| 26-11-2026 |
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
|
মধুবন। |
| “মৰমৰ সন্তানসকল – মৰমৰ পিতা আৰু মনোমোহা ৰাজধানীক স্মৰণ কৰা তেতিয়া বহুত অমায়িক হৈ যাবা” | |
| প্ৰশ্ন: | তোমালোক সন্তানসকলে কোনটো পুৰুষাৰ্থ কৰি মনুষ্যৰ পৰা দেৱতা হোৱা? |
| উত্তৰ: | তোমালোকে এতিয়া জ্ঞান মানসৰোবৰত ডুব মাৰি জ্ঞান পৰী হোৱা, জ্ঞান স্নানেৰে তোমালোকৰ চৰিত্ৰ সলনি হৈ গৈ থাকে। যি অৱগুণ আছে, আঁতৰি গৈ থাকে। পিতা আৰু বিষ্ণুপুৰীক স্মৰণ কৰি তোমালোক পাৱন দেৱতা হৈ যোৱা। দেৱতাসকলৰ পৱিত্ৰতাৰেই আকৰ্ষণ থাকে। সেইকাৰণে মনুষ্যই দেৱতাসকলৰ মন্দিৰলৈ দূৰ-দূৰণিৰ পৰা আকৰ্ষিত হৈ যায়। |
| গীত: | হমাৰে তীৰ্থ ন্যাৰে হে….. (আমাৰ তীৰ্থ অনন্য…..) |
ওঁম্ শান্তি। মৰমৰ আত্মিক সন্তানসকলে এই গীতটি শুনিলা। সন্তানসকলৰেই ভাগ্যশালী তৰা বুলি গায়ন কৰা হয়। জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমা, জ্ঞান ভাগ্যশালী তৰা। সেই সূৰ্য, চন্দ্ৰইতো মণ্ডপক আলোকিত কৰে, সেইবাবে তোমালোকৰ মহিমা গোৱা হৈছে। তোমালোক হৈছা জ্ঞানৰ তৰা, সেইবোৰক জ্ঞানৰ তৰা বুলি কোৱা নহয়। জ্ঞান সূৰ্য নাম শুনি বুজি লয় যে কিজানি সেই সূৰ্য জ্ঞান স্বৰূপ হয় কিয়নো এনেকৈ বুজি লয় যে পাথৰ-শিলগুটিত ভগৱান আছে সেয়েহে সূৰ্যক বহুত মান্যতা দিয়ে। নিজক সূৰ্যবংশী বুলি কয়। সূৰ্যৰ পূজা কৰে, পতাকাও সূৰ্যৰ। তোমালোকৰ হৈছে ত্ৰিমূৰ্তিৰ পতাকা। কিমান আচৰিত। ইয়াত লিখাও আছে যে “সত্য মেৱ জয়তে”। সঁচাকৈ বিশ্বত বিজয়তো তেৱেঁই প্ৰাপ্ত কৰায়। তোমালোক হৈছা শিৱশক্তি পাণ্ডৱ সেনা। তেওঁলোকে নাম ৰাখি দিলে – ‘ত্ৰিমূৰ্তি মাৰ্গ’, ‘ত্ৰিমূৰ্তি ভৱন’। ইয়াৰ অৰ্থও পিতাই বুজায় যে এই ত্ৰিমূৰ্তিৰ দ্বাৰা মই কি কৰ্তব্য কৰাওঁ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন, শঙ্কৰৰ দ্বাৰা বিনাশ। তেওঁলোকে ত্ৰিমূৰ্তিৰ পৰা শিৱক আঁতৰাই চিত্ৰ খণ্ডিত কৰি দিছে। এতিয়া তোমালোকে জানা যে এই ত্ৰিমূৰ্তিৰ চিত্ৰত কিমান ৰহস্য আছে। সত্য শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা বাদশ্বাহী দিয়ে। আমি সন্তানসকলে শিৱবাবাৰ দ্বাৰা কল্প পূৰ্বৰ দৰে পৱিত্ৰতা, সুখ-শান্তি আৰু সম্পত্তিৰ ৰাজ্য লৈ আছোঁ। পঢ়া-শুনা সদায় ব্ৰহ্মচৰ্য্য অৱস্থাতেই