| 25-11-2026 |
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
|
মধুবন। |
| “মৰমৰ সন্তানসকল – শিৱবাবাৰ হোৱাৰ পাছত কোনো ভুল নকৰিবা, ভুল কৰিলে পিতাৰ নাম বদনাম কৰি দিবা” | |
| প্ৰশ্ন: | সকলোতকৈ ডাঙৰ প্ৰবৃত্তি (সংসাৰ) কাৰ হয় আৰু কেনেকৈ? |
| উত্তৰ: | শিৱবাবাৰ সকলোতকৈ ডাঙৰ প্ৰবৃত্তি। ভক্তিত সকলোৱে “ত্বমেৱ মাতাশ্চ পিতা” (তুমিয়েই মাতা পিতা তুমিয়েই) বুলি কৈ আহ্বান জনাই থাকে তেন্তে প্ৰবৃত্তিধাৰী নহ’ল জানো। কিন্তু যেতিয়ালৈকে তেওঁ সাকাৰত নাহে তেতিয়ালৈকে তেওঁৰ কোনো প্ৰবৃত্তি নাই কিয়নো ওপৰততো আত্মাসকল পিতাৰ লগত নিৰাকাৰী ৰূপত থাকে। যেতিয়া সাকাৰত আহি এওঁৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া সকলোতকৈ ডাঙৰ প্ৰবৃত্তি হৈ যায়। |
ওঁম্ শান্তি। মুখ্যতঃ ভাৰতে আৰু সাধাৰণভাৱে জগতৰ লোকে এইটো নাজানে যে বেহদৰ পিতা নিবৃত্তি মাৰ্গৰ নে প্ৰবৃত্তি মাৰ্গৰ? যেতিয়া পিতা আহে, তেতিয়া “সন্তান সন্তান” বুলি মাতে কিয়নো তেওঁক আহ্বানো কৰা হয় - ত্বমেব মাতাশ্চ পিতা... (তুমিয়েই মাতা পিতা তুমিয়েই...) গতিকে গৃহস্থী হৈ যায়। তাততো সকলোৱে জানে - শিৱ নিৰাকাৰ। যদিওবা শিৱৰ আকাৰ আছে কিন্তু সতি-সন্ততিতো নাই। যদি আছেও তেন্তে সকলো আত্মাই সন্তান হয়। সকলো একে নিচিনা সন্তান, সেয়েহে বুজি লয় সকলো পৰমাত্মা। আত্মাও বিন্দু ৰূপ, পৰমাত্মাৰো বিন্দু ৰূপ। গৃহস্থী লোকসকলেই গায়ন কৰে - ত্বমেব মাতাশ্চ পিতা... সন্ন্যাসী নিবৃত্তি মাৰ্গৰসকলে কৈ দিয়ে পৰমাত্মা হৈছে ব্ৰহ্ম। তেওঁলোকে ত্বমেব মাতাশ্চ পিতা... বুলি নকয়। তেওঁলোকৰ মাৰ্গ বেলেগ। এওঁলোকেও ভুলতে লক্ষ্মী-নাৰায়ণৰ আগত গৈ মহিমা গায় - ত্বমেব মাতাশ্চ পিতা নতুবা ক’ব অচতম্ কেশৱম্... ভক্তিমাৰ্গৰ স্তুতিতো বহুত গায়। বাস্তৱত পৰমাত্মা পিতা হয়, তেওঁৰ পৰা কেনেকৈ আৰু কি উত্তৰাধিকাৰ পোৱা যায়। তোমালোক সন্তানসকলে জানা - তেওঁ পিতাও হয়, দাদাও হয়, বৰ মাও হয়, প্ৰজাপিতাও হয়। এওঁৰ দ্বাৰা কয়, হে সন্তানসকল, মই তোমালোকৰ পিতাও হওঁ আকৌ ময়েই প্ৰবৃত্তি মাৰ্গত আহিবলগীয়া হয়। এওঁ মোৰ যুগলো হয়, সন্তানো হয়। যেতিয়া এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ তেতিয়া প্ৰবৃত্তি মাৰ্গৰ হৈ যাওঁ। মোকেই পৰম পিতা, পৰম