অসমীয়া মুরলি · Brahma Kumaris

আজিৰ মুরলি · 27 নৱেম্বৰ, 2026

ওম শান্তি · BapDada · 27 নৱেম্বৰ, 2026

আজিৰ মুরলি — today’s murli in Assamese, every morning.

18
মুরলি27 নৱেম্বৰ, 2026 · অসমীয়া
0:00--:--

পাঠ বাছক → হাইলাইট / বক্স / আণ্ডাৰলাইন

27-11-2026
প্ৰাতঃমুৰুলী
ওঁম্ শান্তি!
"বাপদাদা"
মধুবন।
“মৰমৰ সন্তানসকল – ভাৰত সকলোৰে তীৰ্থস্থান, সেইকাৰণে সকলো ধৰ্মাৱলম্বীকে ভাৰত তীৰ্থৰ মহিমা শুনোৱা, সকলোকে বাৰ্তা দিয়া”
প্ৰশ্ন: কোনটো পুৰুষাৰ্থৰে তোমালোকৰ অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হ’ব? নিদ্ৰাজীৎ হৈ যাবা?
উত্তৰ: ৰাতি যেতিয়া শুবলৈ যোৱা তেতিয়া প্ৰথমে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। যেতিয়া টোপনি আহে তেতিয়া শুই যোৱা তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। ৰাতিপুৱা উঠিলে সেয়া সাৰকথাবোৰেই স্মৃতিলৈ আহি থাকিব। এনেকুৱা অভ্যাস কৰিলে তোমালোক নিদ্ৰাজীৎ হৈ যাবা। যিয়ে কৰিব তেৱেঁ পাব। কৰাসকলৰ চলন প্ৰসিদ্ধ হৈ গৈ থাকিব।
গীত: জ’ পিয়া কে সাথ্‌ হে… (যিসকল প্ৰিয়তমৰ লগত আছে…)