কৰা হয়। এতিয়াতো কোনো কোনোৱে বিয়াৰ পাছতো পাঠ্যক্ৰম কৰে কিয়নো উপাৰ্জন বেছি হৈ যায়। ইয়াত তোমালোকৰ উপাৰ্জন অগণন। সন্তানসকলে জানে যে শিৱবাবাই আমাক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছে। শ্ৰীমত শ্ৰেষ্ঠ বুলি গায়ন আছে। বাবাৰ সন্তান হ’ল তেন্তে নিশ্চয় পিতাৰ শ্ৰীমতত চলিব। ভাই ভাইৰ মতত নহয়। সেয়াতো অনেক জন্ম চলিল, তাৰ পৰা একো লাভ নহ’ল। এতিয়া পিতাৰ মতত চলিব লাগে। সাধু-সন্ত আদি সকলো ভাই ভাই হয়। এতিয়া পিতা আহিছে উচ্চ মত দিবলৈ। প্ৰাকৃতিকভাৱে আৰোগ্য লাভ কৰাৰো বহুত দৰৱ দিয়ে। সেয়া সকলো হৈছে অল্পকালৰ বাবে। এয়া হৈছে 21 জন্মৰ কাৰণে প্ৰাকৃতিকভাৱে আৰোগ্য লাভ কৰাৰ পদ্ধতি। তেওঁলোকে ক’ব ঠাণ্ডা পানীৰে স্নান কৰা। এইটো কৰা, খোৱা-বোৱাত সংযমী হোৱা। ইয়াত সেই খোৱা-বোৱাৰ কথা নাই। ইয়াততো মৰমৰ পিতাই সন্তানসকলক কয় - এতিয়া মোক স্মৰণ কৰা তেতিয়া তোমালোক অতি অমায়িক হৈ যাবা। দেৱতাসকল অমায়িক হয় নহয় জানো, তেওঁলোকৰ কিমান আকৰ্ষণ থাকে। আগতে শিৱৰ মন্দিৰো ওখ ওখ পাহাৰত নিৰ্মাণ কৰিছিল। মনুষ্যই খোজকাঢ়ি সাক্ষাৎ কৰিবলৈ গৈছিল কিয়নো পৱিত্ৰতাই আকৰ্ষণ কৰিছিল। দেৱতাসকল যেতিয়া পৱিত্ৰ আছিল তেতিয়া বিশ্বত ৰাজত্ব কৰিছিল। এতিয়া তেওঁলোকৰ চিত্ৰৰ আগত গৈ বন্দনা নমন কৰে। এতিয়া সেইজন মৰমৰ পিতাক স্মৰণতো সকলোৱে কৰে। তেওঁ আহিবও লাগে ইয়াতেই। নিশ্চয় তেওঁৰ পৰা বৈকুণ্ঠৰ অপাৰ সুখ পোৱা যায় সেইবাবেতো তেওঁক স্মৰণ কৰে। যেতিয়া ৰাৱণ ৰাজ্যৰ অন্ত হ’ব তেতিয়াতো পিতা আহি স্বৰ্গৰ বাদশ্বাহী দিব। বাবা আহেও ভাৰততে। শিৱ জয়ন্তীও ভাৰততে পালন কৰে কিন্তু তেওঁৰ পৰা কি পোৱা যায়, কোনেও গম নাপায়। পিতাই কয় - মই আহিছোঁ তোমালোক সন্তানসকলক অমায়িক কৰি তুলিবলৈ। তোমালোক কিমান ছিঃ ছিঃ হৈ গৈছিলা। বাবা জ্ঞানপূৰ্ণ হয়, এতিয়া তোমালোক সকলোৱে জ্ঞান প্ৰাপ্ত কৰি আছা। বীজৰেই গোটেই জ্ঞান থাকিব নহয় জানো। তেওঁ হৈছে বীজ, সত্য, চৈতন্য আকৌ জ্ঞানৰ সাগৰ হয়, সত্য কয়। তেৱোঁ আত্মা হয়, কিন্তু পৰম। পৰম আত্মা মানে পৰমাত্মা। তেওঁ সদায় পৰমধামত থাকে, উচ্চতকৈ উচ্চ। বহুতে কয় নাম-ৰূপৰ পৰা উপৰাম। কিন্তু নাম ৰূপৰ-পৰা উপৰাম একো বস্তুৱেই নাই। তেওঁৰ নাম হৈছে শিৱ। সকলোৱে তেওঁৰ পূজা কৰে, তেওঁ হৈছে