শিক্ষক, পৰম গুৰু বুলিও কোৱা হয়। গুৰুৱে মাৰ্গ-দৰ্শন কৰে মুক্তিৰ কাৰণে। তেওঁলোকতো সকলো হৈছে মিছা। এওঁ হ’ল সত্য। ইংৰাজীত পৰমাত্মাক ট্ৰুথ (সত্য) বুলি কয়। তেন্তে সত্যই আহি কি সত্য শুনায়, এয়া কোনেও গম নাপায়। ময়ো (ব্ৰহ্মা) আৰু তোমালোকেও গম পোৱা নাছিলা। তেন্তে নতুন কথা হৈ গ’ল নহয়। তেওঁ জ্ঞানৰ সাগৰ, সত্যখণ্ড স্থাপন কৰোঁতা। নিশ্চয় কেতিয়াবা সত্য শুনাই গৈছে সেয়েহে গায়ন আছে। সত্যখণ্ডক স্বৰ্গ (হেভেন) বুলি কয়। তাত দৈৱী সাম্ৰাজ্য দেখুৱায়। এতিয়া হ’ল পুৰণি সৃষ্টি, পুনৰ নতুন সৃষ্টি হ’ব। পুৰণি সৃষ্টিত এতিয়া জুই লাগিব। স্থাপনাৰ সময়ত বিনাশৰো গায়ন আছে। কৰণ-কৰাৱণহাৰ পৰমাত্মাৰ গায়ন কৰা হৈছে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে। কেনেকৈ কৰায়? সেয়াতো তেওঁ নিজেই আহি শুনাব। মনুষ্যই একোৱেই নাজানে। কয় - পৰমাত্মা কৰণ-কৰাৱণহাৰ হয়। আকৌ নাটকৰ বিষয়েও গম পাই গ’লা। কলিযুগৰ অন্ত, সত্যযুগৰ আদিৰ এই সংগমকেই উচ্চ বুলি মানিব লাগে। কলিযুগৰ পাছত আহে সত্যযুগ। পুনৰ অৱনমিত হ’বলগীয়া হয়। স্বৰ্গ, নৰক বুলি গায়ন আছে। মনুষ্য মৰিলে তেতিয়া কয় - স্বৰ্গবাসী হ’ল। নিশ্চয় কোনোবা সময়ত স্বৰ্গবাসী হৈছিল। এনেকৈ মুখ্যতঃ ভাৰতবাসীয়েহে কয় কিয়নো জানে যে ভাৰত সকলোতকৈ প্ৰাচীন। তেন্তে নিশ্চয় এয়াই স্বৰ্গ হ’ব। কথাবোৰ কিমান সহজ কিন্তু নাটক অনুসৰি বুজি নাপায় সেইবাবেতো পিতা বুজাবলৈ আহে। আহ্বানো জনায় - বাবা আহক। আপোনাৰ যি জ্ঞান আছে সেয়া আহি আমাক দিয়ক। পতিতসকলক পাৱন কৰি তুলিবলৈ আহক। আকৌ কয় – আমাৰ দুখ হৰণ কৰি সুখ দিয়ক, কিন্তু এইটো গম নাপায় যে কি জ্ঞান দিব! কি সুখ দিব! এতিয়া তোমালোক সন্তানসকলে জানা যে তেওঁ পিতা হয় তেন্তে নিশ্চয় পিতাৰ দ্বাৰা ৰচনা হৈছে। পিতা মানে ৰচয়িতা। সন্তানসকলে পিতা বুলি ক’লে তেন্তে নিশ্চয় ৰচয়িতা হ’ল। ৰচনাও নিশ্চয় কাৰোবাৰ পৰা জন্ম হৈছে। আকৌ সন্তানসকলক নিশ্চয় সম্পত্তিও দিছে। এয়াতো সাধাৰণ কথা, সেইবাবেই মোক ত্বমেব মাতাশ্চ পিতা... বুলি কয়। গতিকে বাবা ডাঙৰ গৃহস্থী নহ’ল জানো। আহ্বানো জনায় - হে মাতা-পিতা আহক, আহি পাৱন কৰি তোলক। এতিয়া পিতাতো আছে কিন্তু মা অবিহনে ৰচনা কেনেকৈ হ’ব পাৰে। এয়া আকৌ ইয়াত বাবাই ৰচনা