ওঁম্‌ শান্তি। যিসকল প্ৰিয়তমৰ লগত আছে। এতিয়া জগতত পিতাতো বহুত আছে কিন্তু সেই সকলোৰে পিতা ৰচয়িতা এজনেই। তেৱেঁই জ্ঞানৰ সাগৰ। জ্ঞানেৰেই সৎগতি হয়। সৎগতিও মনুষ্যৰ তেতিয়া হয় যেতিয়া সত্যযুগৰ স্থাপনা হয়। বাবাকেই সৎগতি দাতা বুলি কোৱা হয়। যেতিয়া সংগমৰ সময় হ’ব তেতিয়াহে জ্ঞান সাগৰ আহি সকলোকে সৎগতিত লৈ যাব। এই সময়ত দুৰ্গতিতো সকলোৰে। দুৰ্গতিও সকলোৰে একে সমান নহয়। সকলোতকৈ প্ৰাচীন হৈছে ভাৰত। ভাৰতবাসীৰেই 84 জন্মৰ গায়ন আছে। নিশ্চয় যি পোন প্ৰথমে মনুষ্য হ’ব তেৱেঁই 84 জন্মৰ লায়ক হ’ব। দেৱতাসকলৰ 84 জন্ম গতিকে ব্ৰাহ্মণসকলৰো 84 জন্ম। মুখ্যজনৰে নাম উল্লেখ কৰা হয়। পিতাই ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি ৰচনা কৰিবলৈ পোন-প্ৰথমে সূক্ষ্ম লোক ৰচনা কৰে আকৌ নতুন সৃষ্টিৰ স্থাপনা হয়। ত্ৰিলোকীনাথ হৈছে একমাত্ৰ পিতা। বাকী তেওঁৰ সন্তানসকলেও নিজক ত্ৰিলোকৰ নাথ বুলি ক’ব পাৰে। ইয়াততো বহুত মনুষ্যই ত্ৰিলোকীনাথ নামো ৰাখি দিছে। দ্বৈত দেৱতাৰো নাম ৰাখিছে – গৌৰীশঙ্কৰ, ৰাধেশ্যাম, আচলতে ৰাধেকৃষ্ণ বেলেগ বেলেগ ৰাজ্যৰ আছিল। যিসকল ভাল সন্তান তেওঁলোকৰ বুদ্ধিত বহুত ভাল সাৰকথা (পইণ্টচ্‌ৰ) ধাৰণ হৈ থাকে। যিসকল হুচিয়াৰ ডাক্তৰ, তেওঁলোকৰ বুদ্ধিত বহুত ঔষধৰ নাম থাকিব। ইয়াতো নিতৌ নতুন নতুন সাৰকথা ওলাই থাকে। যিসকলৰ ভাল অভ্যাস থাকিব তেওঁলোকে নতুন নতুন পইণ্টচ্‌ ধাৰণ নিশ্চয় কৰিব। যিসকলে ধাৰণ নকৰে তেওঁলোকক মহাৰথী বুলি কোৱা নহ’ব। সকলো নিৰ্ভৰ কৰে বুদ্ধিৰ ওপৰত আৰু ভাগ্যৰো কথা আছে। এয়াও নাটক হয়। নাটকক কোনেও নাজানে। এইটোও বুজি পায়, আমি আত্মাই শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰোঁ। কিন্তু নাটকৰ আদি-মধ্য-অন্তক নাজানে অৰ্থাৎ একোৱে নাজানে। তোমালোকেতো জানিব লাগে। আনকো পিতাৰ পৰিচয় দিয়া এইটোতো সন্তানসকলৰ দায়িত্ব হয়। গোটেই জগতকে ক’ব লাগে, কোনোবাই যাতে এনেকৈ নকয় যে আমিতো গমেই নাপালোঁ। বিদেশৰ পৰাও বহুত আহিবলগীয়া আছে। সেই সকলোৰে ব্যৱস্থা বোম্বাইত (মুম্বাইত) কৰিব। তেওঁলোকতো সমৰ্থও হয়। পইচাতো তেওঁলোকৰ বহুত আছে। শিৱকতো নিজৰ ডাঙৰ গুৰু বুলিতো মানিব নহয় সেইকাৰণে বুজোৱা হয় - এই ধৰ্ম পিতাসকলৰো কিছু ভূমিকা আছে। সন্তানসকলে আৰম্ভণিত সাক্ষাৎকাৰ কৰিছিল – এই যীশুখ্ৰীষ্ট, ইব্ৰাহিম আদি সকলো