অসমীয়া মুরলি · Brahma Kumaris

অসমীয়া মুরলি · 31 ডিচেম্বৰ, 2024

ওম শান্তি · BapDada ·

আজিৰ মুরলি — today’s murli in Assamese, every morning.

18
মুরলি31 ডিচেম্বৰ, 2024 · অসমীয়া
0:00--:--

পাঠ বাছক → হাইলাইট / বক্স / আণ্ডাৰলাইন

31-12-2024
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
মধুবন।
“মৰমৰ সন্তানসকল – পিতাই নিতৌ যি পঢ়ায়, সেই পঢ়া কেতিয়াও খতি কৰিব নালাগে, এই পঢ়াৰ দ্বাৰাই ভিতৰৰ সংশয় দূৰ হয়"
প্ৰশ্ন: পিতাৰ অন্তৰ জয় কৰাৰ যুক্তি কি?
উত্তৰ: পিতাৰ অন্তৰ জয় কৰিবলৈ হ’লে যেতিয়ালৈকে সংগমযুগ আছে তেতিয়ালৈকে পিতাৰ পৰা একোৱেই নুলুকুৱাবা। নিজৰ চৰিত্ৰৰ প্ৰতি পূৰা ধ্যান দিবা। যদি কিবা পাপ কৰ্ম হৈ যায় তেন্তে অবিনাশী ছাৰ্জনক শুনোৱা তেতিয়া বোজা মুক্ত হৈ যাবা। পিতাই যি শিক্ষা দিয়ে সেয়াই তেওঁৰ দয়া, কৃপা বা আশীৰ্বাদ। গতিকে পিতাৰ পৰা দয়া বা কৃপা বিচৰাৰ সলনি নিজৰ ওপৰত কৃপা কৰা। এনেকুৱা পুৰুষাৰ্থ কৰি পিতাৰ অন্তৰ জয় কৰি লোৱা।