কেনেকৈ ৰচে। এয়া হৈছে একেবাৰে নতুন কথা। ইয়াততো বহুতৰে বুদ্ধিত ধাৰণ নহয় বাকী সকলো ঠাইত কেৱল পৰমাত্মাক পিতা বুলি কৈ আহ্বান জনায়। ইয়াত দুয়োগৰাকীয়ে হৈছে মা-পিতা, তেন্তে প্ৰবৃত্তি মাৰ্গ নহ’ল জানো। তাত কেৱল পিতা বুলি ক’লে তেওঁলোকে মুক্তিৰ উত্তৰাধিকাৰ পায়। তেওঁলোকে আহেও পাছৰ ফালে। এয়াতো সকলোৱে জানে খ্ৰীষ্টান ধৰ্মৰ আগত বৌদ্ধ ধৰ্ম আছিল, তাৰ আগত ইছলাম ধৰ্ম আছিল। এই ছিৰিৰ চিত্ৰত অন্য ধৰ্মতো নাই সেয়েহে সৃষ্টিচক্ৰৰ কাষত ৰাখিব লাগে। এয়া হ’ল পাঠশালা। এতিয়া পাঠশালাত জানো কেৱল এখন কিতাপ থাকিব। পাঠশালাততো মানচিত্ৰও লাগে। সেই পাৰ্থিৱ বিদ্যাতো কামত নাহিব। মানচিত্ৰৰ দ্বাৰা মনুষ্যই তৎক্ষণাত বুজি পাই যাব। এয়া হৈছে তোমালোকৰ মুখ্য মানচিত্ৰ। কিমান বিস্তাৰত বুজোৱা হয় তথাপিও পাথৰ বুদ্ধিৰসকলে বুজি নাপায়। বাবাই বুজাইছে - প্ৰদৰ্শনীত ত্ৰিমূৰ্তিৰ ওপৰতেই প্ৰথমে বুজাব লাগে। এওঁ তোমালোকৰ বাবা হয়, তেওঁ ককা হয়। জ্ঞান কেনেকৈ দিব? উত্তৰাধিকাৰ কেনেকৈ দিব? ভাৰতবাসীয়েই উত্তৰাধিকাৰ পাব। পৰমপিতা পৰমাত্মাই ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় 3টা ধৰ্ম প্ৰতিষ্ঠা কৰে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণেই ৰচে, এয়া হৈছে যজ্ঞ, ইয়াক ৰুদ্ৰ জ্ঞান যজ্ঞ বুলি কোৱা হয়। আৰু ভক্তি মাৰ্গৰ যি যজ্ঞ আছে – সেয়া দেৰিকৈ আৰম্ভ হয় কিয়নো প্ৰথমতে শিৱৰ পূজা হয় তাৰপাছত দেৱতাসকলৰ পূজা। সেই সময়ত কোনো যজ্ঞ নহয়। পাছত এই যজ্ঞ কৰিবলৈ আৰম্ভ কৰে। প্ৰথমে দেৱতাসকলৰ পূজা কৰে, ফুল অৰ্পণ কৰে। এতিয়া তোমালোক পূজাৰ যোগ্য নহয়। মানুহে গৈ শিৱৰ (শিৱলিঙ্গৰ) ওপৰত আকন-ধতুৰা কিয় অৰ্পণ কৰে? পিতাই বুজায় - তোমালোক সকলো কাঁইট আছিলা। তাৰ পৰা কোনোবা সৰ্বদা গোলাপ, কোনোবা গোলাপ, কোনোবা মালতী হয়গৈ। কোনোবা আকৌ আকন ফুলো হৈ যায়। পূৰা নপঢ়িলে আকন হৈ যায়। কোনো কামৰ হৈ নাথাকে। শিৱবাবাক সকলো কাঁইট অৰ্পণ কৰে, পুনৰ তেওঁলোকক ফুল কৰি তোলে কিন্তু ফুলৰো ভিন্নতা হৈ যায়। বাগিচাত বিভিন্ন ফুল থাকে নহয় জানো। তোমালোকৰ ক্ষেত্ৰতো ক্ৰমানুসৰি হয়। কোনোবা আসনাধিকাৰী হ’ব, কোনোবা আন কি হ’ব – এই সকলো কথা পিতাইহে বুজায় অন্য কোনেও বুজাব নোৱাৰে। ভক্তি মাৰ্গ কিমান দীঘলীয়া। কিন্তু