| 28-11-2026 |
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
|
মধুবন। |
| “মৰমৰ সন্তানসকল – সকলোকে এজন পিতাৰেই পৰিচয় দিয়া, এজন পিতাৰ সৈতে লেন-দেন কৰা, পিতাকেই নিজৰ সঁচা খতিয়ান দিয়া” | |
| প্ৰশ্ন: | সন্তানসকলৰ এতিয়াও অনেক ভুল হৈ থাকে, ইয়াৰ কাৰণ কি? |
| উত্তৰ: | মুখ্য কাৰণ হৈছে - যোগত বহুত কেঁচা। পিতাৰ স্মৃতিত থাকিলেতো কেতিয়াও কোনো ভুল কাম হ’ব নোৱাৰে। নাম ৰূপত আৱদ্ধ হ’লে যোগযুক্ত হ’ব নোৱাৰে। তোমালোক পতিতৰ পৰা পাৱন হোৱাৰ নিচাত থাকা। নিৰন্তৰ শিৱবাবাৰ স্মৃতিত থাকা, তোমালোকৰ পৰস্পৰ পাৰ্থিৱ (দৈহিক) প্ৰেম থাকিব নালাগে। |
| গীত: | জ্বলে ন ক্যু পৰৱানা… (চগাপোকবোৰ জ্বলি নাযাবনো কিয়…) |
ওঁম্ শান্তি। এইটো ভক্তি মাৰ্গত গোৱা গীত। অৱশেষত এই সকলোবোৰ বন্ধ হৈ যাব, ইয়াৰ দৰকাৰ নাই। গায়নো আছে এক চেকেণ্ডত পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। তোমালোকে জানা যে বেহদৰ (অসীমৰ; পাৰলৌকিক) বাবাৰ পৰা জীৱনমুক্তিৰ উত্তৰাধিকাৰ পোৱা যায়। জীৱনমুক্তি অৰ্থাৎ এই দুখধামৰ পৰা মুক্ত, ভ্ৰষ্টাচাৰৰ পৰা মুক্ত। তাৰপাছত কি হ’বাগৈ? তাৰ বাবে লক্ষ্য-উদ্দেশ্য বহুত ভালদৰে বুজাবলগীয়া হয়। বাবাই ৰাতিও বুজাইছে যে কোনোবা আহিলে প্ৰথমে উচ্চতকৈও উচ্চ ভগৱানৰ পৰিচয় দিয়া। সোধে – আপোনালোকৰ উদ্দেশ্য কি? তেতিয়া প্ৰথমতে বেহদৰ পিতাৰ পৰিচয় দিব লাগে। এতিয়া তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। গায়নো কৰে যে হে পতিত-পাৱন আহক। গতিকে পিতাৰ নিশ্চয় কিবা কৰ্তৃত্ব থাকিব নহয় জানো। কিবাতো ভূমিকা প্ৰাপ্ত হৈছে। তেওঁক উচ্চতকৈও উচ্চ পিতা বুলি কয়। তেওঁ ভাৰততেই আহে। ভাৰতকেই আহি উচ্চতকৈও উচ্চ কৰি তোলে। বৈকুণ্ঠৰ উপহাৰ লৈ আহে। মনুষ্য সৃষ্টিত উচ্চতকৈও উচ্চ হৈছে দেৱী-দেৱতাসকল, সূৰ্যবংশী ৰাজবংশ, যিসকলে সত্যযুগত ৰাজত্ব কৰিছিল। সত্যযুগ স্থাপন কৰোঁতাজন উচ্চতকৈও উচ্চ ভগৱানেই হয়। তেওঁক স্বৰ্গ স্থাপন কৰোঁতা, স্বৰ্গীয় ঈশ্বৰ পিতা (হেভেনলী গড্ ফাদৰ) বুলিও কয়। তেওঁ হৈছে পিতা, তেওঁৰ কাৰণে কেতিয়াও এনেকৈ ক’ব নোৱাৰে যে পিতা সৰ্বব্যাপী। সৰ্বব্যাপী বুলি ক’লে