ওঁম্ শান্তি। এতিয়া আত্মিক সন্তানসকলে এইটোতো জানে যে নতুন সৃষ্টিত সুখ, পুৰণি সৃষ্টিত দুখ। দুখত সকলো দুখী হৈ যায় আৰু সুখত সকলো সুখী হৈ যায়। সুখৰ সৃষ্টিত দুখৰ নাম-চিহ্ন নাই আকৌ য'ত দুখ ত’ত সুখৰ নাম-চিহ্ন নাই। য'ত পাপ আছে ত’ত পুণ্যৰ নাম-চিহ্ন নাই, য'ত পুণ্য আছে ত’ত পাপৰ নাম-চিহ্ন নাই। সেয়া কোনখন ঠাই? এখন হৈছে সত্যযুগ, আনখন কলিযুগ। এয়াতো সন্তানসকলৰ বুদ্ধিত নিশ্চয়তা থাকিবই। এতিয়া দুখৰ সময় পূৰ্ণ হ'বৰ হ'ল আৰু সত্যযুগৰ কাৰণে প্ৰস্তুতি চলি আছে। আমি এতিয়া এই ছিঃ ছিঃ সৃষ্টিৰ সিপাৰে সত্যযুগ অৰ্থাৎ ৰামৰাজ্যলৈ গৈ আছোঁ। নতুন সৃষ্টিত হৈছে সুখ, পুৰণি সৃষ্টিত হৈছে দুখ। এনেকুৱা নহয়, যিয়ে সুখ দিয়ে তেৱেঁই দুখো দিয়ে। নহয়, সুখ পিতাই দিয়ে, দুখ মায়া ৰাৱণে দিয়ে। সেই শত্ৰুৰ প্ৰতিকৃতি সাজি প্ৰত্যেক বছৰে জ্বলায়। দুখ দিওঁতাক সদায় জ্বলোৱা হয়। সন্তানসকলে জানে যেতিয়া ৰাৱণৰ ৰাজ্য পূৰা হৈ যায় তেতিয়া পুনৰ সদাকালৰ কাৰণে সমাপ্ত হৈ যায়। 5 বিকাৰেই সকলোকে আদি, মধ্য, অন্ত দুখ দি আহিছে। তোমালোক ইয়াত বহি থাকিলেও তোমালোকৰ বুদ্ধিত এইটোৱেই থাকিব লাগে যে আমি বাবাৰ ওচৰলৈ যাওঁ। ৰাৱণকতো তোমালোকে পিতা বুলি নক'বা। ৰাৱণক পৰমপিতা পৰমাত্মা বুলি কোনোবাই কোৱা কেতিয়াবা শুনিছানে? কেতিয়াও শুনা নাই। বহুতে ভাবে লংকাত ৰাৱণ আছিল। পিতাই কয় - এই গোটেই সৃষ্টিখনেই লংকা। এনেকৈ কয় যে ভাস্কৰ-ডি-গামাই পানী জাহাজ বা নাওৰ দ্বাৰা পৰিক্ৰমা লগালে। যি সময়ত তেওঁ পৰিক্ৰমা লগাইছিল সেই সময়ত এৰোপ্লেন আদি নাছিল। ট্ৰেইনো ভাপত চলিছিল। বিজুলী অন্য বস্তু। এতিয়া পিতাই কয় - সৃষ্টিতো এখনেই। নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা নতুন হয়। এনেকৈ ক'ব নালাগে যে স্থাপনা, প্ৰতিপালন, বিনাশ। নহয়, প্ৰথমে স্থাপনা পাছত বিনাশ, তাৰপাছত প্ৰতিপালন, এনেকৈ কোৱাটোহে শুদ্ধ। পাছত ৰাৱণৰ প্ৰতিপালন আৰম্ভ হয়। সেয়া মিছা বিকাৰী পতিত হোৱাৰ প্ৰতিপালন, যাৰ দ্বাৰা সকলো দুখী হয়। পিতাইতো কেতিয়াও কাকো দুখ নিদিয়ে। ইয়াততো তমোপ্ৰধান হোৱাৰ কাৰণে