকেণ্ডত হয়, পুনৰ বিষ্ণুৰ পৰা ব্ৰহ্মা হ’বলৈ 5 হাজাৰ বছৰ লাগে। ততত্বম (তোমালোকৰ ক্ষেত্ৰতো একে কথা)। কেৱল এজন ব্ৰহ্মাইতো নহয়! এই কথাবোৰ পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। ইয়াত কোনো মনুষ্য গুৰুৰ কথা নাই। এওঁৰ গুৰুও শিৱবাবা, তোমালোক ব্ৰাহ্মণসকলৰ গুৰুও শিৱবাবা। তেওঁক সৎগুৰু বুলি কোৱা হয়। সেয়েহে শিৱবাবাক স্মৰণ কৰিব লাগে। যিকোনো লোককে এইটো বুজোৱা বহুত সহজ- শিৱবাবাক স্মৰণ কৰা। শিৱ বাবাই নতুন সৃষ্টি স্বৰ্গ ৰচনা কৰে। উচ্চতকৈও উচ্চ ভগৱান শিৱ। তেওঁ আমাৰ অৰ্থাৎ আত্মাসকলৰ বাবা। গতিকে ভগৱান পিতাই সন্তানসকলক কয় - মোক স্মৰণ কৰা। সন্তান জন্ম হ’ল আৰু ততালিকে সন্তানৰ মুখৰে মা মা আপোনাআপুনি উচ্চাৰিত হয়। মা-পিতাৰ বাহিৰে আন কাৰো ওচৰলৈ নাযায়। মাতৃৰ মৃত্যু হ’লে, সেয়া বেলেগ কথা। প্ৰথমে মা, তাৰপাছত পিতা, তাৰপাছত মিত্ৰ-সম্বন্ধীয় আদি থাকে। তাতো যোৰা যোৰা হ’ব। খুড়া-খুড়ী দুয়ো থাকিব নহয়। কুমাৰী হ’ব তাৰপাছত ডাঙৰ হ’ব তেতিয়া কোনোবাই খুড়ী বুলি ক’ব, কোনোবাই মামী বুলি ক’ব।
এতিয়া তোমালোকক পিতাই বুজায় যে তোমালোক সকলো ভাই ভাই। বচ্ আৰু সকলো সম্বন্ধ বাদ দিয়া। ভাই ভাই বুলি বুজিলে এজন পিতাক স্মৰণ কৰিব। পিতায়ো কয় সন্তানসকল, মোক স্মৰণ কৰা। কিমান শ্ৰেষ্ঠ বেহদৰ পিতা। এই শ্ৰেষ্ঠ বাবা তোমালোকক বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। বাৰে বাৰে কয় – ‘মনমনাভৱ’। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এইটো কথা পাহৰি নাযাবা। দেহ-অভিমান আহিলেই পাহৰি যায়। প্ৰথমেতো নিজক আত্মা বুলি বুজিব লাগে - আমি আত্মাসকল শালগ্ৰাম আৰু এজন পিতাক স্মৰণ কৰিব লাগে। পিতাই বুজাইছে - মই পতিত-পাৱন, মোক স্মৰণ কৰিলে তোমালোকৰ বেটাৰী যি খালী হৈ আছে সেয়া ভৰপূৰ হৈ যাব, তোমালোক সতোপ্ৰধান হৈ যাবা। পানীৰ গংগাততো জন্ম-জন্মান্তৰ ডুব লগাই আহিছা কিন্তু পৱিত্ৰ হ’ব নোৱাৰিলা। পানী কেনেকৈ পতিত-পাৱন হ’ব পাৰে? জ্ঞানেৰেই সৎগতি হয়। বৰ্তমান সময় হৈছেই পাপ আত্মাসকলৰ মিছা জগত। লেন-দেনো পাপ আত্মাৰ লগতে হয়। মন-বচন-কৰ্মৰে পাপ আত্মা হৈ গৈছে। এতিয়া