সাক্ষাৎ কৰিবলৈ আহিব। গতিকে তেওঁলোকৰ ব্যৱস্থা কৰিব লাগে। সকলো পৰ্যটক আদি বোম্বাইলৈ (মুম্বাইলৈ) আহি থাকে। ভাৰতে সকলোকে বহুত আকৰ্ষণ কৰে। আচলতে ভাৰত পিতাৰ জন্মভূমি। আকৌ সকলোতে ভগৱান আছে বুলি কৈ বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাৰ মহত্ব নোহোৱা কৰি দিছে। এতিয়া তোমালোকে বুজোৱা যে ভাৰত হৈছে সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থস্থান। বাকী সকলো পয়গম্বৰ (বাৰ্তাবাহক) আহে নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। তেওঁলোকৰ পাছত আকৌ তেওঁলোকৰ ধৰ্মাৱলম্বীসকলো আহে। এতিয়া হৈছে অন্ত। চেষ্টা কৰে, আমি উভতি যাওঁ। কিন্তু তেওঁলোকক সোধা তোমালোকক ইয়ালৈ আনিলে কোনে? যীশুখ্ৰীষ্টই খ্ৰীষ্টিয়ান ধৰ্ম প্ৰতিষ্ঠা কৰিলে, তেওঁ তোমালোকক টানি ইয়ালৈ আনিলে নেকি? এতিয়া সকলো অতিষ্ঠ হৈ পৰিছে উভতি যাবলৈ। সকলো আহেই ভূমিকা পালন কৰিবলৈ। ভূমিকা পালন কৰি কৰি অৱশেষত দুখত আহিবই লাগে। আকৌ দুখৰ পৰা মুক্ত কৰি সুখত লৈ যোৱাতো পিতাৰহে কাম। পিতাৰ জন্মভূমি হৈছে ভাৰত। ইমান মহত্ব তোমালোক সন্তানসকলেহে জানা। যিসকলে জানে তেওঁলোকৰ নিচা বাঢ়ি থাকে। কল্পই কল্পই ভাৰতলৈ পিতা আহে। এইটো সকলোকে ক’ব লাগে, নিমন্ত্ৰণ দিব লাগে। ৰচনাৰ জ্ঞানক কোনেও নাজানে গতিকে এনেকুৱা সেৱাধাৰী হৈ নিজৰ নাম প্ৰসিদ্ধ কৰিব লাগে। এই মেলা সকলো ফালে বিস্তাৰিত হ’ব। গতিকে যিসকল তীক্ষ্ণ সন্তান আছে তেওঁলোকৰ সহায় বিচাৰি থাকে। তেওঁলোকৰ নাম জপ কৰি থাকে। এফালেতো শিৱবাবাক জপ কৰে, আনফালে ব্ৰহ্মাবাবাক তৃতীয়তে আকৌ কুমাৰকা (প্ৰকাশমণি দাদী), গঙ্গে, মনোহৰক জপ কৰিব। ভক্তিমাৰ্গত হাতত মালা ঘূৰাই থাকে। এতিয়া মুখেৰে নাম জপ কৰে। অমুক বহুত সেৱাধাৰী। নিৰহংকাৰী, অমায়িক। দেহ-অভিমান নাই। কয় নহয় – স্নেহ দিলে স্নেহ পাবা, এতিয়া পিতাই কয় তোমালোক দুখী হৈ গৈছা। তোমালোকে মোক স্মৰণ কৰিলে ময়ো সহায় কৰিম। তোমালোকে যদি ঘৃণা কৰা তাৰমানে নিজকে ঘৃণা কৰা, পদ নাপাবা। কিমান প্ৰচুৰ ধন পোৱা যায়। কোনোবাই লটাৰী পালে কিমান আনন্দিত হয়। তাৰ ভিতৰতো কিমান পুৰস্কাৰ থাকে। আকৌ দ্বিতীয় পুৰস্কাৰ, তৃতীয় পুৰস্কাৰো থাকে। এয়াতো ঈশ্বৰীয় প্ৰতিযোগীতা। জ্ঞান আৰু যোগৰ প্ৰতিযোগীতা, যিয়ে ইয়াত তীব্ৰতাৰে যাব তেৱেঁই ডিঙিৰ হাৰ হ’ব আৰু সিংহাসনৰ ওচৰত বহিব।