পিতাকেই সৰ্বব্যাপি বুলি কৈ দিয়ে। চোৱা, কি হৈ গ’ল! এয়াতো তোমালোক সন্তানসকলে চলোঁতে-ফুৰোঁতে বুদ্ধিত ৰাখিব লাগে। হওঁতে বহুত সহজ। কেৱল ‘অল্ফ’ৰ (আল্লাহৰ) কথা। মুছলমান লোকসকলেও কয় - উঠি আল্লাক স্মৰণ কৰা। নিজেও পুৱাই উঠে। তেওঁলোকে কয় আল্লাহ বা খোদাক স্মৰণ কৰা। তোমালোকে ক'বা পিতাক স্মৰণ কৰা। ‘বাবা’ শব্দটি বহুত মিঠা। ‘আল্লাহ’ বুলি ক'লে উত্তৰাধিকাৰ স্মৃতিলৈ নাহিব। ‘বাবা’ বুলি ক'লে উত্তৰাধিকাৰ স্মৃতিলৈ আহি যায়। মুছলমান লোকে পিতা বুলি নকয়। তেওঁলোকে আকৌ “আল্লাহ মিয়া” বুলি কয়। মিয়া-বীবী। এই সকলোবোৰ শব্দ ভাৰতত আছে। পৰমপিতা পৰমাত্মা বুলি ক'লেহে শিৱলিংগ স্মৃতিলৈ আহি যাব। ইউৰোপবাসীৰ লোকসকলে “গড্ ফাদাৰ” বুলি কয়। ভাৰতততো পাথৰ-শিলগুটিকো ভগৱান বুলি ভাবি লয়। শিৱলিংগও পাথৰৰ হয়। ভাবে যে এই পাথৰত ভগৱান বহি আছে। ভগৱানক স্মৰণ কৰিলে তেতিয়া পাথৰহে স্মৃতিলৈ আহি যায়। পাথৰক ভগৱান বুলি বুজি পূজা কৰে। পাথৰ ক'ৰ পৰা আহে? পাহাৰৰ জুৰিত বাগৰি বাগৰি গোলাকৃতিৰ চিকচিকিয়া হৈ যায়। আকৌ কেনেকৈ প্ৰাকৃতিক চিহ্নও তৈয়াৰ হৈ যায়। দেৱী-দেৱতাসকলৰ মূৰ্তি এনেকুৱা নহয়। পাথৰ কাটি কাটি কাণ, মুখ, নাক, চকু আদি আদি কিমান সুন্দৰকৈ বনায়। খৰচ বহুত কৰে। শিৱবাবাৰ মূৰ্তিৰ ক্ষেত্ৰত কোনো খৰচ আদিৰ কথা নাই। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে আমিয়েই দেৱী-দেৱতা চৈতন্য ৰূপত নিজেই হৈ আছোঁ। যেতিয়া চৈতন্যত হ'ম তেতিয়া পূজা আদি নহ'ব। যেতিয়া পাথৰ বুদ্ধিৰ হয় তেতিয়া পাথৰক পূজা কৰে। যেতিয়া চৈতন্য হয় তেতিয়া পূজ্য হয় পুনৰ পূজাৰী হৈ যায়। তাত কোনো পূজাৰীও নাথাকে আৰু কোনো পাথৰৰ মূৰ্তিও নাথাকে। দৰকাৰেই নাই। যি চৈতন্য আছিল তেওঁলোকৰ চিহ্ন স্মাৰক হিচাপে পাথৰৰ ৰাখে। এতিয়া এই দেৱতাসকলৰ কাহিনী তোমালোকে গম পালা যে এই দেৱতাসকলৰ জীৱন কাহিনী কি আছিল? পুনৰ সেয়াই পুনৰাবৃত্তি হয়। আগতে এই জ্ঞান চক্ষু নাছিল গতিকে যেন পাথৰবুদ্ধিৰ আছিল। এতিয়া পিতাৰ দ্বাৰা যি জ্ঞান প্ৰাপ্ত হৈছে, জ্ঞান একেটাই কিন্তু লওঁতাসকল ক্ৰম অনুসৰি হয়।