তোমালোক সন্তানসকলে বোধশক্তি পাইছা। তোমালোকে কোৱা আমি এই লক্ষ্মী-নাৰায়ণ হ’বলৈ পুৰুষাৰ্থ কৰোঁ। এতিয়া তোমালোকৰ ভক্তি কৰাতো বন্ধ হৈ গ’ল। জ্ঞানৰে সৎগতি হয়। এওঁলোক (দেৱতাসকল) সৎগতিত আছে নহয়। পিতাই বুজাইছে - এওঁ বহুত জন্মৰ অন্তিম জন্মত আছে। পিতাই কিমান সহজকৈ বুজায়। তোমালোক সন্তানসকলে কিমান পৰিশ্ৰম কৰা। কল্পই কল্পই কৰা। পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰি নতুন সৃষ্টি কৰি তুলিব লাগে। এনেকৈ কয় নহয় যে ভগৱান হৈছে যাদুকৰ, ৰত্নাকৰ, সদাগৰ। যাদুকৰতো হয় নহয়। পুৰণি সৃষ্টিক নৰকৰ পৰা পৰিৱৰ্তন কৰি স্বৰ্গ কৰি তোলে। কিমান যাদু আছে এতিয়া তোমালোক স্বৰ্গৰ বাসিন্দা হৈ আছা। এইটো জানা এতিয়া আমি নৰকৰ বাসিন্দা। নৰক আৰু স্বৰ্গ বেলেগ। 5 হাজাৰ বছৰৰ চক্ৰ। লাখ লাখ বছৰৰ কথাই নাই। এই কথাবোৰ পাহৰিব নালাগে। ভগৱানুবাচ নহয় জানো - কোনোবা নিশ্চয় আছে যি পুনৰ্জন্ম ৰহিত। শ্ৰীকৃষ্ণৰতো শৰীৰ আছে। শিৱৰ নাই। তেওঁক মুখ নিশ্চয় লাগে। তোমালোকক শুনাবৰ কাৰণে আহি পঢ়ায়। ড্ৰামা অনুসৰি সকলো জ্ঞানেই তেওঁৰ ওচৰত আছে। তেওঁ দুখধামক সুখধাম কৰিবলৈ গোটেই কল্পৰ ভিতৰত এবাৰেই আহে। সুখ শান্তিৰ অধিকাৰ নিশ্চয় পিতাৰ পৰাই পোৱা যায় সেইবাবেতো মনুষ্যই বিচাৰে নহয়, পিতাক স্মৰণ কৰে।
পিতাই চোৱা জ্ঞান কেনেকৈ সহজ ৰীতিৰে দিয়ে। ইয়াত বহিও পিতাক স্মৰণ কৰা, লুটিবাগৰ মৰা খেল স্মৃতিলৈ আনা তেতিয়াও ‘মনমনাভৱ’ই হয়। পিতাই হৈছে এই গোটেই জ্ঞান দিওঁতা। তোমালোকে ক’বা আমি বেহদৰ পিতাৰ ওচৰলৈ যাওঁ। পিতাই আমাক শান্তিধাম-সুখধাম লৈ যাবলৈ মাৰ্গ-দৰ্শন কৰে। ইয়াত বহি ঘৰক স্মৰণ কৰা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, ঘৰক স্মৰণ কৰা আৰু নতুন সৃষ্টিক স্মৰণ কৰা। এই পুৰণি সৃষ্টিতো শেষ হৈ যাব। আগলৈ গৈ তোমালোকে বৈকুণ্ঠকো বহুত স্মৰণ কৰিবা। ঘনে ঘনে বৈকুণ্ঠত গৈ থাকিবা। আৰম্ভণিত কন্যাসকলে একেলগে বহি বৈকুণ্ঠলৈ গুচি গৈছিল। এইবোৰ দেখি ডাঙৰ ডাঙৰ ঘৰৰ লোকে নিজৰ সন্তানসকলক পঠিয়াই দিছিল। নামেই ৰাখিছিল ‘ওম নিবাস’। কিমান অনেক সন্তান আহিল পাছত গণ্ডগোল হৈছিল। সন্তানসকলক পঢ়াইছিল। আপোনাআপুনি