তাত জ্ঞান অলপো নাই। সত্যযুগত দেৱী-দেৱতাসকল আছিল। কলিযুগত এগৰাকীও দেৱতা নাই। তেন্তে নিশ্চয় পৰমাত্মাই মনুষ্যক দেৱতা কৰি তুলিছিল। পিতা আহি এনেকুৱা কৰ্ম শিকায় যে মনুষ্যই শিকি, দৈৱীগুণ ধাৰণ কৰি দেৱী-দেৱতা হৈ যায়। অন্য ধৰ্মৰসকলে কি শিকাব? কিয়নো তেওঁলোকতো ওপৰৰ পৰা ধৰ্ম প্ৰতিষ্ঠাতাজনৰ পাছত আহিব লাগে। গতিকে তেওঁলোকে কেৱল পৱিত্ৰতাৰ জ্ঞান দিয়ে। যীশুখ্ৰীষ্ট যেতিয়া আহে তেতিয়া খ্ৰীষ্টানতো কোনো নাথাকে। ওপৰৰ পৰা তেওঁৰ পাছত আহে। বাবাই বুজাইছে - মুখ্য ধৰ্ম হৈছে 4টা, যি ধৰ্ম প্ৰতিষ্ঠা কৰে, সেই ধৰ্মৰ যি শাস্ত্ৰ আছে, তাক কোৱা হয় ধৰ্ম শাস্ত্ৰ। গতিকে মুখ্য হৈছে 4টা ধৰ্ম। বাকী সকলো হৈছে সৰু সৰু ধৰ্ম যিবোৰ বৃদ্ধি হৈ গৈ থাকিব। ইছলাম ধৰ্মৰ শাস্ত্ৰ নিজৰ, বৌদ্ধিসকলৰ নিজৰ। গতিকে ধৰ্ম শাস্ত্ৰ কেৱল এয়াই হ’ল। ব্ৰাহ্মণ ধৰ্মতো এতিয়াৰ হয়। তেওঁলোকে গায়ন কৰে - ব্ৰাহ্মণ দেৱতা নমঃ… গতিকে সেই ব্ৰাহ্মণসকলক বুজাব লাগে যে পৰমপিতা আহি যেতিয়া ব্ৰহ্মাৰ দ্বাৰা ব্ৰহ্মা মুখ বংশাৱলী ৰচনা কৰে, তেওঁলোকেই সঁচা ব্ৰাহ্মণ। আপোনালোকতো প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান নোহোৱাই। আপোনালোকে কেৱল নিজক ব্ৰাহ্মণ বুলি কয়, কিন্তু অৰ্থ নাজানে। ব্ৰহ্মা ভোজন যেতিয়া গ্ৰহণ কৰে তেতিয়া সংস্কৃতত শ্লোক পঢ়ি ব্ৰহ্মা ভোজনৰ মহিমা গায়। গোটেই অৰ্থহীন মহিমা কৰে। তেওঁলোকক সুধিব লাগে যে আপোনালোক কেনেকৈ ব্ৰাহ্মণ হ’ল? প্ৰথমেতো ব্ৰহ্মাক লাগে - যাৰ দ্বাৰা পৰমাত্মাই সৃষ্টি ৰচিব। গতিকে সঁচা ব্ৰাহ্মণ তোমালোক হোৱা। ব্ৰাহ্মণৰতো টিকনি দেখুৱায় নহয় জানো। বিৰাট ৰূপত আকৌ ব্ৰাহ্মণ নেদেখুৱায়। তেন্তে ব্ৰাহ্মণ আহিল ক’ৰ পৰা। তোমালোকে নিজক ব্ৰাহ্মণ বুলি কোৱা গতিকে পৰমাত্মা যেতিয়া আহি ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টিৰ ৰচনা ৰচে তেতিয়াহে ব্ৰাহ্মণ হ’ব, আকৌ ব্ৰাহ্মণেই দেৱতা হয়গৈ। ব্ৰাহ্মণ হয়েই সংগমত। কলিযুগত সকলো হৈছে শূদ্ৰ। ব্ৰাহ্মণৰ বহুত মহিমা কৰে। এই সকলো কথা বাবাই বুজায়। অল্ফ (পৰমপিতা) বে (বাদশ্বাহী), বাকী হৈছে বিস্তাৰ। ভক্তিৰ বিষয়েও বুজাবলগীয়া হয়। বাবাই কৈ দিয়ে - তোমালোক জানো ভকত, বাকী বাবাই কেতিয়াও ক্ৰোধ আদি নকৰে। পিতাই বুজনিতো দিব নহয় জানো