তোমালোকৰ ৰুদ্ৰ মালাও এই ধাৰণা অনুসৰিয়েই হয়। এডাল হৈছে ৰুদ্ৰ (শিৱ) মালা, দ্বিতীয় ডাল হৈছে ৰুণ্ড (বিষ্ণু) মালা। এডাল হৈছে ভাইসকলৰ, দ্বিতীয় ডাল হৈছে ভাই-ভনীসকলৰ। এইটোতো বুদ্ধিত উদয় হয় আমি আত্মাসকল অতি সূক্ষ্ম বিন্দু সদৃশ। গায়নো আছে ভ্ৰূকুটিৰ মধ্যত চিকমিকাই আচৰিত তৰা। এতিয়া তোমালোকে বুজি পোৱা যে আমি আত্মাসকল চৈতন্য। সূক্ষ্ম তৰা এটিৰ দৰে। আকৌ যেতিয়া গৰ্ভত প্ৰৱেশ কৰে তেতিয়া প্ৰথমে কিমান সৰু পিণ্ড হয়। পাছত কিমান ডাঙৰ হৈ যায়। সেইটো আত্মাই নিজৰ শৰীৰৰ দ্বাৰা অবিনাশী ভূমিকা পালন কৰি থাকে। এই শৰীৰকেই আকৌ সকলোৱে স্মৰণ কৰিবলৈ লাগি যায়। এই শৰীৰেই ভাল-বেয়া হোৱাৰ কাৰণে সকলোকে আকৰ্ষিত কৰে। সত্যযুগত এনেকৈ নক'ব যে আত্মা-অভিমানী হোৱা, নিজক আত্মা বুলি বুজা। এই জ্ঞান তোমালোকে এতিয়াহে প্ৰাপ্ত কৰা কিয়নো তোমালোকে জানা যে এতিয়া আত্মা পতিত হৈ গ’ল। পতিত হোৱাৰ কাৰণে যি কাম কৰে সেই সকলোবোৰ ওলোটা হৈ যায়। পিতাই চিধা কাম কৰায়, মায়াই ওলোটা কাম কৰায়। সকলোতকৈ ওলোটা কাম হৈছে পিতাক সৰ্বব্যাপি বুলি কোৱাতো। আত্মাই যি ভূমিকা পালন কৰে সেয়া অবিনাশী। আত্মাক জ্বলাব নোৱাৰি, আত্মাকতো পূজা কৰা হয়। শৰীৰ জ্বলোৱা হয়। আত্মাই যেতিয়া শৰীৰ ত্যাগ কৰে তেতিয়া শৰীৰ জ্বলাই দিয়ে। আত্মাই অন্য এটা শৰীৰত প্ৰৱেশ কৰে। আত্মা অবিহনে শৰীৰ দুই-চাৰিদিনো ৰাখিব নোৱাৰি। কোনোৱেতো আকৌ শৰীৰত ঔষধ আদি লগাই ৰাখিও দিয়ে। কিন্তু লাভ কি? খ্ৰীষ্টানৰ ‘জেৱীয়ৰ’ নামৰ এজন মহাত্মা আছে, কোৱা হয় তেওঁৰ শৰীৰ আজিও ৰাখি থোৱা আছে। তেওঁৰো যেন মন্দিৰ সাজি থোৱা আছে। কাৰো নেদেখুৱায়, কেৱল তেওঁৰ চৰণযুগলহে দেখুৱায়। এনেকৈ কয় যে কোনোবাই চৰণ স্পৰ্শ কৰিলে তেতিয়া বেমাৰ নহয়। চৰণ স্পৰ্শ কৰিলে বেমাৰৰ পৰা অলপ মুক্ত হৈ গ’লে তেতিয়া ভাবে যে এয়া তেওঁৰ কৃপা। পিতাই কয় - ভাৱনাৰ ভাড়া পাই যায়। নিশ্চয়বুদ্ধিৰ হ’লে কিছু লাভ হয়। বাকী এনেকুৱা হ’লে তেতিয়া অসংখ্য লোক তালৈ যাব, মেলা লাগি যাব। পিতাও ইয়ালৈ আহিছে তথাপিও ইমান জনসমাগম নাই। অসংখ্য লোকৰ বাবে ঠায়ো নাই। যেতিয়া অসংখ্য হোৱাৰ সময় হয় তেতিয়া বিনাশ হৈ যায়। এয়াও ড্ৰামা ৰচি থোৱা আছে। ইয়াৰ আদি বা অন্ত নাই। অৱশ্যে হয়, বৃক্ষজোপাৰ যেতিয়া জৰ্জৰিত অৱস্থা হয় অৰ্থাৎ তমোপ্ৰধান হৈ যায় তেতিয়া এই বৃক্ষজোপাৰ পৰিৱৰ্তন হয়। এয়া কিমান ডাঙৰ বেহদৰ বৃক্ষ। প্ৰথমে তেওঁলোক আহিব যিসকল প্ৰথম নম্বৰত যাব। ক্ৰমানুসৰি আহিব নহয়? সকলো সূৰ্যবংশীতো একেলগে নাহিব। চন্দ্ৰবংশীও সকলো একেলগে নাহে। ক্ৰমান্বয়ে মালা অনুসৰিহে আহিব। ভূমিকা পালন কৰোঁতা সকলো একেলগে কেনেকৈ আহিব। খেলখনেই নষ্ট হৈ যাব। এই খেলখন অতি নিখুঁতভাৱে ৰচি থোৱা আছে, ইয়াত একো সলনি হ'ব নোৱাৰে।