পিতাৰ উত্তৰাধিকাৰ নাইকিয়া হৈ যায়। কিমান মিঠা কথা, পিতা মানে উত্তৰাধিকাৰ। নিশ্চয় নিজৰ সন্তানসকলকেই উত্তৰাধিকাৰ প্ৰদান কৰিব। সকলো সন্তানৰ পিতা এজনেই। তেওঁ আহি সুখ-শান্তিৰ উত্তৰাধিকাৰ প্ৰদান কৰে, ৰাজযোগ শিকায়। বাকীতো সকলো আত্মাই নিজৰ হিচাপ-নিকাচ নিষ্পত্তি কৰি উভতি গুচি যাবগৈ। এতিয়া পুৰণি সৃষ্টি নাশ হ’ব। তাৰবাবে এই মহাভাৰতৰ যুদ্ধ। অনেক ধৰ্মৰ বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা হ’ব। বুদ্ধিয়েও কয় যে নিশ্চয় কলিযুগৰ পাছত সত্যযুগ আহিব লাগে। দেৱী-দেৱতাসকলৰ বুৰঞ্জী পুনৰাবৃত্তি হ’ব। গায়নো কৰা হৈছে যে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে। উচ্চতকৈও উচ্চ পদ প্ৰাপ্ত কৰায়।
পিতাই কয় - সন্তানসকল এই অন্তিম জন্ম পৱিত্ৰ হোৱা। এই মৃত্যুলোক মুৰ্দাবাদ আৰু অমৰলোক জিন্দাবাদ হ’ব। তোমালোক সকলো পাৰ্বতী, অমৰকথা শুনি আছা। পুত্ৰ আৰু কন্যা দুয়োৱেই অমৰ হ’ব নহয় জানো। ইয়াক অমৰকথা বুলিয়ে কোৱা বা তৃতীয় নেত্ৰৰ কথা বুলিয়ে কোৱা। সাধাৰণতে মাতাসকলেই কথা (কাহিনী) শুনে। অমৰপুৰীত পুৰুষ থাকিব জানো? উভয়েই থাকিব, এয়া পিতাইহে বুজায় যে ভক্তি মাৰ্গৰ শাস্ত্ৰই কি কয় আৰু পিতাই কি কয়? এইটোও কয় যে ভক্তিৰ ফল ভগৱানে দিবলৈ আহে। যথাযথ সত্যযুগত এই দেৱী-দেৱতাসকলৰে ৰাজ্য আছিল। এওঁলোকক ফল কোনে দিলে? কোনো সাধু-সন্ন্যাসী আদিয়েতো দিব নোৱাৰে। এইটোও জানা যে ভক্তিও সকলোৱে একে ধৰণেৰে নকৰে। যিয়ে বহুত ভক্তি কৰিব তেওঁ ফলো তেনেকুৱাই পাব। যিসকল পূজ্য আছিল তেওঁলোকেই পূজাৰী হৈ আকৌ পূজ্য হ’বগৈ। ভক্তিৰ ফলতো পাব নহয় জানো। এই কথাবোৰ বুজাবলগীয়া হয়। প্ৰথমে ত্ৰিমূৰ্তিৰ ওপৰত বুজাব লাগে। এনেকুৱা নহয় যে প্ৰথমেই ছিৰিৰ চিত্ৰৰ আগত লৈ যাবা। এয়া হৈছে বিতং কথা। প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। তেওঁ হৈছে উচ্চতকৈও উচ্চ। তাৰপাছত ব্ৰহ্মা, বিষ্ণু, শংকৰ তাৰপাছত লক্ষ্মী-নাৰায়ণ। বাকী ভক্তি মাৰ্গৰ চিত্ৰতো অনেক আছে। প্ৰথমে এইটো কোৱা যে বেহদৰ পিতা হয় যাৰ পৰা আমি বেহদ স্বৰ্গৰ উত্তৰাধিকাৰ লওঁ। উচ্চতকৈও উচ্চ ভগৱানে উত্তৰাধিকাৰো উচ্চতকৈও