নিৰাকাৰ। এতিয়া আগমন হৈছে। আগতে আমি দেহী-অভিমানী আছিলোঁ। এতিয়া পিতাই কয় – সন্তানসকল, আত্ম-অভিমানী হোৱা। গীতাতো আছে – ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা)। কেৱল তাত শিৱৰ সলনি কৃষ্ণৰ নাম দি দিয়াৰ কাৰণে খণ্ডন হৈ গৈছে। তথাপিও কিতাপ পঢ়িলে জানো বাদশ্বাহী পাব। বাদশ্বাহী হয় সত্যযুগত। নিশ্চয় পিতা সংগমত আহিব। এতিয়া নাটক অনুসৰি ভক্তি পূৰা হয়। ভক্তিৰ পাছত হৈছে জ্ঞান। এয়া হৈছে পুৰণি সৃষ্টি, সত্যযুগত হৈছে নতুন সৃষ্টি। সত্যযুগত সূৰ্যবংশীসকলে ৰাজত্ব কৰিছিল। এয়া হৈছে ৰাজযোগ। নৰৰ পৰা নাৰায়ণ আৰু নাৰীৰ পৰা লক্ষ্মী হোৱাৰ। সত্যযুগত এওঁলোকৰ ৰাজত্ব আছিল। এতিয়া কলিযুগত চোৱা কি আছে! এতিয়া তোমালোকে সত্যযুগলৈ যাবলৈ পুনৰাই পঢ়ি আছা। ভক্তি মাৰ্গৰ যিবোৰ ইমান বেদ-শাস্ত্ৰ আদি আছে সেইবোৰ এৰিবলগীয়া হয়। জ্ঞান পাই গ’লা পুনৰ ভক্তিৰ দৰকাৰ নাই। জ্ঞানেৰে আমি বিশ্বৰ মালিক হওঁ।
পিতা আহিছে - ভক্তিৰ ফল দিবলৈ। জ্ঞান শুনাই আছে। এতিয়া আমি পতিতৰ পৰা পাৱনো নিশ্চয় হ’বই লাগে কিয়নো পতিততো উভতি যাব নোৱাৰে। মুক্তিধামততো সকলো পাৱন আত্মা থাকে। সুখধামততো পৱিত্ৰসকল থাকে। এতিয়া কলিযুগত সকলো পতিত। এতিয়া তেওঁলোকক পাৱন কোনে কৰি তুলিব? পতিত-পাৱন হৈছে একমাত্ৰ পিতা। এতিয়া পিতাই কয় - মই এওঁৰ অনেক জন্মৰ অন্তৰ জন্মত আহোঁ। সকলোতকৈ বেছি এক নম্বৰ ভকত এই দাদা (ব্ৰহ্মা) আছিল। ব্ৰহ্মা বুলিয়ে কোৱা বা লক্ষ্মী-নাৰায়ণৰ আত্মা বুলিয়ে কোৱা। এইটো বুজিবলগীয়া অতি গূঢ় কথা। বিষ্ণুৰ নাভীৰ পৰা ব্ৰহ্মা আৰু ব্ৰহ্মাৰ নাভীৰ পৰা বিষ্ণুৰ আবিৰ্ভাৱ হ’ল… বিষ্ণু 84 জন্মৰ পাছত ব্ৰহ্মা হয়। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। পিতাও (ব্ৰহ্মাও) গীতা পাঠক আছিল। যেতিয়া জ্ঞান উদয় হ’ল, তেতিয়া দেখিলে বাবাইতো বিশ্বৰ বাদশ্বাহী দিয়ে। বিষ্ণুৰো সাক্ষাৎকাৰ হ’ল তেতিয়া ততালিকে গীতা আদি এৰি দিলে। বাবাই প্ৰৱেশ কৰিছিল নহয় জানো। পুনৰ কেতিয়াও হাত নলগালে। একমাত্ৰ পিতাকেই স্মৰণ কৰিবলৈ ধৰিলে। এওঁ কয় ময়ো সেইজন পিতাৰ পৰা শুনিবলৈ আৰম্ভ কৰিলোঁ। শিৱবাবাই কয় - মই যেতিয়া সন্তানসকলক শুনাইছিলোঁ তেতিয়া এৱোঁ শুনিছিল। এওঁৰ দেহত প্ৰৱেশ কৰিছোঁ, সেইকাৰণে এওঁৰ নাম অৰ্জুন ৰখা হৈছে। শাস্ত্ৰত