তোমালোক সকলো হৈছা কৰ্মযোগী। নিজৰ ঘৰৰো তত্বাৱধান লোৱা। শ্ৰেণীত এঘণ্টা পঢ়িব লাগে। আকৌ ঘৰলৈ গৈ পুনৰ অধ্যয়ন কৰিব লাগে। স্কুলতো এনেকুৱা কৰে নহয় জানো। পঢ়ি আকৌ ঘৰলৈ গৈ পুনৰ অধ্যয়ন কৰে। পিতাই কয় – এঘণ্টা আধা ঘণ্টা… দিনটোত 8 (আঠ) ঘণ্টা থাকে। তাৰ ভিতৰতো পিতাই কয় – এঘণ্টা, বাৰু আধা ঘণ্টাই হওঁক, 15-20 মিনিট হ’লেও শ্ৰেণীত গৈ পঢ়ি ধাৰণা কৰি আকৌ পেছাগত কাম-কাজত পৰিক্ৰমা লগোৱা। আগতে তোমালোকক বাবাই বহুৱাইছিল তেতিয়া কৈছিল - পিতাৰ স্মৃতিত বহা। স্বদৰ্শন চক্ৰ ঘূৰোৱা। স্মৃতিৰ জ্ঞানতো আছিল নহয়। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰি, স্বদৰ্শন চক্ৰ ঘূৰাই যেতিয়া দেখিবা টোপনি আহিছে তেতিয়া শুই যোৱা। তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। আকৌ ৰাতিপুৱা যেতিয়া শুই উঠিবা তেতিয়া সেই সাৰকথাবোৰেই স্মৃতিলৈ আহি থাকিব। এনেকৈ অভ্যাস কৰি কৰি তোমালোক নিদ্ৰাজীৎ হৈ যাবা। যিয়ে কৰিব তেৱেঁই পাব। কৰোঁতাসকল দৃষ্টিগোচৰ হয়, চলন প্ৰসিদ্ধ হয়। দেখা পোৱা যায় এওঁ বিচাৰ সাগৰ মন্থন কৰে। ধাৰণা কৰে। কোনো লোভ আদিতো নাই। এই শৰীৰ পুৰণা, ইয়াৰো বহুত খেয়াল কৰিব নালাগে। এই শৰীৰো ঠিকে তেতিয়া থাকিব যেতিয়া জ্ঞান যোগৰ পূৰা ধাৰণা হ’ব। ধাৰণা নহ’লে শৰীৰৰ আৰু অৱক্ষয় হৈ যাব। অৱক্ষয় হৈ হৈ একেবাৰে সমাধিস্থ হৈ যাব। নতুন শৰীৰ আকৌ ভৱিষ্যতলৈ পাবা। আত্মাক পৱিত্ৰ কৰি তুলিব লাগে। এয়াতো পুৰণা মলিয়ন শৰীৰ। ইয়াত যিমানেই পাউদাৰ নলগোৱা তেতিয়াও কোনো মূল্য নাই। এতিয়া তোমালোক সকলোৰে বাগদান শিৱবাবাৰ সৈতে হৈছে। যেতিয়া বিয়া হয় সেইদিনা পুৰণা কাপোৰ পিন্ধে। এতিয়া এই শৰীৰৰ স্থূল অলংকৰণ বেছিকৈ কৰিব নালাগে। জ্ঞান যোগেৰে নিজক সজালে তেতিয়া পৰী হৈ যাবা। এয়া হ’ল জ্ঞান মানসৰোবৰ। ইয়াত জ্ঞানৰ ডুব মাৰি থাকা তেতিয়া তোমালোক স্বৰ্গৰ পৰী হৈ যাবা। প্ৰজাক পৰী বুলি কোৱা নহয়। এনেকৈ কয় - কৃষ্ণই পলুৱাই নিলে, আকৌ মহাৰাণী, পাটৰাণী বনালে। এনেকৈতো নকয় পলুৱাই নি প্ৰজাত চণ্ডাল বনালে। পলুৱাই নিলে পাটৰাণী বনাবলৈ। তোমালোকেও এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। এনেকুৱা নহয় যি পালোঁ সেয়াই ঠিক। এয়া হ’ল পাঠশালা। ইয়াত মুখ্য কথা হৈছে পঢ়া। গীতা পাঠশালা বহুত খোলে। বহি গীতা শুনায়, মুখস্থ কৰায়। কোনো এটা শ্লোক লৈ আকৌ তাৰ ওপৰত বিস্তাৰত বহি বুজায়। কোনোবাই এনেয়ে পঢ়ে, কোনোবাই এটা শ্লোকৰ ওপৰত আধা ঘণ্টা পঞ্চল্লিছ মিনিট ভাষণ দিয়ে, তাৰ পৰা লাভ একো নহয়। ইয়াততো পিতাই বহি পঢ়ায়। লক্ষ্য-উদ্দেশ্য স্পষ্ট। অন্য কোনো বেদ শাস্ত্ৰ পঢ়াত লক্ষ্য-উদ্দেশ্য নাই। পুৰুষাৰ্থ কৰি থাকা। কিন্তু কি পাবা? যেতিয়া বহুত