উচ্চ দিয়ে। ভাৰতত শিৱ জয়ন্তীও পালন কৰা হয়, নিশ্চয় স্বৰ্গীয় ঈশ্বৰ পিতা আহি স্বৰ্গ স্থাপন কৰিছিল। পিতাইহে স্বৰ্গ স্থাপন কৰে আকৌ 5 হাজাৰ বছৰ পাছত নৰক হৈ যায়। ৰামো আহিবলগীয়া হয় গতিকে সময়ত ৰাৱণো আহিবলগীয়া হয়। ৰামে উত্তৰাধিকাৰ দিয়ে ৰাৱণে অভিশাপ দিয়ে। জ্ঞান অৰ্থাৎ দিন পূৰা হৈ ৰাতি হৈ যায়। দিনত কেৱল সূৰ্যবংশী, চন্দ্ৰবংশী। এই কথাবোৰ সংক্ষেপত বুজাবলৈ বহুত সহজ। প্ৰথমতে উচ্চতকৈও উচ্চ পিতাৰ পৰিচয় দি পৰিপক্ক কৰি তুলিব লাগে। মূল কথাই হৈছে এইটো। সত্যযুগত দেৱী-দেৱতা ৰাজবংশ আছিল। সতোপ্ৰধান আছিল আকৌ সতো, ৰজো, তমোত আহিল।
এইটো এটা চক্ৰ। এটাই বস্তু সদায় থাকিব নোৱাৰে। তোমালোক সন্তানসকলৰ বুদ্ধিত এইটোৱেই স্মৃতি থাকিব লাগে যে উচ্চতকৈও উচ্চ পিতাক স্মৰণ কৰিব লাগে। এই স্মৃতিত থকাৰ ক্ষেত্ৰত বহুত কেঁচা। বাবায়ো (ব্ৰহ্মাবাবা) নিজৰ অনুভৱ শুনায় যে স্মৃতিয়েই বাৰে বাৰে পাহৰি যাওঁ কিয়নো তেওঁৰ বহুত খেয়াল থাকে। সেইবাবেতো কোৱা হয় যাৰ মূৰত বোজা থাকে তেওঁ কেনেকৈ স্মৃতিত থাকিব পাৰিব। বাবাৰ (ব্ৰহ্মাবাবাৰ) গোটেই দিন খেয়াল চলি থাকে। কিমান কথা সন্মুখত আহে। বাবাই ৰাতিপুৱা উঠি বহাত অধিক আনন্দ পাইছিল। নিচাও আছিল। বচ্ এই স্থাপনা হোৱাৰ পাছত মই পুনৰ বিশ্বৰ মহাৰজা হ’মগৈ। যেনেকৈ বাবাই নিজৰ অনুভৱ শুনায় যে প্ৰথম মুখ্য কথা হৈছে - পিতাৰ পৰিচয়। কোনোবাই অন্য যি কথাই কয় তেতিয়া কোৱা - তাৰ পৰা একো লাভ নাই। আমি আপোনাক উচ্চতকৈও উচ্চ পিতাৰ পৰিচয় দিওঁ। তেৱেঁই বিশ্বৰ মালিক হোৱাৰ উচ্চতকৈও উচ্চ উত্তৰাধিকাৰ দিয়ে। আৰ্য সমাজৰ লোকে দেৱতাসকলৰ চিত্ৰক মান্যতা নিদিয়ে। তোমালোকৰ ওচৰত চিত্ৰ দেখিলে তেতিয়া বিতুষ্ট হৈ যায়। যিসকল উত্তৰাধিকাৰ ল’বলগীয়া হ’ব তেওঁলোকে শান্তিৰে আহি শুনি থাকিব। মুখ্য কথাই হৈছে এটা উচ্চতকৈও উচ্চ ভগৱানৰ। উচ্চতকৈও উচ্চ বুলি ব্ৰহ্মা, বিষ্ণু, শংকৰক কোৱা নহয়। উচ্চতকৈও উচ্চ পিতাৰ পৰাই উত্তৰাধিকাৰ পোৱা যায়। তেৱেঁই পতিত-পাৱন হয়। এইটো কথা দৃঢ় কৰি লোৱা। ভগৱান এজন। পিতা মানে উত্তৰাধিকাৰ। ভাৰতত আহি উত্তৰাধিকাৰ প্ৰদান কৰে। ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টিৰ স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ। এই মহাভাৰতৰ যুদ্ধৰ দ্বাৰাই স্বৰ্গৰ দ্বাৰ মুকলি হয়। পতিতৰ পৰা পাৱন হয়। বেহদৰ পিতাৰ পৰাই ভাৰতে উত্তৰাধিকাৰ লাভ কৰি আছে। অন্য কোনো কথা নাই। ইয়াত এটাই কথা। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ খাদ আঁতৰি যাব। এই এটা কথা যেতিয়া বুজিব তেতিয়া অন্য কথা বুজাবা। এই ইমানবোৰ যি চিত্ৰ আছে এয়া হৈছে বিস্তাৰ। আমি কওঁ যে জ্ঞান অমৃত পান কৰি পৱিত্ৰ হোৱা। তেওঁলোকে কয় - বিষ লাগে। তাৰ ওপৰতো এখন চিত্ৰ আছে, সেইবাবে কয় - অমৃত এৰি বিষ কিয় খাব লাগে। এই আত্মিক জ্ঞান আধ্যাত্মিক পিতাইহে দিয়ে। সেইজন পিতা সৰ্বব্যাপী কেনেকৈ হ’ব। তোমালোকে পিতাক সৰ্বব্যাপী বুলি মানা যদি মানা, কিন্তু আমি এতিয়া নামানো। আগতে আমি মানিছিলোঁ। এতিয়া পিতাই কৈছে যে এইটো ভুল। পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। এতিয়া ভাৰত নৰক, সেই ভাৰতক আকৌ আমি স্বৰ্গ অৰ্থাৎ পৱিত্ৰ গৃহস্থ আশ্ৰম কৰি তোলোঁ। আদি সনাতন দেৱী-দেৱতাসকলৰ পৱিত্ৰ গৃহস্থ আশ্ৰম আছিল। এতিয়া হৈছে অপৱিত্ৰ বিকাৰী সৃষ্টি। পিতাই কয় - মোক স্মৰণ কৰা। উচ্চতকৈও উচ্চ শিৱবাবা ৰচয়িতা হয় তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। এতিয়া কলিযুগত অনেক মনুষ্য, সত্যযুগততো বহুত কম মনুষ্য হয়। সেই সময়ত বাকী সকলো শান্তিধামত থাকে। গতিকে নিশ্চয় এতিয়া যুদ্ধ লাগিব তেতিয়াহে মুক্তিত যাব। সেই সকলোবোৰ কথা সন্তানসকলৰ বুদ্ধিত থাকিব লাগে। সন্তানসকলে সেৱা নিশ্চয় কৰিব লাগে। সেৱাৰ দ্বাৰাহে উচ্চ পদ পাবা। এনেকুৱা নহয় যে পৰস্পৰ মনৰ অমিল হ’লে তেতিয়া শিৱবাবাক পাহৰি যাব বা শিৱবাবাৰ সেৱা কৰিবলৈ এৰি দিব লাগে। তেতিয়াতো এই পদ ভ্ৰষ্ট হৈ যাব। তেতিয়া সেৱা কৰাৰ সলনি অহিত দিব। নিজৰ মাজত লুণীয়া পানী (মতবিৰোধ) হৈ সেৱা কৰিবলৈ এৰি দিয়া, ইয়াৰ নিচিনা বেয়া কাম আৰু একো নাই। বাবাক স্মৰণ কৰা তেতিয়া উপাৰ্জনো হ’ব। এতিয়া জ্ঞান পাইছা - পৱিত্ৰ হোৱা আৰু পিতাক স্মৰণ কৰা। ‘ধুৰীয়া’ (ৰঙীন পানী চটিওৱা দিন - ফাকুৱা) বুলি জ্ঞানৰ ৰিমজিমক কোৱা