ঘোঁৰাৰ ৰথ দেখুৱায়। কিমান পাৰ্থক্য আছে। ঘোঁৰা গাড়ীত বহি এজনক জ্ঞান দিলে জানো? এতিয়া তোমালোকে বুজি পোৱা এয়া কেনেকৈ হ’ব পাৰে। তোমালোকে বাস্তৱত দেখি আছা – বাবাই কেনেকৈ পঢ়ায়। কিমান সেৱাকেন্দ্ৰ আছে। তেন্তে পঢ়াবৰ কাৰণে নিশ্চয় পাঠশালা লাগে, যুদ্ধক্ষেত্ৰ নহয়। বাবাই ৰাজযোগ শিকায়। সত্যযুগত কোনো শাস্ত্ৰ নাথাকে। মই এতিয়া জ্ঞান শুনালোঁ বচ্, সত্যযুগত দৰকাৰেই নাই। পুৰণি সৃষ্টিৰ যি কিছু আছে সেই সকলোবোৰ ছাইত মিলি যাব। এয়া হৈছে “ৰাজশ্ব অশ্বমেধ যজ্ঞ”। অশ্ব বুলি এই ৰথক (শৰীৰক) কোৱা হয়, ইয়াকো স্বাহা কৰিব (আহুতি দিব) লাগে। আত্মা পিতাৰ হ’ল আকৌ এই পুৰণি শৰীৰো নাশ হৈ যাব। কৃষ্ণপুৰীলৈ জানো এই ছিঃ ছিঃ শৰীৰ লৈ যাবা। আত্মা অমৰ হয়। হোলীত দেখুৱায় –কোকী জ্বলি যায়, সুতা নজ্বলে। বাবাই আকৌ বেহদৰ কথা বুজায় – এতিয়ালৈকে যি শুনিলা সেয়া পাহৰি যোৱা। এতিয়া ভাৰত মিছা খণ্ড হৈ গ’ল, কালি সত্যখণ্ড আছিল। সত্যখণ্ড পিতাইহে ৰচে আকৌ ৰাৱণে মিছাখণ্ড ৰচি দিলে। এই ৰাৱণ সকলোৰে পুৰণা শত্ৰু। বচ্ কোনোবাই কিবা কলে সেই মতে চলিবলৈ ধৰে। যেনেদৰে দেলৱাড়া মন্দিৰত আদি দেৱৰ নাম মহাবীৰ ৰাখি দিছে। মহাবীৰ বুলি হনুমানক কোৱা হয়। এতিয়া ক’ত তেওঁ, ক’ত এওঁ। এইটো মন্দিৰত হুবহু তোমালোকৰ স্মাৰক আছে। ওপৰত স্বৰ্গ, তলত তপস্যা। আদিনাথৰ মূৰ্তি সোণেৰে নিৰ্মাণ কৰিছে। এনেকৈ কয় নহয় - ভাৰত সোণৰ চৰাই আছিল। ভাৰতৰ সমান সোণ অন্য কোনো স্থানত নাই। সোণেৰে মহল নিৰ্মাণ কৰিছিল। ঘৰৰ চাদ বেৰত হীৰা-মুকুতা খোদিত আছিল। মন্দিৰত কিমান হীৰা-মুকুতা আছিল যিবোৰ আকৌ লুটি লৈ গ’ল। মচজিদত লগালেগৈ। তেন্তে সেই সময়ত কি মূল্য থাকিব। প্ৰচুৰ ধন আছিল সেইকাৰণেতো লুটি লৈ গ’ল। এইটো সকলোৱে জানে যে প্ৰাচীন ভাৰত বহুত চহকী আছিল। এতিয়া কিমান গৰিব হৈ গৈছে। গৰিবৰ ওপৰত দয়া ওপজে। ৰাৱণে কিমান কঙাল কৰি দিলে। পিতাই পুনৰ চহকী কৰি তোলে। এইখন বেহদৰ (অসীমৰ) নাটক, ইয়াৰ আদি-মধ্য-অন্তক কোনেও নাজানে। পিতা জ্ঞানপূৰ্ণ হয়। এনেকুৱা নহয় যে বহি সকলোৰে ভিতৰখন চাই থাকোঁ। এই সকলোবোৰ নাটকত নিৰ্ধাৰিত হৈ আছে। পাপ যিসকলে কৰে তেওঁলোকে শাস্তিতো পায়েই। মোকতো কয়েই জ্ঞানপূৰ্ণ, পতিত-পাৱন। আহ্বান কৰে - হে বাবা আহক, আহি আমাক জ্ঞান দিয়ক। পাৱন