কিয়নো সন্তানে যদি ভুল কৰে তেন্তে নাম বদনাম কাৰ হ’ব? শিৱবাবাৰ সেইকাৰণে সন্তানসকলৰ কল্যাণৰ অৰ্থে শিক্ষা দিয়ে। ধৰি লোৱা এওঁৰ দ্বাৰা কিবা ভুল হৈ গ’ল তেতিয়াও তাক শুধৰোৱাতো নাটকত নিৰ্ধাৰিত হৈ আছে। তাৰ পৰাও লাভ হ’ব কিয়নো এওঁ জ্যেষ্ঠ সন্তান হয়। সকলো এওঁৰ ওপৰত নিৰ্ভৰ কৰে, এওঁৰ পৰা একোৱেই লোকচান নহ’ব। এওঁ যদি কয় এনেকৈ কৰা তেন্তে কৰি দিব লাগে। তেতিয়া লোকচানতো লাভ হৈ যাব। লোকচানৰ কোনো কথা নাই। প্ৰতিটো কথাতে কল্যাণেই কল্যাণ। অকল্যাণো নাটকত আছিল। ভুলতো সকলোৰে হৈয়ে থাকিব। কিন্তু অন্তত কল্যাণতো যিকোনো প্ৰকাৰে হ’বই কিয়নো পিতা হৈছে কল্যাণকাৰী। সকলোৰে কল্যাণ কৰে। সকলোকে সৎগতি দি দিয়ে। এতিয়া সকলোৰে হিচাপ-নিকাচ নিষ্পত্তি কৰাৰ (বিনাশৰ) সময়। পাপৰ বোজা সকলোৰে শিৰত আছে গতিকে সকলোৰে হিচাপ-নিকাচ নিষ্পত্তি হ’ব। শাস্তি পাওঁতে দেৰি নহয়। চেকেণ্ডত জীৱন মুক্তি পোৱা যায় তেন্তে কি চেকেণ্ডত পাপৰ শাস্তি ভোগ কৰিব নোৱাৰে! যেনেদৰে কাশীত গৈ আত্মঘাতী হয়। শৰীৰ ত্যাগ কৰে। কিন্তু এনেকুৱা নহয় যে শিৱবাবাৰ সৈতে গৈ মিলিত হ’ব। নহয়, কেৱল অতীতৰ পাপৰ হিচাপ নিষ্পত্তি হৈ পুনৰ নতুনকৈ আৰম্ভ হৈ যায়। মাজতে কোনেও উভতি যাব নোৱাৰে। যদিওবা জ্ঞান চেকেণ্ডৰ কিন্তু পঢ়াতো পঢ়িব লাগে। নিতৌ শিৱবাবাৰ আত্মাই যি জ্ঞানৰ সাগৰ হয়, তেৱেঁই আহি পঢ়ায়। কৃষ্ণতো হৈছে দেহধাৰী। পুনৰ্জন্মত আহে। বাবাতো অজন্মা হয়, যিয়ে পঢ়িব নালাগে তেওঁলোকেতো নিশ্চয় বিঘিনি আনিব। যজ্ঞত বিঘিনিতো আহিবই। অৱলাসকলৰ ওপৰত অত্যাচাৰ হ’ব। সেয়া সকলো হৈ আছে কল্প পূৰ্বৰ দৰে। অসুৰে কেনেকৈ উপদ্ৰপ কৰে, চিত্ৰ ফালি পেলায়, কোনোবা সময়ত জুই লগাবলৈও দেৰি নকৰিব। আমি কি কৰিম। ভিতৰি মনত ভাবে যে নিয়তি, বাহিৰত পুলিচ আদিক গোচৰ দিব লাগিব। ভিতৰি জানে কল্প পূৰ্বে যি হৈছিল সেয়াই হ’ব, ইয়াত দুখৰ কোনো কথা নাই। ধোবাৰ ঘৰৰ পৰা কিবা হেৰাল তেন্তে নিশ্চয় লোকচান হ’ল। পুনৰ অন্য তৈয়াৰ হৈ যাব।