ভক্তি কৰে তেতিয়া ভগৱানক পায়। সেয়াও ৰাতিৰ পাছত দিন নিশ্চয় হ’ব। কল্পৰ আয়ুসৰ ক্ষেত্ৰত বিভিন্নজনে ভিন্ন ভিন্ন কথা কয়, এতিয়া বুজাবলৈও শক্তি লাগে। যোগবলেৰে কাম আদায় কৰিব লাগে। যদি কৰিব নোৱাৰা তাৰমানে শক্তি নাই। যোগ নাই। বাবায়ো সহায় তেওঁলোকক কৰে যিসকল যোগযুক্ত সন্তান হয়। নাটকত যি আছে সেয়া পুনৰাবৃত্তি হয়। চেকেণ্ডৰ পাছত চেকেণ্ড যি অতীত হৈ যায়, টিক্‌ টিক্‌ হৈ গৈ থাকে। আমি শ্ৰীমত অনুসৰি কৰ্মকাণ্ডত আহোঁ। শ্ৰীমতত নচলিলে শ্ৰেষ্ঠ নহ’বাগৈ। ক্ৰমানুসৰিতো হয় নহয় জানো। এই লোকসকলে ভাবে আমি এক হৈ যাওঁ, কিন্তু অৰ্থতো গমেই নাপায়। তেনেহ’লে কি এক হৈ যাব, এক পিতা হৈ যাব লাগে নে এক ভ্ৰাতৃ হৈ যাব লাগে? যদি ভ্ৰাতৃ বুলি কয় তেতিয়াও ঠিক আছে। শ্ৰীমতত আমি যথাযথ এক হৈ যাব পাৰোঁ। তোমালোক সকলোৱে একমতত চলা। তোমালোকৰ পিতা শিক্ষক গুৰু এজনেই। যিয়ে পূৰা শ্ৰীমতত নচলিব তেওঁ শ্ৰেষ্ঠ হ’ব নোৱাৰিব। যদি একেবাৰে নচলে তেন্তে শেষ হৈ যাব। দৌৰত যি লায়ক বুদ্ধিমান হয় তেওঁকহে ৰাখে। ডাঙৰ দৌৰত ভাল ঘোঁৰা লয় কিয়নো লটাৰীও ডাঙৰ ৰাখে। এয়াও মানৱ অশ্ব দৌৰ। হুচেইনৰো ঘোঁৰা দেখুৱায়। হিংসা দুই প্ৰকাৰৰ হয়। এক নম্বৰ হ’ল কাম কটাৰী, যিয়ে আধাকল্পৰ পৰা নিজকো হত্যা, আনকো হত্যা কৰি আহিছে। এই হিংসাক কোনেও নাজানেই। সন্ন্যাসীসকলেও এনেকৈ নাভাবে, কেৱল তেওঁলোকে কৈ দিয়ে যে এইটো বিকাৰ। পিতাইতো কয় – সন্তানসকল, এই কাম মহাশত্ৰু হয়, ই আদি-মধ্য-অন্ত দুখ দিওঁতা হয়। এইটোও সিদ্ধ কৰি ক’ব লাগে যে আমাৰ প্ৰবৃত্তি মাৰ্গ, ৰাজযোগ। আপোনালোকৰ হঠযোগ। আপোনালোকে শঙ্কৰাচাৰ্যৰ পৰা হঠযোগ শিকে। আমি শিৱাচাৰ্যৰ পৰা ৰাজযোগ শিকোঁ। আগলৈ গৈ তোমালোকৰ প্ৰত্যক্ষতা নিশ্চয় হ’ব। কোনোবাই প্ৰশ্ন সোধে যে দেৱতাসকলৰ 84 জন্ম 5 হাজাৰ বছৰত হ’ল, খ্ৰীষ্টানসকলৰ কিমান হ’ল? যীশুখ্ৰীষ্টৰ 2 হাজাৰ বছৰ হ’ল, এতিয়া হিচাপ কৰা তেওঁৰ গড়ে কিমান জন্ম হ’ল? 30-32 এইটোতো স্পষ্ট। যিসকলে বহুত সুখ দেখিবলৈ পায় তেওঁলোকে বহুত দুখো দেখে। অন্য ধৰ্মাৱলম্বীয়ে কম সুখ, কম দুখ পায়। গড় হিচাপ উলিয়াব লাগে। মুখ্য যিসকল গুৰু আছে তেওঁলোকৰ জন্মৰ পৰিসংখ্যা উলিয়াব। পাছৰ ফালে যিসকল আহে তেওঁলোকে কম কম জন্ম লয়। বুদ্ধৰ, ইব্ৰাহীমৰো হিচাপ উলিয়াব পাৰা। অতিবেছি এটা দুটা জন্মৰ পাৰ্থক্য থাকিব। সঠিককৈতো ক’ব নোৱাৰি। মোটামুটি হিচাপত বুজোৱা হয়। এই সকলোবোৰ বিচাৰ সাগৰ মন্থন কৰিবলগীয়া কথা। কোনোবাই সুধিলে তেতিয়া কি বুজাবা? তথাপিও ক’বা প্ৰথমে পিতাক স্মৰণ কৰক কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। জন্ম যিমান লৈছে সিমানেই ল’ব। পিতাৰ পৰা উত্তৰাধিকাৰ লওঁক। ভালদৰে বুজাব লাগে। পৰিশ্ৰমৰ কাম।