মৰমৰ সন্তানসকল যেতিয়া ইয়াত বহা তেতিয়া বুদ্ধিত এইটোৱেই স্মৃতি থাকিব লাগে। অন্য সৎসংগততো অন্য অন্য কথা স্মৃতিলৈ আহে। এয়াতো একেই পঢ়া, যাৰ দ্বাৰা তোমালোকৰ উপাৰ্জন হয়। সেই শাস্ত্ৰ আদি পঢ়িলে উপাৰ্জন নহয়। অৱশ্যে হয়, কিবা নহয় কিবা ভাল গুণ থাকে। যেতিয়া ‘গ্ৰন্থ’ পঢ়িবলৈ বহে এনেকুৱা নহয় যে সকলো নিৰ্বিকাৰী হয়। পিতাই কয় - এইখন সৃষ্টিত সকলো ভ্ৰষ্টাচাৰৰ দ্বাৰা জন্ম হয়। তোমালোক সন্তানসকলক বহুতে সোধে - তাত জন্ম কেনেকৈ হ'ব? তেতিয়া ক’বা, তাততো 5 বিকাৰেই নাই, যোগবলৰ দ্বাৰা সন্তান জন্ম হয়। প্ৰথমেই সাক্ষাৎকাৰ হয় যে এতিয়া সন্তান আহিব। তাত বিকাৰৰ কথা নাই। ইয়াততো সন্তানকো মায়াই বগৰাই দিয়ে। কোনো-কোনোৱেতো পিতাক আহি শুনায়ো। নুশুনালে এশগুণ দণ্ড হৈ যাব। পিতাইতো সকলো সন্তানকে কয় যে কিবা পাপ কৰ্ম হৈ গ’লে পিতাক ততালিকে শুনাই দিব লাগে। পিতা হৈছে অবিনাশী বৈদ্য। ছাৰ্জনক শুনালে তোমালোক বোজা মুক্ত হৈ যাবা। যেতিয়ালৈকে সংগমযুগ আছে তেতিয়ালৈকে পিতাৰ পৰা একোৱেই লুকুৱাব নালাগে। কোনোবাই লুকুৱালে তেতিয়া পিতাৰ অন্তৰ জয় কৰিব নোৱাৰে। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। স্কুললৈ যদি নাযায়েই তেন্তে চৰিত্ৰ কেনেকৈ শুধৰণি হ’ব? এই সময়ত সকলোৰে চৰিত্ৰ লেতেৰা। বিকাৰেই হৈছে প্ৰথম নম্বৰৰ লেতেৰা চৰিত্ৰ সেয়েহে পিতাই কয় - সন্তানসকল, কাম বিকাৰ তোমালোকৰ মহাশত্ৰু। আগতেও এই ‘গীতা’ জ্ঞান শুনিছিলা যদিও এই সকলোবোৰ কথা বুজি পোৱা নাছিলা। এতিয়া পিতাই পোনপটীয়াকৈ ‘গীতা’ শুনায়। এতিয়া পিতাই তোমালোক সন্তানসকলক দিব্য বুদ্ধি দিছে, গতিকে ভক্তিৰ নাম শুনিলেই হাঁহি উঠে কি কি যে কৰিছিলোঁ! এতিয়াতো পিতাই শিক্ষা দিয়ে, ইয়াত দয়া, কৃপা বা আশীৰ্বাদৰ কথা নাই। নিজৰ ওপৰতেই দয়া, কৃপা বা আশীৰ্বাদ কৰিব লাগে। পিতাইতো প্ৰতিগৰাকী সন্তানকে পুৰুষাৰ্থ কৰায়। কোনোৱেতো পুৰুষাৰ্থ কৰি পিতাৰ অন্তৰ জয় কৰি লয়, কোনোবা আকৌ পুৰুষাৰ্থ কৰি কৰি মৰিও যায়। পিতাইতো প্ৰতিগৰাকী সন্তানকে একেধৰণেই পঢ়ায় আকৌ কোনোবা সময়ত এনেকুৱা গূঢ়াৰ্থমূলক কথা ওলায় যাৰ বাবে পুৰণা সংশয়েই নোহোৱা হৈ যায়, তেতিয়া ঠিয় হৈ যায় সেয়েহে বাবাৰ পঢ়া কেতিয়াও খতি কৰিব নালাগে। মুখ্য হৈছে পিতাৰ স্মৃতি। দৈৱী গুণো ধাৰণ কৰিব লাগে। কোনোবাই কিবা ছিঃ ছিঃ কথা শুনালে সেয়া শুনিও নুশুনা হৈ যাব লাগে। বেয়া নুশুনিবা, বেয়া নাচাবা..... উচ্চ পদ প্ৰাপ্ত কৰিবলৈ হ’লে মান-অপমান, দুখ-সুখ, জয়-পৰাজয় সকলো নিশ্চয় সহ্য কৰিব লাগে। পিতাই কিমান যুক্তি শুনায়। তথাপিও সন্তানে পিতাৰ কথা আওকাণ কৰে তেন্তে তেওঁ কি পদ পাব? পিতাই কয় - যেতিয়ালৈকে অশৰীৰী নোহোৱা তেতিয়ালৈকে মায়াৰ কিবা নহয় কিবা আঘাত লাগিয়েই থাকিব। পিতাৰ কথা নামানিলে তেতিয়া পিতাক অসন্মান কৰে। তথাপিও পিতাই কয় - সন্তানসকল, সদায় জাগ্ৰত হৈ জীয়াই থাকা আৰু পিতাক স্মৰণ কৰি উচ্চ পদ লোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) কোনোবাই ওলট-পালট কথা ক’লে তেতিয়া সেয়া শুনিও নুশুনা হৈ থাকিব লাগে। বেয়া নুশুনিবা..... দুখ-সুখ, মান-অপমান সকলো সহ্য কৰিব লাগে।