হয়। জ্ঞান আৰু বিজ্ঞান বুলি কোৱা হয়। বিজ্ঞান হৈছে যোগ আৰু জ্ঞান হৈছে সৃষ্টি চক্ৰৰ। হোলি-ধুৰীয়া, মনুষ্যই একোৱেই বুজি নাপায়। পিতাক স্মৰণ কৰা আৰু সকলোকে জ্ঞান শুনোৱা। বাবাই বাৰে বাৰে বুজায় যে উচ্চতকৈও উচ্চ পিতাক সৰ্বব্যাপী বুলি ক’ব নোৱাৰি। নহ’লে নিজে কাক স্মৰণ কৰে? পিতাই কয় - নিৰন্তৰ মোক স্মৰণ কৰা। কিন্তু ৰচয়িতাক নাজানিলে কি পাব! নজনাৰ বাবে সৰ্বব্যাপী বুলি কৈ দিয়ে। গতিকে উচ্চতকৈও উচ্চ বুলি সিদ্ধ কৰি বুজোৱা তেতিয়া সৰ্বব্যাপীৰ ধাৰণাতো বুদ্ধিৰ পৰা আঁতৰি যাব। আমি সকলো ভাই ভাই। পিতা প্ৰত্যেক 5 হাজাৰ বছৰ পাছত আহি উত্তৰাধিকাৰ দিয়ে। সত্যযুগত দেৱী-দেৱতাসকল থাকিব। বাকী সকলো মুক্তিত যাব। সকলোকে পিতাৰ পৰিচয় দি থাকা। যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰে - কোৱা যে যীশুখ্ৰীষ্টতো সকলোৰে পিতা নহয়। সকলোৰে পিতাতো হৈছে নিৰাকাৰ, যিজনকেই আত্মাই আহ্বান জনায় - হে ঈশ্বৰ পিতা, যীশুখ্ৰীষ্ট তেওঁৰ পুত্ৰ বুলি গায়ন কৰা হৈছে। পুত্ৰৰ পৰা উত্তৰাধিকাৰ কেনেকৈ পাবা? যীশুখ্ৰীষ্টতো হৈছে ৰচনা। এনেকৈ কোনো শাস্ত্ৰতে লিখি থোৱা নাই যে যীশুখ্ৰীষ্টক স্মৰণ কৰিলে আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাব। একমাত্ৰ গীতাতহে আছে যে মামেকম্ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। ঈশ্বৰ পিতাৰ শাস্ত্ৰ হৈছেই গীতা। কেৱল পিতাৰ নাম সলনি কৰি কৃষ্ণৰ নাম লিখি দিছে। এইটো ভুল কৰি দিছে। উচ্চতকৈও উচ্চ হৈছে পিতা, তেৱেঁই সুখ-শান্তিৰ উত্তৰাধিকৰ দিয়ে। শিৱৰ চিত্ৰ সকলোৱে নিজৰ লগত ৰাখিব লাগে। শিৱবাবাই এই উত্তৰাধিকাৰ প্ৰদান কৰে, আকৌ 84 জন্মত হেৰুৱাই পেলায়। ছিৰিৰ চিত্ৰৰ ওপৰত বুজাব লাগে – পতিত-পাৱন পিতাহে আহি পাৱন হোৱাৰ যুক্তি (উপায়) শুনায়। তেওঁলোকে কয় - কৃষ্ণ ভগৱানুবাচ, তোমালোকে কোৱা শিৱ ভগৱানুবাচ। প্ৰথম মহলাত উচ্চ পিতা থাকে, আকৌ দ্বিতীয় মহলাত আছে সূক্ষ্মবতন। এয়া হৈছে তৃতীয় মহলা। সৃষ্টি ইয়াত আছে, পাছত সূক্ষ্মবতনলৈ যায়। তাত বিচাৰ সভা বহে, শাস্তি ভোগ কৰে। শাস্তি ভোগ কৰি পৱিত্ৰ হৈ ওপৰলৈ গুচি যায়। পিতাই সকলো সন্তানক লৈ যায়। এতিয়া