বাবাই কৈ দিছে – য’ত প্ৰদৰ্শনী আদি কৰা তেন্তে 8 (আঠ) দিনৰ কাৰণে বীমা কৰি দিয়া। কোনোবা ভাল মানুহ হ’লেতো মূল্যও নল’ব। বীমা নকৰিলেওনো কি হ’ব। পুনৰ নতুন ভাল চিত্ৰ তৈয়াৰ হৈ যাব। খোজে প্ৰতি পদম। তোমালোকৰ প্ৰতিটো খোজ, প্ৰতিটো চেকেণ্ড বহুত মূল্যৱান। তোমালোক পদমপতি হোৱা। 21 জন্মৰ কাৰণে বাবাৰ পৰা উত্তৰাধিকাৰ লোৱা তেন্তে কিমান ভালদৰে বুজাব লাগে। তাত স্বৰ্গত তোমালোকৰ অনেক ধন থকিব। গণনা কৰাৰ কথাই নাই। তেন্তে বাবাই তোমালোকক কিমান ধনৱান সুখী কৰি তোলে। উপাৰ্জন কিমান শ্ৰেষ্ঠ। প্ৰজাও কিমান চহকী হয়। এয়া হৈছে 21 জন্মৰ বাবে উপাৰ্জনৰ উৎস। এয়া হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠশালা। কোনে পঢ়ায়? পিতাই। গতিকে এনেকুৱা পঢ়াত গাফিলতি কৰিব নালাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) সদায় স্মৃতি থাকিব লাগে যে এইটো কল্যাণকাৰী যুগত প্ৰতিটো কথাত কল্যাণ আছে, আমাৰ অকল্যাণ হ’বই নোৱাৰে। প্ৰতিটো কথাত কল্যাণ বুলি বুজি সদায় নিচিন্ত হৈ থাকিব লাগে।
(2) সৰ্বদা গোলাপ হ’বলৈ পঢ়াৰ প্ৰতি পূৰা পূৰা ধ্যান দিব লাগে। পঢ়াত গাফিলতি কৰিব নালাগে। আকণ ফুল হ’ব নালাগে।
| বৰদান: |
অমৃতবেলাৰ মহত্ত্ব বুজি এই সময়ক যথাৰ্থভাৱে ব্যৱহাৰ কৰোঁতা সদায় শক্তিসম্পন্ন হোৱা নিজক শক্তিসম্পন্ন কৰি তুলিবলৈ প্ৰতিদিনে অমৃতবেলা শৰীৰ আৰু মনেৰে বিচৰণ কৰা। যেনেকৈ অমৃতবেলাৰ সময়ৰো সহযোগ পোৱা যায়, বুদ্ধিৰ সতোপ্ৰধান অৱস্থাৰো সহযোগ পোৱা যায়, তেনেকৈ বৰদানী সময়ত মনৰ স্থিতিও আটাইতকৈ শক্তিশালী হ’ব লাগে। শক্তিশালী স্থিতি অৰ্থাৎ পিতাৰ সমান বীজৰূপ স্থিতি। সাধাৰণ স্থিতিততো কৰ্ম কৰি থাকিও থাকিব পাৰা, কিন্তু বৰদানৰ সময়ক যথাৰ্থভাৱে ব্যৱহাৰ কৰিলে দুৰ্বলতা সমাপ্ত হৈ যাব। |
| শ্লোগান: | নিজৰ শক্তিসমূহৰ সম্পদেৰে শক্তিহীন, পৰৰ বশীভূত আত্মাক শক্তিশালী কৰি তোলা। |
!! ওঁম্ শান্তি !!
অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
যেনেকৈ পিতা ব্ৰহ্মাই সদায় বাণীৰ উৰ্দ্ধত নিজৰ শ্ৰেষ্ঠ স্থিতিত স্থিৰ হৈ থকাৰ অভ্যাস কৰি থাকিল। ইয়াৰ ফলত তেওঁ সকলো প্ৰকাৰৰ ব্যক্ত আকৰ্ষণৰ পৰা মুক্ত হৈ শক্তিশালী, ন্যাৰা আৰু প্যাৰা স্থিতিত আছিল। তেনেকৈ তোমালোক সন্তানসকলেও সেই শ্ৰেষ্ঠ স্থিতিত স্থিৰ হৈ থকাৰ অভ্যাস কৰি থাকা। তেতিয়া কৰ্ম কৰি থাকিও বিশেষ শান্তিৰ শক্তিৰ অনুভৱ কৰি থাকিবা। এই অভ্যাসৰ দ্বাৰাই পিতাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হৈ যাবা।
[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]