কৰি তোলক। গতিকে মই আহি এইটো কাৰ্য কৰোঁ। বাকী শাস্ত্ৰৰ যিবোৰ কথা আছে, পিতাই কয় সেয়া পাহৰি যোৱা আৰু মই যি শুনাওঁ সেয়া শুনা। এতিয়া পিতাৰ দ্বাৰা ৰাজযোগ শিকি আছা। আকৌ সূৰ্যবংশী হ’বাগৈ। পুনৰ চন্দ্ৰবংশী, বৈশ্যবংশী, শূদ্ৰবংশী হ’বা। এই জ্ঞান তোমালোকৰ বুদ্ধিত আছে। সত্যযুগত সকলো পাহৰি যাবা। তাত পিতাক কোনেও স্মৰণ নকৰে। উত্তৰাধিকাৰ পাই গ’লা তেন্তে কিহৰ বাবে স্মৰণ কৰিবা। কিমান ভালকৈ বুজোৱা হয়। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। বৃক্ষপতি হয়েই পিতা। তেওঁ কয় - মোক স্মৰণ কৰা। ৰচিয়তা এজনেই নে পাথৰ-শিলগুটিও ৰচিয়তা হ’ব?
পিতাই কয় যে ৰাৱণে তোমালোকৰ বুদ্ধি কিমান নষ্ট কৰি দিলে। ডাঙৰ ডাঙৰ বিদ্ধানসকলৰ কিমান অহংকাৰ। পিতাক নাজানেই। ৰচনাৰ আদি-মধ্য-অন্তক নাজানে। পিতাই কয় - মই তোমালোকক বাদশ্বাহী দি দিলোঁ। তোমালোকে সকলো ধন-দৌলত শেষ কৰি দিলা, এতিয়া ভিক্ষা মাগি আছা, সেইকাৰণে আসুৰি সম্প্ৰদায় বুলি কোৱা হয়। দেৱতাসকলৰ কিমান মহিমা গায়ন কৰিছে। আকৌ কয় - মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। এতিয়া তোমালোক সন্তানসকলে গুণ ধাৰণ কৰিব লাগে, অৱগুণবোৰ আঁতৰাই পেলোৱা। ৰাৱণে তোমালোকক বান্দৰ সদৃশ কৰি দিছে। এতিয়া পিতাই তোমালোকক দেৱতা কৰি গঢ়ি তোলে। যাৰ 5 বিকাৰ আছে তেওঁলোকক বান্দৰ বুলি কোৱা হয়। (নাৰদৰ দৃষ্টান্ত) এতিয়া তোমালোকৰ চৰিত্ৰ সলনি হৈ যায় পুনৰ আমি দেৱতা হৈ যাম। এই জ্ঞান সৰোবৰত ডুব মাৰি আমি জ্ঞান পৰী হৈ যাওঁ। তেওঁলোকে আকৌ পানীক মানসৰোবৰ বুলি ভাবি ল'লে। এয়া হৈছে জ্ঞান স্নানৰ কথা। এইটোতো সন্তানসকলে জানে, বাবাই হুবহু 5 হাজাৰ বছৰ পূৰ্বৰ দৰে আমাক বুজাই আছে, এই ক্ষেত্ৰত কোনো সংশয় জন্মিব নোৱাৰে। পতিত-পাৱন পিতাক আৰু বিষ্ণুপুৰীক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। মনুষ্যই মুক্তিৰ কাৰণে কিমান মগজ খটুৱায় কিন্তু ঘৰৰ বিষয়ে কোনেও গম নাপায়। কোনোবাই ভাবে আত্মা লীন হৈ যাব। কোনোবাই ভাবে আত্মাই অন্য শৰীৰ নলয়। অনেক মত আছে, পিতাক কোনেও নাজানেই। গোটেই সৃষ্টিয়ে ভাবে কৃষ্ণ ভগৱানুবাচ। ইয়াত পিতাই কয় - শিৱ ভগৱানুবাচ। কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে। নামেই একদম সলনি কৰি দিছে। ভাল বাৰু!