এয়া হৈছে সংগম। এই সংগমক 100 বছৰ দিব লাগে। সন্তানসকলে সোধে - বাবা স্বৰ্গত কি কি হ’ব? বাবাই কয় - সেয়া আগলৈ গৈ দেখিবা। প্ৰথমে তোমালোকে পিতাক চিনি লোৱা, পতিতৰ পৰা পাৱন হোৱাৰ নিচাত থাকা। স্বৰ্গত যি হ’বলগীয়া আছে সেয়া হৈ থাকিব। তোমালোক এনেকুৱা পাৱন হোৱা যাতে পিতাৰ পৰা নতুন সৃষ্টিৰ সম্পূৰ্ণ উত্তৰাধিকাৰ লাভ কৰা। বাকী মাজত কি হয় সেয়াও আগলৈ গৈ দেখিবা। গতিকে এই সকলোবোৰ কথা স্মৃতিত ৰাখিব লাগে। স্মৃতিত নথকাৰ বাবে সময়ত বুজি নাপায়, পাহৰি যায়। সন্তানসকলে কৰ্মও ভাল কৰিব লাগে। পিতাৰ স্মৃতিত থাকিলে বেয়া কৰ্ম নহ’বই। বহুত বেয়া কৰ্মও কৰে। এনেকুৱা জানো হ’ব লাগে যে কেৱল এইগৰাকী ব্ৰাহ্মণীকহে ভাল লাগে। সেইগৰাকী ব্ৰাহ্মণী গুচি গ’লে নিজেও শেষ হৈ যায়। ব্ৰাহ্মণীৰ বাবে মৰি যায়। অৰ্থাৎ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ পৰা মৰি গ’ল। তেওঁলোককো হতভগীয়া বুলি কোৱা হয়।
অনেক সন্তান ইজন সিজনৰ নাম-ৰূপত আৱদ্ধ হৈ মৰে। ইয়াত তোমালোকৰ পাৰ্থিৱ (দৈহিক) প্ৰেম থাকিব নালাগে। নিৰন্তৰ শিৱবাবাক স্মৰণ কৰিব লাগে। কাৰো সৈতে লেন-দেন নাই। কোৱা, মোক কিয় দিছে? আপোনাৰ যোগসূত্ৰতো শিৱবাবাৰ সৈতে আছে নহয় জানো। যিয়ে পোনপটীয়াকৈ নিদিয়ে তেওঁলোকৰ শিৱবাবাৰ ওচৰত জমা নহয়। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা হয় গতিকে তেওঁৰ দ্বাৰাই সকলো কৰিব লাগে। মাজত কোনোবাই খাই পেলালে শিৱবাবাৰ ওচৰততো জমা নহ’ল। শিৱবাবাক দিবলৈ হ’লে ব্ৰহ্মাৰ দ্বাৰা দিব লাগে। সেৱাকেন্দ্ৰও ব্ৰহ্মাৰ দ্বাৰাই স্থাপন কৰা। নিজেই সেৱাকেন্দ্ৰ খুলিলে সেয়া জানো সেৱাকেন্দ্ৰ হ’ল। বাপদাদা দুয়োগৰাকী একত্ৰিত হৈ আছে। এওঁৰ হাতলৈ আহিল মানে শিৱবাবাৰ হাতলৈ আহিল। কিমান সেৱাকেন্দ্ৰ আছে যাৰ কোনো খবৰেই নাই। লিখিব লাগে - শিৱবাবা আপোনাৰ সেৱাকেন্দ্ৰৰ এয়া খতিয়ান। মালিকৰ ওচৰত খতিয়ান আহিব লাগে নহয় জানো। বহুতৰে শিৱবাবাৰ ওচৰত জমা নহয়। এইখিনিও বোধ নাই, যদিওবা জ্ঞান বহুত আছে কিন্তু যুক্তি নাজানে। বচ্ মই সেৱাকেন্দ্ৰ খুলিলোঁ। তুমি যাক দিলা তেওঁ সেৱাকেন্দ্ৰ খুলিলে। সেয়া শিৱবাবাই জানো খুলিলে! তেনে