সন্তানসকলে বোম্বাইত (মুম্বাইত) বহুত পৰিশ্ৰম কৰি আছে কিয়নো তেওঁলোক বহুত কৃতকাৰ্য হ’ব লাগে। এই ক্ষেত্ৰত বুদ্ধি লাগে, বাবাৰ ধনৰ প্ৰতি বহুত মৰম থাকিব লাগে। কোনোৱেতো ধন নলয়। হেৰ’ জ্ঞান ৰত্ন লওঁক আৰু ধাৰণা কৰক, তেতিয়া কয় - মই কি কৰোঁ! মই বুজি নাপাওঁ। যদি বুজি নাপায় তেন্তে সেয়া আপোনাৰ ভাগ্য। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) শৰীৰক ঠিকে ৰাখিবলৈ জ্ঞান যোগৰ ধাৰণা কৰিব লাগে। কোনো বস্তুৰ প্ৰতি লোভ ৰাখিব নালাগে। এই জ্ঞান যোগেৰে অলংকৃত হ’ব লাগে, স্থূল অলংকাৰেৰে নহয়।

(2) এক ঘণ্টা আধা ঘণ্টা পঢ়া অৱশ্যে পঢ়িব লাগে। জ্ঞান আৰু যোগত দৌৰ লগাব লাগে।

বৰদান: সংগমযুগৰ শ্ৰেষ্ঠ চিত্ৰ সন্মুখত ৰাখি ভৱিষ্যতৰ দৰ্শন কৰোঁতা ত্ৰিকালদৰ্শী হোৱা
ভৱিষ্যতৰ পূৰ্বেই সকলো প্ৰাপ্তিৰ অনুভৱ তোমালোক সংগমযুগী ব্ৰাহ্মণসকলে কৰি আছা। এতিয়াই দ্বৈত মুকুটধাৰী, সিংহাসনধাৰী, তিলকধাৰী আৰু সৰ্ব অধিকাৰী মূৰ্ত হোৱা। ভৱিষ্যতেতো সোণৰ চামুচ অৰ্থাৎ সমৃদ্ধিশালী অৱস্থা হ’ব, কিন্তু এতিয়াই হীৰা তুল্য হৈ যোৱা। জীৱনটোৱেই হীৰা হৈ যায়। তাত সোণ আৰু হীৰাৰ দোলনাত দুলিবা, ইয়াত বাপদাদাৰ কোলাত, অতীন্দ্ৰিয় সুখৰ দোলনাত দুলি আছা। গতিকে ত্ৰিকালদৰ্শী হৈ বৰ্তমান আৰু ভৱিষ্যতৰ শ্ৰেষ্ঠ চিত্ৰ চাই সকলো প্ৰাপ্তিৰ অনুভৱ কৰা।
শ্লোগান: কৰ্ম আৰু যোগৰ সন্তুলনেহে পৰমাত্ম আশীৰ্বাদৰ অধিকাৰী কৰি তোলে।

!! ওঁম্ শান্তি !!

অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:

প্ৰতিগৰাকী ব্ৰাহ্মণ পিতাৰ সমান চৈতন্য চিত্ৰ হোৱা, লাইট্‌ আৰু মাইট্‌ হাউছৰ নিদৰ্শন হোৱা। সংকল্প শক্তিৰ, শান্তিৰ ভাষণ প্ৰস্তুত কৰা আৰু কৰ্মাতীত স্থিতিত বৰদানী মূৰ্তৰ ভূমিকা পালন কৰা, তেতিয়াহে সম্পূৰ্ণতা সমীপত আহিব। তেতিয়া ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰত য’ত কৰ্তব্য পালন কৰাবলগীয়া হ’ব, ত’ত ‘বেতাঁৰ যন্ত্ৰ’ৰ দ্বাৰা নিৰ্দেশনা দিব পাৰিবা। ছেকেণ্ডত কৰ্মাতীত স্থিতিৰ আধাৰত সংকল্প কৰিলা আৰু য’তেই বিচৰা ত’তেই সেই সংকল্প গৈ পাব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]

মুরলি কি?

মুরলি হৈছে ব্ৰহ্মাকুমাৰীসকলৰ দৈনিক আধ্যাত্মিক শিক্ষা, যি প্ৰতিদিনে ৰাতিপুৱা মধুবনৰ পৰা প্ৰকাশিত হয়। ইয়াত আপুনি আজিৰ মুরলি অসমীয়াত পঢ়িব, অডিঅ' শুনিব আৰু PDF ডাউনলোড কৰিব পাৰে। অধ্যয়নত সহায়ৰ বাবে পাঠত হাইলাইট কৰিব পাৰে — আপোনাৰ চিন এই ব্ৰাউজাৰতে সুৰক্ষিত থাকে।

Also searched astodays murli in assamese · today murli in assamese · bk assamese murli · assamese pdf murli · assamese murli today · daily murli assamese · brahma kumaris assamese murli · baba murli assamese today · আজিৰ মুরলি

28টা ভাষাত মুরলি

Daily Murli · Madhuban উৎস: মধুবন মুরলি বিভাগ এইটো এটা স্বতন্ত্ৰ পাঠক এপ, আনুষ্ঠানিক ৱেবছাইট নহয়।