(2) পিতাই যি শুনায় সেয়া আওকাণ কৰি পিতাক অসন্মান কৰিব নালাগে। মায়াৰ আঘাতৰ পৰা ৰক্ষা পাবলৈ অশৰীৰী হৈ থকাৰ অভ্যাস নিশ্চয় কৰিব লাগে।

বৰদান: পিতাৰ সমান দয়াশীল হৈ সকলোকে ক্ষমা কৰি স্নেহ দিওঁতা মাষ্টৰ দাতা হোৱা
যেনেকৈ পিতাক দয়াশীল, ক্ষমাশীল বুলি কোৱা হয়, তেনেকৈ তোমালোক সন্তানসকলো মাষ্টৰ দয়াশীল। যি দয়াশীল হয় তেৱেঁই কল্যাণ কৰিব পাৰে, অকল্যাণ কৰোঁতাসকলকো ক্ষমা কৰিব পাৰে। তেওঁ মাষ্টৰ স্নেহৰ সাগৰ হয়, তেওঁৰ ওচৰত স্নেহৰ বাহিৰে অন্য একোৱেই নাই। বৰ্তমান সময়ত সম্পত্তিতকৈও অধিক স্নেহৰ আৱশ্যকতা আছে সেই কাৰণে মাষ্টৰ দাতা হৈ সকলোকে স্নেহ দি গৈ থাকা। কোনেও যাতে খালী হাতেৰে নাযায়।
শ্লোগান: যদি তীব্ৰ পুৰুষাৰ্থী হোৱা ইচ্ছা আছে তেন্তে য’ত ইচ্ছা আছে ত’ত ৰাস্তা পাই যাবা।

!! ওঁম্ শান্তি !!

সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া মাষ্টৰ ৰচয়িতা হৈ নিজৰ ৰচনাক শুভ-ভাৱনাৰে আৰু শুভ-চিন্তক হৈ ভিখাৰীসকলক তেওঁলোকৰ ইচ্ছা অনুসৰি সন্তুষ্ট কৰা। এতিয়া মহাদানী আৰু বৰদানী হোৱা তেতিয়া সকলোকে সন্তুষ্ট কৰিব পাৰিবা। যি বৰদানীমূৰ্ত তেওঁ স্বয়ং স্বৰূপ হৈ আনক দিওঁতা দাতা হৈ যায়। বিশেষ মনোযোগ দিবলগীয়া কথা হৈছে – সদায় নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি সন্তুষ্ট হৈ থাকিবই লাগে, তেতিয়াহে অনেক আত্মাৰ ইষ্ট হ’ব পাৰিবা আৰু অষ্ট দেৱতাৰ শাৰীত আহিব পাৰিবা।

মুরলি কি?

মুরলি হৈছে ব্ৰহ্মাকুমাৰীসকলৰ দৈনিক আধ্যাত্মিক শিক্ষা, যি প্ৰতিদিনে ৰাতিপুৱা মধুবনৰ পৰা প্ৰকাশিত হয়। ইয়াত আপুনি আজিৰ মুরলি অসমীয়াত পঢ়িব, অডিঅ' শুনিব আৰু PDF ডাউনলোড কৰিব পাৰে। অধ্যয়নত সহায়ৰ বাবে পাঠত হাইলাইট কৰিব পাৰে — আপোনাৰ চিন এই ব্ৰাউজাৰতে সুৰক্ষিত থাকে।

28টা ভাষাত মুরলি

Daily Murli · Madhuban উৎস: মধুবন মুরলি বিভাগ এইটো এটা স্বতন্ত্ৰ পাঠক এপ, আনুষ্ঠানিক ৱেবছাইট নহয়।