সেৱাকেন্দ্ৰৰ উন্নতিও নহয়। সেৱাকেন্দ্ৰ খুলিব বিচাৰিলে শিৱবাবাৰ দ্বাৰা খুলিব লাগে। শিৱবাবা মই এইটো দিছোঁ, ইয়াত ব্যৱহাৰ কৰি দিব। সন্তানসকলে ভুল বহুত কৰে। যোগত বহুত কেঁচা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) জ্ঞানৰ লগতে নিজৰ ভৱিষ্যত গঢ়াৰ যুক্তিও শিকিব লাগে। এজন পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। কোনো দেহধাৰীৰ কাৰণে হতভগীয়া হ’ব নালাগে।
(2) পৰস্পৰ কোনো কথাৰ কাৰণে পিতাৰ সেৱা এৰিব নালাগে। পুৱাতে (অমৃতবেলা) উঠি নিজে নিজৰ সৈতে কথা পাতিব লাগে। স্মৰণ কৰাৰ বাবে পৰিশ্ৰম কৰিব লাগে।
| বৰদান: |
নিজৰ শ্ৰেষ্ঠ ধাৰণাসমূহৰ বাবে কৰা ত্যাগত সৌভাগ্যৰ অনুভৱ কৰোঁতা প্ৰকৃত ত্যাগী হোৱা ব্ৰাহ্মণসকলৰ শ্ৰেষ্ঠ ধাৰণা হৈছে সম্পূৰ্ণ পৱিত্ৰতা। এই ধাৰণাৰ বাবেই গায়ন আছে— “প্ৰাণ গ’লেও যাতে ধৰ্ম নাযায়।” যিকোনো পৰিস্থিতিত নিজৰ এই ধাৰণাৰ বাবে কিবা ত্যাগ কৰিবলগীয়া হওক, সহ্য কৰিবলগীয়া হওক, সন্মুখীন হ’বলগীয়া হওক বা সাহস ৰাখিবলগীয়া হওক, সকলো আনন্দ মনেৰে কৰা - ইয়াত ত্যাগক ত্যাগ বুলি নাবুজি সৌভাগ্যৰ অনুভৱ কৰা, তেতিয়াহে প্ৰকৃত ত্যাগী বুলি কোৱা হ’ব। এনে ধাৰণাযুক্তসকলকহে প্ৰকৃত ব্ৰাহ্মণ বুলি কোৱা হয়। |
| শ্লোগান: | সকলো শক্তিক নিজৰ আদেশত চলাওঁতাসকলেই মাষ্টৰ সৰ্বশক্তিমান। |
!! ওঁম্ শান্তি !!
অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
যেনেকৈ সাকাৰ ৰূপত দেখিলা যে অন্তিমৰ সম্পন্ন আৰু কৰ্মাতীত স্থিতিৰ ভূমিকা কেৱল আশীৰ্বাদ দিয়াৰেই আছিল। ভাৰসাম্য ৰখাৰ বিশেষত্ব আৰু আশীৰ্বাদ দিয়াৰো অসাধাৰণ শক্তি আছিল। তেনেকৈ পিতাক অনুসৰণ কৰা। সহজ আৰু শক্তিশালী সেৱা এয়াই। এতিয়া বিশেষ আত্মাসকলৰ ভূমিকা হৈছে আশীৰ্বাদ দিয়াৰ। লাগিলে নয়নৰ দ্বাৰা দিয়া বা মস্তকমণিৰ দ্বাৰা। কৰ্ম কৰি থাকিও কৰ্মৰ বন্ধনৰ পৰা সদায় মুক্ত অৰ্থাৎ অনাসক্ত হৈ থাকা। কেতিয়াও কৰ্মৰ বশীভূত নহ’বা। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা প্ৰতিটো কৰ্ম কৰি অধিকাৰীবোধৰ নিচাত থাকা। এয়াই সম্পূৰ্ণতাৰ স্থিতি।
[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]