ধ্যানত গুচি গৈছিল। এতিয়া এই ধ্যান আদিৰ ভূমিকা বন্ধ কৰি দিয়া হৈছে। ইয়াতো কবৰস্থান তৈয়াৰ কৰি দিছিল। সকলোকে শুৱাই দিছিল আৰু তৎক্ষণাৎ ধ্যানত গুচি গৈছিল। এতিয়া তোমালোক সন্তানসকলো যাদুকৰ। যাকেই চোৱা লগে লগে ধ্যানত গুচি যাব। এই যাদু কিমান ভাল। ঐকান্তিক ভক্তিত যেতিয়া একেবাৰে প্ৰাণ দিবলৈ সাজু হৈ যায় তেতিয়া তেওঁৰ সাক্ষাৎকাৰ হয়। ইয়াততো পিতা স্বয়ং আহিছে, তোমালোক সন্তানসকলক পঢ়াই উচ্চ পদ প্ৰাপ্ত কৰায়। আগলৈ গৈ তোমালোক সন্তানসকলে বহুত সাক্ষাৎকাৰ কৰি থাকিবা। পিতাক এতিয়াও কোনোৱাই সুধিলে ক’ব পাৰে যে কোন গোলাপ ফুল, কোন চম্পা ফুল, কোন তগৰ? সুবাস নথকা ফুলো থাকে নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) দেহৰ সকলো সম্বন্ধ বাতিল কৰি আত্মা ভাই ভাই হওঁ – এইটো নিশ্চয় কৰিব লাগে আৰু পিতাক স্মৰণ কৰি পূৰা উত্তৰাধিকাৰৰ অধিকাৰী হ’ব লাগে।
(2) এতিয়া পাপ আত্মাসকলৰ সৈতে লেন-দেন কৰিব নালাগে। অজ্ঞান নিদ্ৰাৰ পৰা সকলোকে জগাব লাগে, শান্তিধাম-সুখধামলৈ যোৱাৰ মাৰ্গ-দৰ্শন কৰিব লাগে।
| বৰদান: |
মন বুদ্ধিৰ একাগ্ৰতাৰ দ্বাৰা সৰ্ব সিদ্ধি প্ৰাপ্ত কৰোঁতা সদায় সমৰ্থ আত্মা হোৱা সৰ্ব সিদ্ধি প্ৰাপ্ত কৰিবলৈ একাগ্ৰতাৰ শক্তি বঢ়োৱা। এই একগ্ৰতাৰ শক্তিয়ে সহজ নিৰ্বিঘ্ন কৰি দিয়ে, পৰিশ্ৰম কৰাৰ আৱশ্যকতা নাথাকে। একমাত্ৰ পিতা অন্য কোনো নাই - ইয়াৰ সহজে অনুভৱ হয়, সহজে একৰস স্থিতি হৈ যায়। সকলোৰে প্ৰতি কল্যাণৰ বৃত্তি, ভাই ভাইৰ দৃষ্টি থাকে। কিন্তু একাগ্ৰ হ’বলৈ ইমান সমৰ্থ হোৱা যাতে মন-বুদ্ধি সদায় তোমালোকৰ আদেশ অনুসৰি চলে। সপোনতো চেকেণ্ড মাত্ৰও যাতে অস্থিৰতা নাথাকে। |
| শ্লোগান: | পদুম ফুলৰ সমান উৰ্দ্ধত থাকিবা তেতিয়া প্ৰভুৰ স্নেহৰ পাত্ৰ হৈ পৰিবা। |
!! ওঁম্ শান্তি !!
সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
তপস্যাৰ অৰ্থই হৈছে – সন্তুষ্টতাৰ ব্যক্তিত্ব নয়নত, চেহেৰাত, চলনত দেখা দিয়ক। সন্তুষ্টমণি অৰ্থাৎ দাগহীন মণি। সন্তুষ্ট আত্মাই সদায় নিজেও প্ৰসন্নচিত অনুভৱ কৰিব আৰু আনকো প্ৰসন্ন কৰিব। গতিকে যথাৰ্থ অনুভৱৰ দ্বাৰা সন্তুষ্ট আত্মা হোৱা।