মৰমৰ সন্তানসকল, বাপদাদা দুয়োগৰাকীয়ে কয়। দুয়োগৰাকীৰে সন্তান হয় নহয় জানো। এৱোঁ বিদ্যাৰ্থী, তোমালোকো বিদ্যাৰ্থী। এৱোঁ পঢ়ি আছে। যিসকল ভাৰতক পাৱন কৰি তোলাৰ সেৱাত ব্ৰতী হৈ আছে, তেওঁলোকেই সন্তান হ’ল। যিসকল পাৱন নহয় তেওঁলোকক দেখিও বাবাই নাচায়। বুজি পায় যে শাস্তি ভোগ কৰি আহি আকৌ ৰান্ধনি হ'বগৈ। যিসকল পাৱন হয় তেওঁলোক বিশ্বৰ মালিক হ'বগৈ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) অমায়িক হ'বৰ কাৰণে মৰমৰ পিতাক বহুত স্নেহেৰে স্মৰণ কৰিব লাগে। সঁচা পিতাৰ সৈতে সততাৰে চলিব লাগে। এজন পিতাৰ শ্ৰেষ্ঠ মতত চলিব লাগে।
(2) পুৰুষাৰ্থ কৰি সম্পূৰ্ণ হ'ব লাগে। ভাৰতক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে। কোনো কথাত সংশয় আনিব নালাগে।
| বৰদান: |
জ্ঞান স্বৰূপ আত্মা হৈ জ্ঞান সাগৰ আৰু জ্ঞানত সমাহিত হৈ থাকোঁতা সৰ্বপ্ৰাপ্তি স্বৰূপ হোৱা যিসকল জ্ঞান স্বৰূপ আত্মা, তেওঁলোক সদায় জ্ঞান সাগৰ আৰু জ্ঞানত সমাহিত হৈ থাকে। সৰ্বপ্ৰাপ্তি স্বৰূপ হোৱাৰ কাৰণে তেওঁলোকৰ অৱস্থা স্বতঃ “ইচ্ছামাত্ৰম্ অবিদ্যা” (ইচ্ছাৰ বিষয়ে অজ্ঞ) হৈ থাকে। যিসকল সামান্য পৰিমাণেও নিজৰ স্বভাৱ-সংস্কাৰৰ অধীন, নাম-মান-সম্ভ্ৰমৰ প্ৰাৰ্থী, ‘কি’, ‘কিয়’ আদি প্ৰশ্নত চিঞৰি থাকোঁতা বা মিনতি কৰোঁতা, ভিতৰত এটা আৰু বাহিৰত আন এটা ৰূপ ধাৰণ কৰোঁতা—তেওঁলোকক জ্ঞান স্বৰূপ আত্মা বুলি ক’ব নোৱাৰি। |
| শ্লোগান: | এইটো জীৱনত অতীন্দ্ৰিয় সুখ আৰু আনন্দৰ অনুভূতি কৰোঁতাসকলেই সহজযোগী। |
!! ওঁম্ শান্তি !!
অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
ব্ৰাহ্মণ জীৱনৰ লক্ষ্য হৈছে ব্ৰহ্মা পিতাৰ সমান সম্পন্ন বা কৰ্মাতীত হোৱা। এইটো লক্ষ্যত উপনীত হ’বলৈ বিশেষভাৱে নিজৰ মাজত সামৰি লোৱাৰ শক্তি আৰু সমাহিত কৰাৰ শক্তি ধাৰণ কৰা। কৰ্মবন্ধনত আবদ্ধ আত্মাসকল য’ত থাকে, কেৱল তাতেই সেৱাৰ ভূমিকা পালন কৰিব পাৰে। কিন্তু কৰ্মাতীত আত্মাসকলে একে সময়তে চাৰিওফালে সেৱাৰ ভূমিকা পালন কৰিব পাৰে, কাৰণ তেওঁলোক কৰ্মাতীত। তেওঁলোকৰ গতি অতি তীব্ৰ হয়, এক ছেকেণ্ডত য’তেই বিচাৰে ত’তেই উপস্থিত হ’ব পাৰে।
[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]